সুৰাপানেই কাল মাতিলে জীৱনলৈ, সৰুপথাৰত নৃশংস হত্যাকাণ্ড
সুৰাই প্ৰাণ ল'লে এজনৰ । বৰপথাৰৰ মিৰিগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড ।

Published : July 3, 2026 at 6:56 PM IST
সৰুপথাৰ: সৰুপথাৰৰ বৰপথাৰত সুৰাপানক কেন্দ্ৰ কৰি এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় । বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মিৰিগাঁৱত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
সুৰাপান কৰিবলৈ যোৱাৰ পিছতে সৃষ্টি হোৱা কাজিয়াই ভয়ংকৰ ৰূপ লয় আৰু এজন লোকক চোকা দাৰে আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ।
জানিব পৰা মতে, নিহত ব্যক্তি হৈছে ৰাজীৱ ভূঞা । অভিযোগ অনুসৰি, ঘৰুৱা সুৰাপান কৰিবলৈ মাতি নিয়াৰ পিছত কোনো বিষয়ক লৈ ৰাজীৱ ভূঞা আৰু ভদ্ৰেশ্বৰ হেমৰমৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । কিছু সময়ৰ ভিতৰতে কাজিয়াই হিংসাত্মক ৰূপ ধাৰণ কৰে আৰু অভিযুক্ত ভদ্ৰেশ্বৰ হেমৰমে চোকা দাৰে ৰাজীৱ ভূঞাক আক্ৰমণ কৰে ।
ঘটনাস্থলীতে ৰাজীৱ ভূঞাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ঘটনাৰ পিছতে অভিযুক্ত ভদ্ৰেশ্বৰ হেমৰমে বৰপথাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে । খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে ।
হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ, ঘটনাত আন কোনো লোক জড়িত আছিল নে নাই আৰু সমগ্ৰ ঘটনাৰ নেপথ্যৰ তথ্য উদ্ধাৰৰ বাবে বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই নৃশংস হত্যাকাণ্ডই মিৰিগাঁও তথা সমগ্ৰ বৰপথাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
মৃত লোকজনৰ পত্নীগৰাকীয়ে কয়,"মোৰ নামটো ববিতা ভূঞা । মৃত্যু হোৱাজন মোৰ স্বামী হয় । সিহঁত দুটাই একেলগে কাম কৰে, লগতে পানী খায় । তাৰপৰা কালি মাতিছে আৰু কলহ খাবলৈ মাতিছে । তাৰপিছত মই ক'লো ক'ত যাবি ? তেতিয়া ইয়ালে আহিম বুলি ক'লে, ভণ্ডাকাইৰ ঘৰলে যাওঁ বুলি ক'লে ।"
পত্নীয়ে কয়,"তাৰপিছত মই ক'লো যা বাৰু সোনকালে আহিবি বুলি ক'লোঁ । তাৰপিছত মই সোনকালে আহিম বুলি ক'লে । তেনেকুৱা কৈ আহিছে আৰু তাৰপাছত আৰু নাই আমাৰ মানুহটো আৰু, কাজিয়া ইহঁতি দুটাই লাগি থাকে মাজে সময়ে । কাটিলে কোনে এটো মই গম নাপাওঁ । ইহঁতে কাজিয়া লাগিছে বোলে । মই ইয়াত নাই, ঘৰত আছিলোঁ । আমাৰ মানুহটোৰ নাম ৰাজীৱ ভূঞা ।"

