ETV Bharat / state

শোণিতপুৰ চৰকাৰী বিদ্যালয়ত পাঠ্যপুথিৰ নাটনি, নপঢ়াকৈ শিক্ষাৰ্থীয়ে দিব লাগিব নেকি পৰীক্ষা !

৮ জুনৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত প্ৰথম পৰ্যায়ৰ পৰীক্ষা, অথচ শোণিতপুৰ জিলাৰ একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এতিয়াও পোৱা নাই কিতাপ ৷

Tezpur AASU
শোণিতপুত চৰকাৰী বিদ্যালয়ত পাঠ্যপুথিৰ নাটনি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 3, 2026 at 8:47 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যত আৰম্ভ হৈছে নতুন শৈক্ষিক বৰ্ষ ৷ কিন্তু শোণিতপুৰ জিলাৰ একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বৰ্তমানলৈকে লাভ কৰা নাই চৰকাৰে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি ৷ ইফালে ৮ জুনৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত প্ৰথম পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হ’ব ৷ যদিও কিতাপৰ অভাৱৰ বাবে বিপদত পৰিছে বহু শিক্ষাৰ্থী । ইয়াকে কেন্দ্ৰ কৰি অভিভাৱক আৰু শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

যাৰ বাবে বুধবাৰে শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত ত্ৰিদিব ৰয়ক সাক্ষাৎ কৰি জিলাখনৰ একাংশ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীয়ে কিতাপ লাভ নকৰা বিষয়টো অৱগত কৰে ৷ লগতে বিষয়টোৰ সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো দাবী কৰে আছু নেতৃত্বই ৷

শোণিতপুত চৰকাৰী বিদ্যালয়ত পাঠ্যপুথিৰ নাটনি (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী আছু নেতাই কয়,"শোণিতপুৰ জিলাৰ বহু বিদ্যালয়ত এতিয়াও পাঠ্যপুথি সম্পূৰ্ণভাৱে যোগান ধৰা হোৱা নাই ৷ তথাপিও বিভাগীয় স্তৰত বিষয়টোক গুৰুত্বসহকাৰে লোৱা হোৱা নাই । কিতাপ বিদ্যালয়লৈ প্ৰেৰণ কৰাৰ জাননী দিয়াৰ পিছতেই দায়িত্ব শেষ কৰিছে তেওঁলোকে ৷ কিতাপ বিতৰণত খেলিমেলি হৈছে ৷"

আছু নেতা গৰাকীয়ে কয়,"ৰাজ্যৰ শিক্ষাখণ্ডত আমোল পৰিৱৰ্তন হৈছে বুলি চিঞৰি আছে চৰকাৰে ৷ কোটি কোটি টকা খৰচ কৰি আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰিছে ৷ কিন্তু শিক্ষাৰ্থীয়ে উপযুক্ত সময়ত কিতাপ পাইছেনে নাই তাৰ খবৰ লবলৈ আহৰি নাই বিভাগীয় বিষয়াসকলে ৷ ৮ জুনৰ পৰা প্ৰথম পৰ্যায়ৰ পৰীক্ষা, আনফালে নতুন শিক্ষানীতিৰে শিক্ষা ব্যৱস্থাটো আমূল পৰিৱৰ্তন কৰিব বুলি কোৱাৰ পাছতো কিয় শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিছে ?"

আন এগৰাকী আছু নেতাই কয়,"আজিৰ শিশু কাইলৈ দেশৰ সু-নাগৰিক বুলি কোৱা চৰকাৰে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ কিয় ল'ৰা-ধেমালি কৰিছে ? শীঘ্ৰে যদি শিক্ষাৰ্থীৰ সমস্যা সমাধান কৰা নহয় তেতিয়া আছুৱে ৰাজপথত নামিবলৈ বাধ্য হ'ব ৷"

লগতে পঢ়ক:পাত নে পোক ! প্ৰকৃতিৰ অনুপম সৃষ্টি চাবলৈ হাফলঙত সমাগম