চাৰি বছৰতে কেনেকৈ মৰু সদৃশ স্থানটুকুৰা সেউজী হ'ল !
ৰাইজ-বন বিভাগৰ প্ৰচেষ্টাত সেউজ হৈ উঠিছে অসম-অৰুণাচলৰ সীমান্তৰ পাণবাৰী এলেকা ৷

Published : June 5, 2026 at 8:03 PM IST
ধেমাজি: ধেমাজি জিলাৰ অসম-অৰুণাচলৰ সীমান্তৰ বিবদমান এটা এলেকা যি মৰুভূমি সদৃশ হৈ পৰিছিল ৷ কিন্তু বিগত চাৰিবছৰ ধৰি ৰাইজ আৰু বন বিভাগৰ প্ৰচেষ্টাত মৰুভূমি সদৃশ ঠাইখিনি এতিয়া সেউজীয়া হৈ উঠিছে ৷ মৰুভূমিৰ দৰে পৰিৱেশৰ পৰা কেনেকৈ সেউজীকৰণ হৈছে হাজাৰ হাজাৰ হেক্টৰ ভূমি ৷ সেই কাহিনী পঢ়িলে আপুনিও অনুপ্ৰেৰণা লাভ কৰিব ৷
কোৱা হয়, ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ সেই কথা সৰোগত কৰি আৰু ভৱিষ্যৎ প্ৰজন্মক অক্সিজেন প্ৰদানৰ স্বাৰ্থতে মৰুভূমি সদৃশ অসম-অৰুণাচলৰ সীমান্তৰ বিবদমান পাণবাৰীত এলেকা সেউজীকৰণৰ বাবে পদক্ষেপ আৰম্ভ কৰিছিল ৰাইজ আৰু বন বিভাগৰ তৰফৰ পৰা ৷ বিগত চাৰি বছৰ ধৰি অহৰহ প্ৰচেষ্টাৰ অন্তত মৰুভূমি সদৃশ পাণবাৰী এতিয়া চৌদিশে সেউজ হৈ উঠিছে ৷
উল্লেখ্য যে, শুকুৰবাৰে সমগ্ৰ বিশ্বৰ লগতে ধেমাজি জিলাৰ অসম-অৰুণাচল সীমন্তৰ বিবদমান এলেকা পাণবাৰীত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ ধেমাজি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ জয়ৰামপুৰ উপখণ্ড বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু গোগামুখ আঞ্চলিক সামাজিক বনানীকৰণ বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰে ৷ উক্ত এলেকাত শ শ গছ পুলি ৰোপণ কৰে ৰাইজে ৷
পাণবাৰী এলেকাত বনানীকৰণৰ আন্দোলন :
অসম-অৰুণাচলৰ বিবদমান এলেকা হৈছে পাণবাৰী ৷ পূৰ্বে ঘন জংঘল আছিল পাণবাৰী এলেকাত ৷ কিন্তু চোৰাং কাঠৰ ব্যৱসায়ীৰ বাবে এটা সময়ত ঘন জংঘলৰ পৰা মৰুভূমি সৃদশ পৰিৱেশৰ সৃষ্টি হৈছিল ৷ ফলত ৰাইজৰ সৃষ্টি হৈছিল বহু সমস্যা ৷ সেয়ে বহু হেক্টৰ শুকান ভূমিত বনানীকৰণ তথা সেউজ কৰাৰ পণ লৈছিল স্থানীয় ৰাইজ আৰু বন বিভাগে ৷ সেই স্বৰূপে বিগত চাৰি বছৰৰ পৰা মৰু যেন পাণবাৰীৰ শ শ হেক্টৰ ভূমিত গছ পুলি ৰোপণ আৰম্ভ কৰে ৷ চাৰি বছৰৰ পাছত বৰ্তমান সেউজ হৈ উঠিছে পাণবাৰী এলেকা ৷ সেউজী হোৱা দেখি আনন্দ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে ৷
এই সন্দৰ্ভত জয়ৰামপুৰ উপ-খণ্ড বন বিষয়া মাধুৰ্য শইকীয়াই কয়,"বিবদমান পাণবাৰী এলেকাৰ বন বিভাগৰ বৃহৎ এলেকা এটা সময়ত আছিল মৰুভূমি সদৃশ পৰিৱেশ, নাছিল এজোপা গছ । কিন্তু বন বিভাগ আৰু স্থানীয় ৰাইজৰ তৎপৰতাত আমি সেউজীকৰণৰ পৰিকল্পনা কৰিছিলো ৷ প্ৰথমে গছ ৰোপণ কৰিলেও হোৱা নাছিল ৷ কিন্তু আমাৰ অহৰহ প্ৰচেষ্টাত আজি পৰিবৰ্তন এটা দেখিছো ৷ আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে এয়া ডাঙৰ পদক্ষে হ'ব ৷ ইয়াত গছ-গছনি হ'লে ভৱিষ্যৎ প্ৰজন্মই জীয়াই থাকিবলৈ অন্তত অক্সিজেনখিনি পাব ৷"
স্থানীয় লোকে কয়, "বিশ্ব পৰিৱেশ দিৱসৰ দিনা এই স্থান বনানীকৰণৰ বাবে আমি ওলাই আহিছো ৷ বিগত চাৰি বছৰে বনবিভাগৰ প্ৰচেষ্টাত মৰুভূমি সদৃশ ভূমিত এতিয়া সেউজ হৈ উঠিছে ৷"
লগতে পঢ়ক:দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ'ল এছিয়াটিক প্ৰজাতিৰ দুটা ভালুক

