ETV Bharat / state

অত্যাধুনিক ৰে'ল ষ্টেচনৰ মানচিত্ৰত অন্তৰ্ভুক্ত অসম; মাজবাটত অমৃত ভাৰত ষ্টেচন উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালৰ অংশগ্ৰহণ

অনুষ্ঠানত উপস্থিত থাকি এক্ট ইষ্ট নীতিৰ অধীনত মাল্টিম’ডাল সংযোগে অসম আৰু উত্তৰ-পূবৰ অপৰিসীম অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰিলে বুলি ৰাজ্যপালে উল্লেখ কৰে ।

Amrit Bharat Station Majbat
মাজবাটত অমৃত ভাৰত ষ্টেচন উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালৰ অংশগ্ৰহণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 17, 2026 at 7:14 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : দেশত ৰে'লৱেৰ আধুনিকীৰণে এক নৱজাগৰণৰ সৃষ্টি কৰিছে । ৰে'ল লাইনৰ সম্প্ৰসাৰণ, সকলো ৰে'লপথত বৈদ্যুতিকীকৰণ, বন্দে ভাৰতৰ দৰে ৰে'ল প্ৰৱৰ্তন, ৰে'ল সেৱাত উন্নয়ন, ৰে'লৱে আন্তঃগাঁথনি উন্নয়ন তথা সম্প্ৰসাৰণ, ষ্টেচনসমূহৰ আধুনিকীৰণৰ পৰা আৰম্ভ কৰি শুকুৰবাৰে হাইড্ৰ'জেন ৰে'লৰ শুভাৰম্ভণিকে ধৰি ভাৰতীয় ৰে'লে এক নতুন যুগত উপনীত হৈছে ।

পৰম্পৰাগত ৰে'ল পৰিচালনা ব্যৱস্থাৰ পৰিৱৰ্তে সম্পূৰ্ণ ডিজিটেল আৰু অত্যাধুনিক ৰে'ল সেৱাৰ দিশত অগ্ৰসৰৰ পথ পৰিক্ৰমাত ভাৰতীয় ৰে'লে শুকুৰবাৰে আন এক মাইলৰ খুঁটিত উপনীত হয় । লগতে সমগ্ৰ ভাৰতৰ অত্যাধুনিক ৰে'ল সেৱাৰ মানচিত্ৰত অসমো অন্তৰ্ভুক্ত হয় ।

Amrit Bharat Station Majbat
মাজবাট অমৃত ভাৰত ষ্টেচন (ETV Bharat Assam)

শুকুৰবাৰে দেশজোৰা এক কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলন্ধৰ ছাউনি ষ্টেচনৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৭৫টা নৱনিৰ্মিত অত্যাধুনিক ৰে'লৱে ষ্টেচনৰ ভাৰ্চুৱেলী উদ্বোধন কৰে ।

এই ৭৫টা ষ্টেচনৰ ভিতৰত আছে অসমৰ ঐতিহাসিক ১১৭ বছৰীয়া মাজবাট ৰে’লৱে ষ্টেচনো । প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী কৰা উদ্বোধনী অনুষ্ঠানৰ উপৰি মাজবাটৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ষ্টেচনটোৰ উদ্বোধনী ফলক উন্মোচন কৰে ।

Amrit Bharat Station Majbat
মাজবাটত অমৃত ভাৰত ষ্টেচন উদ্বোধনী অনুষ্ঠানত ভাষণৰত অৱস্থাত ৰাজ্যপাল (ETV Bharat Assam)

এই সন্দৰ্ভত ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে মাজবাট ষ্টেচনৰ পুনৰ উন্নয়ন কৰি অমৃত ষ্টেচন হিচাপে উদ্বোধন কৰাৰ লগে লগে অঞ্চলটোৰ পৰ্যটন, কৰ্মসংস্থাপন আৰু স্থানীয় বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰত এক যুগান্তৰকাৰী ভূমিকা পালন কৰিব ।

তদুপৰি পুনৰ উন্নয়নৰ ফলত ষ্টেচনটোত আধুনিক যাত্ৰী অনুকূল সুবিধা, বৰ্ধিত পাৰ্কিঙৰ সুবিধা আৰু যাত্ৰীৰ বাবে বিশাল অপেক্ষা স্থান আৰু পানী সংৰক্ষণ, সৌৰশক্তি আৰু সেউজ স্থানৰ ব্যৱস্থা কৰা হৈছে ।

Amrit Bharat Station Majbat
মাজবাটত অমৃত ভাৰত ষ্টেচন উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালক সম্বৰ্ধনা (ETV Bharat Assam)

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপাল আচাৰ্যই এই কাৰ্যসূচীক অসমৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে অভিহিত কৰে । তেওঁ কয় যে মাজবাট ৰে'লৱে ষ্টেচনৰ ৰূপান্তৰে প্ৰধানমন্ত্ৰীৰ আধুনিক, সৰ্বাংগীণ আৰু বহনক্ষম আন্তঃগাঁথনি সৃষ্টিৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে ।

তেওঁ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত মাজবাটক অমৃত ভাৰত ষ্টেচনলৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়নত আগবঢ়োৱা অৱদান আৰু অবিৰত সহায়ৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনায় ।

Amrit Bharat Station Majbat
মাজবাটত অমৃত ভাৰত ষ্টেচন উদ্বোধনী অনুষ্ঠানত উপস্থিত একাংশ (ETV Bharat Assam)

ৰাজ্যপালে কয় যে পুনৰ উন্নীত কৰা ষ্টেচনটোৱে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক আধুনিক যাত্ৰীৰ সুবিধাৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযোগ কৰিছে । ইয়াৰ ফলত ষ্টেচনটো যোগাযোগৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে । লগতে ই ৰাজ্যখনৰ অনন্য পৰিচয়কো প্ৰদৰ্শন কৰিছে ।

আনহাতে, উন্নীতকৃত ষ্টেচনে সমগ্ৰ অঞ্চলটোৰ সংযোগ শক্তিশালী কৰাৰ লগতে পৰ্যটন, বাণিজ্য, কৰ্মসংস্থাপন আৰু আঞ্চলিক উন্নয়নক প্ৰসাৰিত কৰিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে ।

ভাৰতীয় ৰে’লৱেৰ দ্ৰুত পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি ৰাজ্যপাল আচাৰ্যই কয় যে ৰে’লৱেৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব সম্প্ৰসাৰণ, ষ্টেচনসমূহৰ পুনৰ উন্নয়ন, বৈদ্যুতিকীকৰণ, আধুনিক সংকেত ব্যৱস্থা আৰু উন্নত ৰে’লৰ প্ৰৱৰ্তনে ভাৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত যথেষ্ট অৰিহণা যোগাইছে।

তেওঁ উল্লেখ কৰে যে বিগত দশকত অসম আৰু উত্তৰ-পূবৰ বাবে ৰে’ল বাজেট আবণ্টন পাঁচগুণতকৈও অধিক বৃদ্ধি পাইছে, অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ ৫০টা আৰু সমগ্ৰ উত্তৰ-পূবৰ ৬০টা ষ্টেচন পুনৰ উন্নীত কৰা হৈছে ।

ৰাজ্যপালগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ 'এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফাৰ্ষ্ট' দৃষ্টিভংগীৰ অধীনত উন্নত বহুমুখী সংযোগে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম অৰ্থনৈতিক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে, যাৰ ফলত অঞ্চলটোক ভাৰতৰ বিকাশৰ মূল চালিকা শক্তি হিচাপে স্থান দিয়া হৈছে ।

ইফালে নতুনকৈ উন্নীত কৰা ৰাজহুৱা সম্পত্তি সংৰক্ষণৰ বাবে নাগৰিকসকলৰ প্ৰতি আহ্বান জনাই ৰাজ্যপাল আচাৰ্যই ৰাইজক বিশেষকৈ যুৱক-যুৱতীসকলক ষ্টেচনটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুৰক্ষা আৰু ৰক্ষণাবেক্ষণৰ সামূহিক দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

তেওঁ লগতে এই বিষয়তো আস্থা প্ৰকাশ কৰে যে মাজবাট ৰে'লৱে ষ্টেচন নতুন সুযোগ, সমৃদ্ধি আৰু আকাংক্ষাৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰি বিকশিত অসম আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীত অৰ্থপূৰ্ণ অৰিহণা যোগাব ।

উল্লেখ্য যে এই উপলক্ষে মাজবাট ষ্টেচনত আয়োজিত অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী, পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ মন্ত্ৰী চৰণ বড়ো, উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্ৰীবাস্তৱ, ৰঙিয়া সংমণ্ডলৰ বিভাগীয় ৰে'লৱে প্ৰবন্ধক অনন্ত সদাশিৱ, ভাৰতীয় ৰে'লৱেৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক :ৰে’ল পৰিবহণত নতুন দিগন্ত ! দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰীৰ
লগতে পঢ়ক :অসমৰ মাজবাটৰ লগতে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত মোদীয়ে উদ্বোধন কৰিব ৭৫টা ৰে’লৱে ষ্টেচন