দৰঙৰ বাবে বৃহৎ ঘোষণা অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ
প্ৰথমবাৰৰ বাবে দৰং জিলাত উপস্থিত হৈ অভিভাৱক মন্ত্ৰী অশোক সিংহলে কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা ।

Published : June 14, 2026 at 6:57 PM IST
মঙলদৈ : অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে শনিবাৰে অশোক সিংহল দৰং জিলাত উপস্থিত হয় । উপস্থিত হৈয়ে জিলাখনৰ উন্নয়নৰ বাবে মন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰে । মন্ত্ৰীগৰাকীৰ মতে, ভূমি পালেই জিলাখনত এক বৃহৎ ঔদ্যোগিক প্ৰকল্প হ'ব ।
মন্ত্ৰীগৰাকীয়ে কয়, "বহু বছৰ পিছত দৰং জিলাই কেবিনেট মন্ত্ৰী পাইছে, দুজনকৈ বিধায়ক পাইছোঁ । ৰাজ্যিক সভাপতিৰ গৃহ জিলা । মই ভাবো চাৰিওফালৰ পৰা দৰং জিলা বিকশিত হ'ব । কেইবাটাও প্ৰকল্পৰ বাবে মাটি বিচাৰি আছোঁ । ৫ হাজাৰ বিঘা মাটি যদি পাও এই ৫ বছৰত ইয়াত এটা ঔদ্যোগিক প্ৰকল্পও হৈ যাব ।"
উল্লেখ্য যে শনিবাৰে জিলাখনত উপস্থিত হৈ অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলৰ সৈতে মতবিনিময় কৰে । বিজেপি কাৰ্যালয়ত মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয় । এখন পিছপৰা জিলাৰ পৰা দৰঙক এখন উন্নত জিলালৈ পৰিণত কৰাৰো সংকল্প লয় অভিভাৱক মন্ত্ৰী অশোক সিংহলে ।
অনুষ্ঠানৰ অন্তত অভিভাৱক মন্ত্ৰী অশোক সিংহলে সাংবাদিকৰ আগত কয়, "অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথম দৰং জিলালৈ আহিলোঁ । ভাল লাগিল বহু চিনাকি মুখ, সকলোৱে মৰম চেনেহ দিছে । অহা সময়ত দৰং জিলাক এক আগশাৰীৰ জিলা, বিকশিত জিলা কৰাৰ মুখ্যমন্ত্ৰীৰ যি সপোন সেয়া প্ৰয়োজনীয় আৰু তাৰ কাৰণে আমি কাম কৰিম ।"
অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকা, বিধায়ক পৰমানন্দ ৰাজবংশী, প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা প্ৰমুখ্যে জিলা বিজেপিৰ বহু নেতা-কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক বহু বোজা একেলগে দিব বিচৰা নাই : দিলীপ শইকীয়া

