নগাঁৱৰ পঞ্চমুখী হনুমান মন্দিৰলৈ জাক জাক অতিথিৰ আগমন, ভক্তৰ মাজত আনন্দ
হনুমান ভক্তসকলৰ মাজত আনন্দমুখৰ পৰিৱেশ, নগাঁৱৰ পঞ্চমুখী হনুমান মন্দিৰত জাক জাক বান্দৰ ৷

Published : July 7, 2026 at 3:47 PM IST
নগাঁও: নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত প্ৰায় ৮০ বছৰীয়া পুৰণি পঞ্চমুখী হনুমান মন্দিৰ এতিয়া এক আকৰ্ষণীয় পৰ্যটনস্থলীলৈ পৰিণত হৈছে ৷ এএছটিচিৰ সমীপৰ কলঙৰ পাৰত অৱস্থিত পঞ্চমুখী হনুমান মন্দিৰত এতিয়া ভক্তৰ ভিৰ দেখা গৈছে ৷ এসময়ত য'ত নিস্তব্ধতা আৰু ভক্তই কমকৈ দৰ্শন কৰিছিল মন্দিৰটো, সেই মন্দিৰ প্ৰাংগনত এতিয়া বান্দৰৰ এটা বিশাল জাকৰ আগমনে বৃদ্ধি কৰিছে ভক্তৰ ভিৰ । আনকি উপস্থিত ভক্তসকলৰ দৃষ্টিও আকৰ্ষণ কৰিছে বান্দৰৰ জাকে ।
হনুমান ভক্তসকলৰ মাজত এই বান্দৰৰ আগমনক বহুতে হনুমানৰ আশীৰ্বাদ বুলি গণ্য কৰিছে । পৰম্পৰা অনুসৰি হনুমানক বান্দৰৰ ৰজা বুলি জনা যায় । সেয়ে মন্দিৰত বান্দৰৰ উপস্থিতিয়ে ভক্তসকলৰ মাজত এক বিশ্বাস জগাই তুলিছে যে, হনুমানৰ দূতসকলেই আহি মন্দিৰটোক আৰু অধিক পৱিত্ৰ কৰি তুলিছে । বান্দৰৰ জাকটোৱে মন্দিৰৰ চৌহদত নিৰ্ভয়ে বিচৰণ কৰি থকা দৃশ্যই ভক্তসকলক মোহিত কৰিছে । কোনোবাই প্ৰসাদ আগবঢ়াইছে, কোনোবাই দূৰৰ পৰা হাতযোৰ কৰি প্ৰণাম কৰিছে ।
ভক্তসকলে হনুমান মন্দিৰটোলৈ আগমন ঘটা বান্দৰৰ জাকটোক বিভিন্ন খাদ্য সামগ্ৰী, ফলমূল প্ৰদান কৰিছে । বান্দৰৰ আগমনৰ পাছৰ পৰা মন্দিৰটোত ভক্তৰ ভিৰ যথেষ্ট বৃদ্ধি পাইছে । পুৱাৰ পৰা সন্ধিয়ালৈকে মন্দিৰ প্ৰাংগণত মানুহৰ সমাগম বঢ়িছে ।
হনুমান মন্দিৰলৈ বান্দৰৰ আগমনক লৈ এগৰাকী ভক্তই কয়, “নগাঁৱৰ হনুমান মন্দিৰলৈ জাকে জাকে বান্দৰৰ আগমন ঘটিছে । হয়তো হনুমানৰ ভক্ত হোৱা বাবেই হনুমান মন্দিৰৰ সমীপত বান্দৰবোৰে আশ্ৰয় লৈছে । বান্দৰবোৰক ভক্তসকলে ফলমূল খাবলৈ দিছে । আচলতে হাবিসমূহ সংকুচিত হৈ পৰাৰ ফলতো বান্দৰৰ জাক চহৰলৈ আহিছে । কিন্তু এটা বান্দৰেও কাৰো কোনো ক্ষতি কৰা নাই । বান্দৰক মৰম কৰিলে বান্দৰেও মৰম কৰে ।”
মন্দিৰৰ পূজাৰীয়ে এই সন্দৰ্ভত কয়, “হনুমান মন্দিৰত বান্দৰে আমাৰ সৈতে খেলি থাকে, আমাৰো ভাল লাগে । কাৰো কোনো ক্ষতি নকৰে । আমিও মৰম কৰো । বান্দৰক আমি ফল-মূল দিও, ভক্তই দিয়ে ৷ সেয়ে বান্দৰ জাকটো ইয়াতে থাকে ৷"
কলঙৰ পাৰত অৱস্থিত হনুমান মন্দিৰটোৱে সদায়েই শান্তি আৰু ভক্তিৰ ক্ষেত্ৰ হিচাপে পৰিচিত হৈ আহিছে । এতিয়া বান্দৰৰ জাকৰ উপস্থিতিয়ে মন্দিৰৰ পৰিৱেশটোক আৰু অধিক জীৱন্ত কৰি তুলিছে । উল্লেখযোগ্য যে, প্ৰতি দেওবাৰে নগাঁৱৰ পঞ্চমুখী হনুমান মন্দিৰলৈ আগমন ঘটা ভক্তসকলক হয়বৰগাঁও মহাকাল মহাদেৱ ফাউণ্ডেশ্ব'নে বিনামূলীয়াকৈ দুপৰীয়াৰ অহাৰৰ যোগান ধৰি আন এক অনন্য নিদৰ্শন দাঙি ধৰিছে । ইফালে মন্দিৰ কৰ্তৃপক্ষইও এই অপ্ৰত্যাশিত অতিথিসকলৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে যাতে কোনো ধৰণৰ অসুবিধা নহয় ।
লগতে পঢ়ক: প্ৰকৃতিৰ শীতল কোলাত আপোনাক আদৰিবলৈ সাজু হৈ আছে টেঘেৰীয়া জলপ্ৰপাত

