ঐতিহাসিক সমলৰ দুৰৱস্থা; চৰকাৰী অৱহেলাতে নিঃশেষ হোৱাৰ দিশে ইতিহাসৰ অলিখিত কাহিনী
অৰুণাচল প্ৰদেশৰ পাদদেশৰ ধেমাগড়ত আছে বহু ঐতিহাসিক সম্পদ । মাটি খান্দোতে একাংশ সম্পদ উদ্ধাৰ হয় যদিও এতিয়াও মাটিৰ তলতেই আছে ইতিহাসৰ বহু সমল ।

Published : December 7, 2025 at 4:53 PM IST
লখিমপুৰ: লখিমপুৰত নিস্তব্ধ ইতিহাসৰ সন্ধানত । লখিমপুৰত অনাৱিষ্কৃত হৈ আছে ঐতিহাসিক সমল । বুকুত ইতিহাসৰ অকথিত কাহিনী সামৰি পৰি ৰৈছে পৌৰাণিক যুগৰ সমল । লখিমপুৰ নগৰৰ পৰা নাতিদূৰৈৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৃহত্তৰ ফুলবাৰী অঞ্চল ।
এই অঞ্চলৰ ভিতৰিপাম ২ নং ধেমাগড় এলেকাটো অৰুণাচল প্ৰদেশৰ গাতে লাগি আছে । এখন অখ্যাত ঠাই । কিন্তু সঠিক পদক্ষেপত ঠাইখন বিখ্যাত হৈ উঠিব পাৰে ! কিয়নো এই এলেকাৰ এটা পৰিয়ালৰ চৌহদৰ ভিতৰত উদ্ধাৰ হৈছে ঐতিহাসিক যুগৰ বহু সমল । মাটি খান্দোতে উদ্ধাৰ হৈছে পৌৰাণিক সম্পদসমূহ । কিছু উদ্ধাৰ হ'লেও এতিয়াও বহু সম্পদ উদ্ধাৰ কৰিবলৈ বাকী আছে ।
ক'ত, কেনেকৈ উদ্ধাৰ হৈছিল ঐতিহাসিক সম্পদসমূহ ?
সেয়া ২০১৫ চনৰ কথা । ২ নং ধেমাগড়ৰ নিবাসী দিলীপ উপাধ্যায়ে নিজৰ ঘৰৰ চৌহদৰ ভিতৰত এটা কুঁৱা খান্দিবলৈ লৈছিল । ৩-৪ ফুট দ কৈ এটা গাঁত খান্দি তাত কুঁৱাৰ ৰিং দি তললৈ বহুৱাই নিয়াৰ ব্যৱস্থা কৰা হৈছিল । পিছে ৰিং তললৈ নোযোৱা হ'ল । পুনৰ তেওঁলোকে গাঁতটো খান্দিবলৈ চেষ্টা কৰে যদিও কেতবোৰ প্ৰকাণ্ড আচহুৱা শিলৰ সামগ্ৰী প্ৰত্যক্ষ কৰে ।

শিলত কটা কেইবাখনো মুখ থকা মূৰ্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন আকৃতিৰ ভালেমান প্ৰস্তৰ খণ্ড তেওঁলোকে উদ্ধাৰ কৰে । আন বহুখিনি তেতিয়াও গাঁতটোৰ পৰা উদ্ধাৰ কৰিবলৈ থাকি গ'ল । কথাটো সকলোতে বিয়পি পৰাত পুৰাতত্ত্ব বিভাগৰ লোক আহিল । তেওঁলোকে উদ্ধাৰ হোৱা ঐতিহাসিক সম্পদসমূহ লৈ যোৱাৰ বিপৰীতে সেই স্থানতে ৰখাৰ ব্যৱস্থা কৰে । দিলীপ উপাধ্যায়ৰ পৰিয়ালক সুৰক্ষাৰ দায়িত্ব দিয়ে । সেয়া কিন্তু কোনো বিজ্ঞানসন্মত সুৰক্ষাৰ ব্যৱস্থা নাছিল ।

দিলীপ উপাধ্যায়ৰ পৰিয়ালে এটা মন্দিৰৰ দৰে উদ্ধাৰ হোৱা মূৰ্তি তথা অন্য প্ৰস্তৰ সামগ্ৰীসমূহক পূজা-সেৱা কৰিবলৈ ল'লে । তেতিয়াৰে পৰা পূজাৰ উপলক্ষ হৈ আছে এই সম্পদসমূহ । পুৰাতত্ত্ব বিভাগৰ লোক মাজে সময়ে আহি পৰ্যবেক্ষণ কৰি যায় সম্পদসমূহ ।

কি কি উদ্ধাৰ হৈছিল ?
প্ৰায় ৪ ফুট দৈর্ঘৰ আৰু ২ ফুট বহল ক'লা বৰণৰ এটা শিলাখণ্ড উদ্ধাৰ হৈছিল । য'ত বিভিন্ন নক্সাৰ মাজে মাজে বক্ষৰ পৰা মূৰলৈকে অলংকাৰ খোদিত ৩ গৰাকী নাৰীৰ মূৰ্তি আছে । সম্ভৱতঃ সেয়া কোনো দেৱ-দেৱীৰ কাল্পনিক মূৰ্তি খোদিত কৰা হৈছিল । তাৰোপৰি বিভিন্ন আকৃতিৰ ভালেখিনি শিলাখণ্ডও আছে । উদ্ধাৰ হয় শালগ্ৰামো । কোনো কাৰুকাৰ্য খচিত নোহোৱা অথচ ব্যতিক্রমী বিভিন্ন আকৃতিৰ আন ভালেখিনি শিলাখণ্ডও উদ্ধাৰ হয় । এই সকলোখিনিক এতিয়া এটা অস্থায়ী ঘৰত মুকলিকৈ পূজা কৰি থকা হৈছে ।

কি বাকী থাকিল গাঁতটোত ?
প্ৰায় ৪ ফুট মান দ, ১০ ফুট মান বহল গাঁতটো উন্মুক্ত হৈয়ে আছে । সম্প্ৰতি বনেৰে ঢাক খাই আছে গাঁতটো । পিছে গাঁতটোত বনৰ ওপৰত আধা পোত যোৱা অৱস্থাত ওলাই আছে বিভিন্ন আকৃতিৰ শিলাখণ্ড । গাঁতটোৰ তলত বহু পৌৰাণিক সম্পদ থকাৰ সম্ভাৱনা আছে ।

দিলীপ উপাধ্যায়ৰ পত্নী সীমা উপাধ্যায়ে জনোৱা মতে দুবছৰ মানৰ আগলৈকে গাঁতটোত ওপৰতে ওলাই আছিল বিভিন্ন আকৃতিৰ শিলাখণ্ড । কিন্তু লাহে লাহে এইবোৰ পুনৰ পোত খাবলৈ আৰম্ভ কৰিছে । আগতে গাঁতটোত ৰথ, ঘোঁৰা আদি খোদিত থকা শিলাখণ্ডও ওলাই আছিল যদিও এতিয়া পুনৰ পোত গৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

কি কয় সীমা উপাধ্যায়ে ?
পৰিয়ালটোৰ মুৰব্বী দিলীপ উপাধ্যায়ৰ পত্নী সীমা উপাধ্যায়ে কয়, "২০১৫ চনত আমি সেই ঠাইত এটা কুঁৱা খান্দিবলৈ লৈছিলোঁ । অলপ খন্দাৰ পাছতে খান্দিব নোৱাৰা হয় আৰু এই শিলৰ সামগ্ৰীসমূহ দেখা পাই কিছু উদ্ধাৰ কৰো । পাছত পুৰাতত্ত্ব বিভাগৰ লোক আহি তেওঁলোকে আমাক চোৱাচিতা কৰিবলৈ দায়িত্ব দি যায় । তেতিয়াৰ পৰা মাজে সময়ে পুৰাতত্ত্ব বিভাগৰ লোক আহি এই সম্পদসমূহ চাই যায় । কিন্তু ৰক্ষণাবেক্ষণ দিয়াৰ নামত যোৱা ১০ বছৰে আমাক একো দিয়া নাই । আগতে এবাৰ ৫ হাজাৰ টকা আমাক দিছিল । তাৰপিছত আৰু একো দিয়া নাই । ইফালে আধা খান্দি থোৱা গাঁতটো তেওঁলোকে পুনৰ খন্দা নাই । গাতটোত এতিয়াও এনেকুৱা বহু সামগ্ৰী পোত গৈ আছে । সেইখিনি তেওঁলোকে খান্দিম বুলি কৈহে থাকে । আজিলৈকে খন্দা নাই ।"

উদ্ধাৰ হোৱা সামগ্ৰী সম্পৰ্কে ধাৰণা
ইতিমধ্যে ১০ বছৰৰ পূৰ্বে উদ্ধাৰ হোৱা এই পৌৰাণিক সম্পদসমূহ আপাতদৃষ্টিত আহোম ৰাজত্ব কালৰো পূৰ্বৰ বুলি ধাৰণা কৰিব পাৰি । কিয়নো আহোম ৰাজত্বকালৰ উদ্ধাৰ হোৱা এনে সামগ্ৰীসমূহ সাধাৰণতে কঠিন শিলত কটা পৰিলক্ষিত হয় । কিন্তু ধেমাগড়ৰত উদ্ধাৰ হোৱা সম্পদসমূহ কোমল নাইবা চূণশিল জাতীয় শিলত কটা । হয়তো নৱমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰৰ হ'ব পাৰে এই সামগ্ৰীসমূহ ।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহে সেই এলেকাত এটা বিশাল মন্দিৰ পোত গৈ থকাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে । কিন্তু সেয়া শিৱ মন্দিৰ নে কালী মন্দিৰ সেয়া এতিয়াও স্পষ্ট হোৱা নাই । কিয়নো উদ্ধাৰ হোৱা মূৰ্তিসমূহে তেনে ইংগিত প্ৰকাশ কৰা নাই । আন কোনো দেৱ-দেৱীৰ মূৰ্তিও থাকিব পাৰে ৷
পুৰাতত্ত্ব বিভাগৰ অৱহেলা
আচৰিত কথাটো হ'ল যে ইয়াক অৱহেলাৰ দৃষ্টিৰে কিয় চাইছে পুৰাতত্ত্ব বিভাগে ? অৰুণাচল প্ৰদেশৰ পাহাৰৰ পাদদেশত আৱিস্কৃত এই পৌৰাণিক সম্পদসমূহৰ আজিও সঠিক অধ্যয়ন বা গৱেষণা কৰাৰ কথা শুনিবলৈ পোৱা নাই । তেনেদৰে বাকী থকা সম্পদসমূহো উদ্ধাৰ নকৰি তেনেদৰে গাঁতত পেলাই ৰখা হৈছে । যাৰ বাবে ইতিহাসৰ অনেক নজনা অধ্যায় পোহৰলৈ অহা নাই ।

এইক্ষেত্ৰত পুৰাতত্ত্ব বিভাগৰ খৰতকীয়া একো পদক্ষেপ পৰিলক্ষিত হোৱা নাই । যাৰ বাবে অৰুণাচল প্ৰদেশৰ পাহাৰৰ পাদদেশত বুকুত ইতিহাসৰ অনেক অলিখিত কাহিনী বুকুত সামৰি পৰি ৰৈছে এই পৌৰাণিক সম্পদসমূহ ।
লগতে পঢ়ক :শিক্ষক নহ'লেও হ'ব, ৰব'টে পঢ়ুৱাব শিক্ষাৰ্থীক !
লগতে পঢ়ক :আপদ নহয় সম্পদ: পানীমেটেকাও হ'ব পাৰে অৰ্থনীতিৰ সমল
লগতে পঢ়ক :ফটকা-আতচবাজীতো বাদেই, যান-বাহনৰ হৰ্ণো নবজাই গাঁওবাসীয়ে: পক্ষীৰ সুৰক্ষাৰ বাবে কি কৰা নাই গাঁওখনে...

