ETV Bharat / state

প্ৰকৃতি সংৰক্ষণবিদ ডিডম দৈমাৰীক ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ

প্ৰকৃতি সংৰক্ষণবিদ ডিডম দৈমাৰীক ৰাষ্ট্ৰীয় সন্মান জনোৱা হ'ব । ৰাষ্ট্ৰপতি ভৱনৰ পৰা আহিল আমন্ত্ৰণ ।

Grassroots Conservationist from Assam Invited to President's Independence Day 'At Home' Reception
ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ প্ৰকৃতি সংৰক্ষণবিদ ডিডম দৈমাৰীক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2026 at 10:08 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ: সীমান্তৱৰ্তী এখন গাঁৱৰ অৱক্ষয়িত বনাঞ্চল পুনৰুদ্ধাৰৰ সপোনেৰে আৰম্ভ হোৱা যাত্ৰাই এতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে । ওদালগুৰি জিলাৰ আংৰাজুলি গাঁৱৰ বিশিষ্ট প্ৰকৃতি সংৰক্ষণবিদ ডিডম দৈমাৰীক বন্যপ্ৰাণী সংৰক্ষণ, জনসম্প্ৰদায়ভিত্তিক বন পুনৰুদ্ধাৰ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতিৰ স্বাধীনতা দিৱসৰ ‘এট হোম’ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

ডিডমৰ বাবে প্ৰকৃতি সংৰক্ষণ কেৱল এটা পেছা নহয়, ই তেওঁৰ জীৱনৰ এক লক্ষ্য । ভাৰত-ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্ত সংলগ্ন অসমৰ ভৈৰৱকুণ্ড অঞ্চলৰ অৰণ্যৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত তেওঁৰ জীৱন ।

Grassroots Conservationist from Assam Invited to President's Independence Day 'At Home' Reception
ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ প্ৰকৃতি সংৰক্ষণবিদ ডিডম দৈমাৰীক (ETV Bharat Assam)

২০১৪ চনত 'ধনশিৰি চিকাৰীডাঙা যৌথ বন ব্যৱস্থাপনা সমিতিৰ জৰিয়তে স্থানীয় ৰাইজ, যুৱক-যুৱতী আৰু জনজাতীয় লোকসকলক একত্ৰিত কৰি অৱক্ষয়িত বনাঞ্চল পুনৰুদ্ধাৰৰ অভিযান আৰম্ভ কৰিছিল তেওঁ । সেই সময়ত বিস্তীৰ্ণ এলেকা অনুৰ্বৰ হৈ পৰিছিল । কিন্তু ডিডমৰ নেতৃত্বত স্থানীয় লোকসকলে বন পুনৰুদ্ধাৰৰ এক সফল গণ আন্দোলন গঢ়ি তোলে ।

যোৱা ১২ বছৰত এই জনসম্প্ৰদায়ভিত্তিক প্ৰচেষ্টাৰ ফলত প্ৰায় ৬০০ হেক্টৰ অৱক্ষয়িত ভূমি পুনৰুদ্ধাৰৰ পথত আগবাঢ়িছে । স্থানীয় ৰাইজৰ সহযোগত ১০ লাখতকৈ অধিক থলুৱা গছপুলি ৰোপণ কৰি নতুন বনাঞ্চল সৃষ্টি কৰাৰ লগতে বন্যপ্ৰাণীৰ বাসস্থান পুনৰুজ্জীৱিত কৰা হৈছে আৰু পৰিৱেশগত স্থিতিশীলতাও শক্তিশালী হৈছে ।

ডিডমৰ কৰ্মক্ষেত্ৰ হৈছে ভাৰত-ভূটান-অৰুণাচল প্ৰদেশ-অসম সীমান্তৱৰ্তী পূব হিমালয় অঞ্চল, যি জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ । ইটিভি ভাৰতৰ সৈতে টেলিফোনযোগে হোৱা বাৰ্তালাপত ডিডম দৈমাৰীয়ে কয়,"ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা আমন্ত্ৰণ পত্ৰ লাভ কৰাটো মোৰ জীৱনৰ অন্যতম সৰ্বশ্ৰেষ্ঠ সন্মান । এই সন্মানে মোক গৌৰৱ, কৃতজ্ঞতা আৰু বিনয়ৰে ভৰাই তুলিছে । ই কেৱল মোৰ ব্যক্তিগত যাত্ৰাৰ স্বীকৃতি নহয়, প্ৰকৃতি সংৰক্ষণৰ বাবে মোৰ সম্প্ৰদায়ে একেলগে আগবঢ়োৱা প্ৰচেষ্টাৰো স্বীকৃতি । মোক ভাইব্ৰেন্ত ভিলেজ প্ৰগ্ৰেম-II ৰ বাবেও আমন্ত্ৰণ জনোৱা হৈছিল ।"

তেওঁ কয়,"প্ৰকৃতি সংৰক্ষণ, বন পুনৰুদ্ধাৰ আৰু সমাজসেৱাৰ আমাৰ কাম দেশৰ সৰ্বোচ্চ পৰ্যায়ত মূল্যায়ন হোৱাটো অত্যন্ত উৎসাহজনক । এই সন্মানে মোক আৰু অধিক দায়িত্বশীলভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে ।”

ডিডমে লগতে কয়,"এই সন্মানীয় আমন্ত্ৰণৰ বাবে মই ভাৰতৰ ৰাষ্ট্ৰপতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ । মোৰ এই যাত্ৰাত সহযোগিতা কৰা সকলো সহকৰ্মী, বন্ধু, শুভাকাংক্ষী আৰু মোৰ সম্প্ৰদায়ৰ প্ৰতিজন সদস্যলৈ কৃতজ্ঞতা জনাইছোঁ । এই সন্মান মই তেওঁলোক সকলোকে উৎসৰ্গা কৰিলোঁ ।"

প্ৰকৃতি সংৰক্ষণৰ বাবে সকলোকে আহ্বান জনাই দৈমাৰীয়ে কয়,"প্ৰকৃতি সংৰক্ষণ আমাৰ সকলোৰে যৌথ দায়িত্ব । এই স্মৰণীয় মুহূৰ্তই মোক আগন্তুক দিনত দেশ আৰু সমাজৰ সেৱাত অধিক নিষ্ঠাৰে কাম কৰিবলৈ প্ৰেৰণা যোগাব ।"

বন পুনৰুদ্ধাৰৰ উপৰিও ডিডমে ভৈৰৱকুণ্ড অঞ্চলত বন্যপ্ৰাণী উদ্ধাৰ অভিযান, জৈৱ বৈচিত্ৰ্য নিৰীক্ষণ, চৰাইৰ সমীক্ষা আৰু হাতী-মানুহৰ সংঘাত প্ৰশমনৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে ।

২০২৩ চনৰ পৰা তেওঁ আৰণ্যকৰ Elephant Research and Conservation Division-ৰ ক্ষেত্ৰ সমন্বয়ক হিচাপে কৰ্মৰত । হাতীৰ বাসস্থান সংৰক্ষণ, স্থানীয় সম্প্ৰদায়ৰ সৈতে সমন্বয় আৰু বৈজ্ঞানিক নিৰীক্ষণৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । ইয়াৰ উপৰিও WWF India, ASTEC আৰু FXB India-ৰ দৰে সংস্থাৰ সৈতেও বিভিন্ন পৰিৱেশ আৰু গ্ৰামোন্নয়নমূলক কাৰ্যসূচীত জড়িত হৈ আছে ।

২০১৮ চনৰ পৰা তেওঁ অসম পৰ্যটন আৰু BTC পৰ্যটনৰ অনুমোদিত অনুজ্ঞাপত্ৰপ্ৰাপ্ত ইক'-টুৰিজম গাইড হিচাপে কাম কৰি আহিছে । ইয়াৰ আগতে তেওঁ St. Paul English School-ত কম্পিউটাৰ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ শিক্ষক হিচাপেও কৰ্মৰত আছিল ।

তেওঁৰ এই অনবদ্য অৱদানৰ বাবে আৰণ্যকে ২০২৫ চনত Grassroots Conservation Award (Jury's Special Mention & Appreciation)-ৰে সন্মানিত কৰে ।

ৰাষ্ট্ৰপতি ভৱনৰ এই আমন্ত্ৰণ ডিডম দৈমাৰীৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি । ভৈৰৱকুণ্ডৰ অৰণ্যত এজন সাধাৰণ প্ৰকৃতি সংৰক্ষণ কৰ্মীৰূপে আৰম্ভ হোৱা তেওঁৰ যাত্ৰাই আজি দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ স্বীকৃতি লাভ কৰিছে ।

এই সন্মানে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে স্থানীয় জনসম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু থলুৱা জ্ঞানৰ ওপৰত ভিত্তি কৰি কৰা সংৰক্ষণমূলক প্ৰচেষ্টাই দেশজুৰি বিশেষ স্বীকৃতি লাভ কৰিব পাৰে । ওদালগুৰি, বড়ো সমাজ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই সন্মান নিঃসন্দেহে এক গৌৰৱৰ বিষয় ।

লগতে পঢ়ক: লখিমপুৰত ৰাজ্যৰ ভিতৰতে প্ৰথমটো নাগৰিক সমিতিৰ ভৱন মুকলি

১৯৫০ চনৰ বৰ ভূঁইকঁপে সলনি কৰিছিল নেকি অসমৰ বানৰ স্থিতি ?