ETV Bharat / state

জাগীৰোডৰ আমকটা পাহাৰত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা মহোৎসৱ

জাগীৰোডৰ আমকটা পাহাৰত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ২১ তম ৰথযাত্ৰা মহোৎসৱ । প্ৰতিকুল বতৰৰ মাজতো সহস্ৰাধিক ভক্তৰ ভিৰ ।

Grand Rath Yatra festival of Lord Jagannath on Aamkata hill in Jagiroad
জাগীৰোডৰ আমকটা পাহাৰত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 16, 2026 at 8:37 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: বিগত ২১ বছৰৰ দৰে এইবাৰো জাগীৰোডৰ আমকটা পাহাৰত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা । এই ৰথযাত্ৰাই সমগ্ৰ জিলাখনতে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে ।

২১ বছৰৰ পূৰ্বে জগন্নাথ পুৰী ওড়িশা পৰা মৰিগাঁও শ্ৰীশ্ৰী বৰ্ণ সত্ৰৰ ভবানন্দ গোস্বামী প্ৰভুৱে প্ৰতিমা আনি এই ঠাইত স্থাপন কৰিছিল । লোক বিশ্বাস অনুসৰি এই ঠাইত সেৱা ল'লে সকলো অপায় অমংগল দূৰ হয় ।

জাগীৰোডৰ আমকটা পাহাৰত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা মহোৎসৱ (ETV Bharat Assam)

বিগত বৰ্ষসমূহৰ দৰে প্ৰতিকুল বতৰকো নেওচি বৃহস্পতিবাৰে এক উখল-মাখল পৰিৱেশৰ মাজত জাগীৰোড সমজিলাৰ অন্তৰ্গত আমকটা কুমৈ পাহাৰৰ শিখৰত থকা শ্ৰীশ্ৰী জগন্নাথ ধামত অনুষ্ঠিত হয় ২১ সংখ্যক জগন্নাথ ৰথযাত্ৰা মহোৎসৱ ।

সাগৰপৃষ্ঠৰ পৰা প্ৰায় আঠশ মিটাৰ উচ্চতাত প্ৰকৃতিৰ এক নৈসৰ্গিক পৰিৱেশত স্থাপিত শ্ৰীশ্ৰী জগন্নাথ পুৰি ক্ষেত্ৰত অনুষ্ঠিত এই ৰথযাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে । সু-সজ্জিত ৰথত স্থাপন কৰা জগন্নাথৰ বিগ্ৰহ ভক্তসকলে ধুনুচা মন্দিৰলৈ লৈ যায় । আনহাতে দূৰ দূৰণিৰ পৰা অহা ভক্তসকলে এই মহোৎসৱত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে চৰকাৰে পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ আঁচনি গ্ৰহণ কৰিলে অদূৰ ভৱিষ্যতে গুৱাহাটী মহানগৰীৰ পৰা নিচেই কাষতে থকা এই ধামখন পৰ্যটনৰ এক আকৰ্ষণ থলি হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰিছে ।

লগতে এই ঠাইত উপযুক্ত ৰাস্তা-ঘাট আৰু ভক্তসকলৰ বাবে খোৱাপানী আদিৰ ব্যৱস্থা কৰি দিবলৈ এই ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকাক আহ্বান জনাই স্থানীয় ৰাইজে । ইফালে এই ৰথযাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: অসমত বছৰি সংঘটিত কমেও ৩৫০০ সাপে খোঁটাৰ ঘটনা, অন্ধবিশ্বাসৰ পৰিৱৰ্তে সজাগ হোৱাৰ আহ্বান মন্ত্ৰী সিংহলৰ

গুৱাহাটীত প্ৰসিদ্ধ ডুৰাণ্ড কাপৰ ছয়খন খেল: ১৩৫ সংখ্যক সংস্কৰণৰ ট্ৰফী মুকলি কৰিলে মন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে