ETV Bharat / state

মাজুলীত উন্নয়নে ঢুকি নোপোৱা এটা অঞ্চল, ১০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলং সাজিলে মহিলাই

মাজুলিৰ পুৰণি চাপৰিত উন্নয়নৰ গংগাৰ নমুনা ।

group of women of Majuli built a 100metre-long bamboo bridge in the Purani Chapori
মাজুলীত উন্নয়নে ঢুকি নোপোৱা এটা অঞ্চল, বাঁহৰ দলং সাজিলে মহিলাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2026 at 5:55 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: আজিও মাজুলীত যাতায়ত দুৰূহ ! চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়নৰ ঢাক-ঢোল বজালেও নদী দ্বীপটোৰ কিছু অঞ্চলত যাতায়তৰ ক্ষেত্ৰত ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হৈ আছে । কেৱল সেয়াই নহয়, বাঁহৰ সাঁকোৰেও ছমাহ পাৰ হ'ব নোৱাৰে নদী ।

আজিও যে ৰাজ্যৰ এনে কিছু অঞ্চল আছে যাক উন্নয়নে চুব পৰা নাই তাৰেই ছবি প্ৰকাশ কৰিছে এনে অঞ্চলৰ যাতায়ত ব্য়ৱস্থাই । এনে দৃশ্য দেখিলেই অনুভৱ কৰিব পাৰি এতিয়াও অতিকৈ ভিতৰুৱা অঞ্চলৰ ৰাইজে কেনেদৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ।

মাজুলীত উন্নয়নে ঢুকি নোপোৱা এটা অঞ্চল, বাঁহৰ দলং সাজিলে মহিলাই (ETV Bharat Assam)

এনে এটি অঞ্চল হৈছে মাজুলিৰ পুৰণি চাপৰি । এই অঞ্চলটোত নাই কোনো যাতায়াতৰ সু-ব্যৱস্থা । বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ ল'ৰা-ছোৱালীক অনা-নিয়া কৰে অঞ্চলবাসীয়ে । দীৰ্ঘদিন ধৰি স্থানীয় জনপ্ৰতিনিধিক অনুৰোধ কৰাৰ পিছতো তেওঁলোকৰ পৰা কোনো গুৰুত্ব লাভ নকৰাত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলো ওলাই আহিল ১০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলং নিৰ্মাণৰ কামত ।

এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়, "ক'বলৈ দুখেই লাগে, আজি কিমান বছৰে আমি এখন দলং নিৰ্মাণ কৰিবলৈ জনপ্ৰতিনিধিক অনুৰোধ জনাইছো, কোনো সুফল পোৱা নাই । আমি বহুত কষ্ট কৰি আছে । বিদ্য়ালয়লৈ ল'ৰা-ছোৱালী অনা-নিয়া কৰাত অসুবিধা হয় । বিধায়কৰ ওচৰলৈ গৈ আলোচনা কৰিছিলো যদিও তেওঁ দৰ্খাস্ত দিবলৈহে ক'লে । পিছে আজিলৈকে কোনো কামত নাহিল ।"

group of women of Majuli built a 100metre-long bamboo bridge in the Purani Chapori
মাজুলীত উন্নয়নে ঢুকি নোপোৱা এটা অঞ্চল, বাঁহৰ দলং সাজিলে মহিলাই (ETV Bharat Assam)

আন এগৰাকী স্থানীয় মহিলাই অভিযোগ উত্থাপন কৰি কয় যে পুৰণি চাপৰিবাসী বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা অৱহেলিত হৈ আছে । এই অঞ্চলত যাতায়তৰ সু-ব্যৱস্থা নাই । এখন দলঙৰ বাবে বিভিন্ন সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় পুৰণি চাপৰিবাসী । অঞ্চলটোৰ কাৰোবাৰ বেমাৰ-আজাৰ হ'লেই বিপদৰ সন্মুখীন হ'বলগীয়া হয় ।

স্থানীয় মহিলাগৰাকীয়ে লগতে কয় যে মাজুলীৰ জনপ্ৰতিনিধিগৰাকীক এই সমস্যাৰ কথা অৱগত কৰা হৈছিল যদিও তেওঁ কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই । এই অঞ্চলৰ ৰাইজে চৰকাৰক তেওঁলোকৰ সমস্যাৰ কথা বুজি অতি সোনকালে এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:এখন দলঙৰ বাবে জনতা-জনপ্ৰতিনিধিৰ মাজত বিতৰ্ক

দলং নাই, বাঁহৰ সাঁকোৰে বিপদসংকুল যাত্ৰা ছাত্ৰ-ছাত্ৰীৰ