অপেক্ষাৰ অন্ত ! ২২ ফেব্ৰুৱাৰীৰ পৰা যাত্ৰীৰ বাবে মুকলি হ'ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল
৪ হাজাৰ কোটি টকাৰ এই ইণ্টিগ্ৰেটেড টাৰ্মিনেল-২ বিল্ডিংটো বছৰি ১ কোটি ৩১ লাখ যাত্ৰীক চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে ।

By PTI
Published : February 20, 2026 at 2:41 PM IST
গুৱাহাটী : অহা ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ ৪ হাজাৰ কোটি টকাৰ নতুন টাৰ্মিনেল ভৱন । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা কয় ।
উল্লেখ্য যে যোৱা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিছিল ।

"মাত্ৰ কেইটামান বছৰৰ ভিতৰতে এক মুকলি ঠাইৰ পৰা বিশ্বমানৰ গে'টৱেলৈ । এই ৰূপান্তৰে অধিক সংযুক্ত আৰু আত্মবিশ্বাসী অসমৰ বাবে স্পষ্ট দৃষ্টিভংগী প্ৰতিফলিত কৰিছে ।" এক X পোষ্টত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয় ।
"আদৰণীয় নৰেন্দ্ৰ মোদীজীয়ে উদ্বোধন কৰা গুৱাহাটী বিমানবন্দৰৰ দুৱাৰ ২২ ফেব্ৰুৱাৰীৰ পৰা বিশ্বৰ বাবে মুকলি কৰিব ।" তেওঁ কয় ।
মাৰ্চ মাহৰ ভিতৰত নতুন টাৰ্মিনেলৰ পৰা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান সেৱা চলাচল কৰাৰ সম্ভাৱনা আছে । আনহাতে, পুৰণি টাৰ্মিনেলটো কাৰ্গো হাবলৈ ৰূপান্তৰিত কৰা হ’ব বুলি বিমানবন্দৰৰ এজন বিষয়াই জনায় ।

আনহাতে, ৪ হাজাৰ কোটি টকাৰ এই ইণ্টিগ্ৰেটেড টাৰ্মিনেল-২ বিল্ডিংটো বছৰি ১ কোটি ৩১ লাখ যাত্ৰীক চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে বুলিও তেওঁ কয় ।
অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নামেৰে বিমানবন্দৰটোৰ নামকৰণ কৰা হৈছে । লগতে টাৰ্মিনেলৰ বাহিৰত ৮০ ফুট উচ্চতাৰ গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তিও মোদীয়ে উন্মোচন কৰে ।
এই নতুন টাৰ্মিনেলটোৰ আয়তন ১,৪০,০০০ বৰ্গমিটাৰ আৰু ইয়াৰ ডিজাইনে অসমৰ জৈৱ-বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ পৰা প্ৰেৰণা লাভ কৰিছে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে ।
উল্লেখ্য যে ভাৰতৰ প্রথমটো প্রকৃতি-বিষয়ক বিমানবন্দৰ টার্মিনেল হিচাপে নতুন টাৰ্মিনেল ভৱনত “বেম্ব’ অৰ্কিড” বিষয়বস্তুৰ অধীনত অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে । টাৰ্মিনেলটোত উত্তৰ-পূৰ্বাঞ্চলত স্থানীয়ভাৱে উপলব্ধ প্ৰায় ১৪০ মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে । ইয়াৰে কাজিৰঙাৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য, জাপি আকৃতি, মোহনীয়া গঁড়ৰ প্ৰতীক আৰু কপৌ ফুলক প্ৰতিফলিত কৰা ৫৭ বিধ অৰ্কিড-আধাৰিত স্তম্ভ সংস্থাপন কৰা হৈছে । প্ৰায় এক লাখ থলুৱা প্ৰজাতিৰ উদ্ভিদেৰে এক অনন্য “স্কাই ফৰেষ্ট”-এ ইয়াৰ যাত্ৰীসকলক এক গভীৰ, অৰণ্য-সদৃশ অভিজ্ঞতা প্ৰদান কৰিব ।
এই টাৰ্মিনেলটোৱে যাত্ৰীসকলৰ সা-সুবিধা আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মান নিৰ্ধাৰণ কৰিছে । দ্ৰুত, নন-ইন্ট্ৰাছিভ চিকিউৰিটি স্ক্ৰিনিঙৰ বাবে ফুল-ব’ডি স্কেনাৰ, ‘ডিজিযাত্ৰা’-চালিত কন্টেক্টলেছ ট্ৰেভেল, স্বয়ংক্ৰিয় বেগেজ পৰিচালনা, ফাষ্ট-ট্ৰেক ইমিগ্ৰেচন আৰু এআই-চালিত এয়াৰপ’ৰ্ট অপাৰেচনে নিৰৱচ্ছিন্ন, নিৰাপদ আৰু ফলপ্ৰসূ যাত্ৰা নিশ্চিত কৰিব ।

