ETV Bharat / state

জি এছ টি দলে ঠিকাদাৰৰ বাসগৃহত চলালে অভিযান

ঠিকাদাৰ দিলনী বসুমতাৰীৰ জি এছ টি কৰ ফাঁকি ! ৰাজ্যিক কৰ অধীক্ষক মনোজ কুমাৰ দেউৰীৰ নেতৃত্বত গুৱাহাটীৰ পৰা অহা বাৰজনীয়া দলৰ অভিযান ।

GST department team conducted a raid at the residence of a contractor in Kokrajhar
জি এছ টি বিভাগৰ দলে কোকৰাঝাৰৰ ঠিকাদাৰৰ বাসগৃহত চলালে অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 8, 2026 at 9:53 PM IST

2 Min Read
Choose ETV Bharat

কোকৰাঝাৰ: সাৱধান হওক ঠিকাদাৰসকল । কৰ ফাঁকি দি এতিয়া সাৰি যাব নোৱাৰিব কোনোৱেই । সৰৱ হৈছে অসম চৰকাৰৰ জি এছ টি বিভাগ । কোকৰাঝাৰ চহৰৰ সুদেমপুৰি নিবাসী মিহিৰ বসুমতাৰীৰ পত্নী তথা প্ৰতিষ্ঠিত ঠিকাদাৰ দিলনী বসুমতাৰীৰ বাসগৃহত চলিল জি এছ টি বিভাগৰ অভিযান ।

গুৱাহাটীৰ পৰা অহা অসম চৰকাৰৰ জি এছ টি বিভাগৰ এটা দলে অভিযান চলায় ঠিকাদাৰগৰাকীৰ বাসগৃহত । ঠিকাদাৰ দিলনী বসুমতাৰীয়ে জি এছ টি কৰ ফাঁকি দিয়াৰ অভিযোগেৰে এই অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে ।

জি এছ টি বিভাগৰ দলে কোকৰাঝাৰৰ ঠিকাদাৰৰ বাসগৃহত চলালে অভিযান (ETV Bharat Assam)

উল্লেখ্য যে, কোকৰাঝাৰ সদৰ চহৰৰ সুদেমপুৰিৰ পাঁচ নং উপ-পথৰ বাসিন্দা তথা মিহিৰ বসুমতাৰীৰ পত্নী ঠিকাদাৰ দিলনী বসুমতাৰীৰ বাসগৃহত গুৱাহাটীৰ পৰা অহা ৰাজ্যিক কৰ অধীক্ষক মনোজ কুমাৰ দেউৰীৰ নেতৃত্বত বাৰজনীয়া এটা দলে জি এছ টি কৰ বিসংগতিৰ বাবে অভিযান চলায় ।

GST department team conducted a raid at the residence of a contractor in Kokrajhar
দিলনী বসুমতাৰীৰ বাসগৃহ জি এছ টি বিভাগৰ এটা দল (ETV Bharat Assam)

ৰাজ্যিক কৰ অধীক্ষক মনোজ কুমাৰ দেউৰীয়ে এনেদৰে কয়, ‘‘ঠিকাদাৰ দিলনী বসুমতাৰীৰ জি এছ টি প্ৰফাইলত বিসংগতি পোৱা গৈছে । ই-ৱে বিল, ইনপুট ক্ৰেডিট আৰু সামগ্ৰী সৰবৰাহত বিসংগতি পোৱা গৈছে । দিলনী বসুমতাৰীৰ জি এছ টি একাউণ্টত কিছু বিত্তীয় খেলিমেলি পোৱা গৈছে আৰু তাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ বিচাৰি ঠিকাদাৰ দিলনী বসুমতাৰীক সময়সীমা বান্ধি দি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে আৰু উত্তৰৰ বাবে অপেক্ষা কৰা হৈছে আৰু এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰোতে অলপ সময় লাগিব ।"

GST department team conducted a raid at the residence of a contractor in Kokrajhar
ঠিকাদাৰ দিলনী বসুমতাৰীৰ বাসগৃহ (ETV Bharat Assam)

বুধবাৰে জি এছ টি বিভাগে বঙাইগাঁৱৰ এগৰাকী প্ৰতিষ্ঠিত ঠিকাদাৰ অচিন্ত নাৰ্জাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছত বৃহস্পতিবাৰে কোকৰাঝাৰত ঠিকাদাৰ দিলনী বসুমতাৰীৰ জি এছ টি কৰ ফাঁকিৰ বিৰুদ্ধে অভিযান চলোৱাত ঠিকাদাৰসকলৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: বি এল এসকলক ময়েই নিৰ্দেশ দিছোঁ সন্দেহজনক লোকৰ নাম দেখিলে কমপ্লেইন দিবলৈ: মুখ্যমন্ত্ৰী

মাজুলীবাসীয়ে ক’ব নদীদ্বীপত প্ৰকৃততে কিমান উন্নয়ন হৈছে...