ETV Bharat / state

লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ: জয়ন্ত মল্লবৰুৱা

আছু নেতা মাধুৰ্য বৰ্মনৰ চামতাৰ বালিপথাৰস্থিত বাসগৃহত দুই বিধায়ক । ৰাইজক সচেতন হ'বলৈ আহ্বান ।

Jayanta Mallabarua visited the family of deceased madhurjya barman in nalbari
আছু নেতা মাধুৰ্য বৰ্মনৰ চামতাৰ বালিপথাৰস্থিত বাসগৃহত দুই বিধায়ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 4:30 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী: লাভ জেহাদৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰিবলৈ চৰকাৰে কঠোৰতকৈ কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিব । মুখ্য়মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্য়ে তেনেধৰণৰ নিৰ্দেশনাও দিছে বুলি মন্তব্য় কৰিছে বিধায়ক জয়ন্ত মল্লবৰুৱাই ।

মাধুৰ্য বৰ্মনৰ বাসগৃহত বিধায়ক :

দেওবাৰে সন্ধিয়া নলবাৰীৰ গংগাপুৰত ৰ'জ আলী নামৰ এক অভিযুক্তৰ আক্ৰমণত নিহত আছু নেতা মাধুৰ্য বৰ্মনৰ নলবাৰীৰ চামতাৰ বালিপথাৰস্থিত বাসগৃহত মঙলবাৰে উপস্থিত হয় বিধায়ক মল্লবৰুৱা ৷ বিধায়কগৰাকীয়ে প্ৰয়াত আছু নেতাগৰাকীৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য আগবঢ়ায় ।

লাভ জেহাদ প্ৰসংগত বিধায়ক জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ :

বিধায়কগৰাকীয়ে লাভ জেহাদৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি কয়, "লাভ জেহাদৰ দৰে দুৰাৰোগ্য ব্যাধিক সম্পূৰ্ণ নিৰ্মূল কৰিব লাগিব । তাৰ বাবে চৰকাৰখন যিমান কঠোৰ হ'ব লাগে প্ৰস্তুত আছো । মুখ্যমন্ত্ৰীয়ে তেনেধৰণৰ নিৰ্দেশনা আগতেও দিছে । যোৱা বিধানসভা অধিৱেশনত আমি ইউচিচি গৃহীত কৰিছো । আগতেও লাভ জেহাদৰ ওপৰত আইন আছিল ।"

ৰাইজক সচেতন হ'বলৈ আহ্বান :

অসমত ভৱিষ্য়তৰ এইধৰণৰ যি শংকা বা এনে দুৰাৰোগ্য ব্য়াধি কেনেদৰে নিৰ্মূল কৰিব পাৰি তাৰ বাবে প্ৰচেষ্টা কৰি থকা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়, "নলবাৰীৰ দৰে ঠাইত আগতে এনে ঘটনা আমি দেখা পোৱা নাছিলো । সেই বাবে এই ঘটনাক লৈ আমি সকলোৱে চিন্তিত । এই গোটেই ঘটনাৰ তদন্ত কৰি ভৱিষ্যতে যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰে তাৰবাবে আমি সচেতন হ'ব লাগিব ।"

আৰক্ষী প্ৰশাসনক কঠোৰ হ'বলৈ নিৰ্দেশ :

"লাভ জেহাদৰ ঘটনা সমগ্ৰ অসমতে সংঘটিত হোৱা দেখিছো । সেইবাবে চৰকাৰীভাৱে ইউচিচি আইন আদিৰ কথা কোৱা হৈছে । সমাজত এনে ঘটনা বৃদ্ধি হোৱা যেন লাগিছে । এইক্ষেত্ৰত ভাৰতীয় সভ্য়তা-সংস্কৃতিত বিশ্বাস কৰা লোকসকল যথেষ্ট সচেতন হ'ব লাগিব । প্ৰত্যেকগৰাকী যুৱতী, ভগ্নীক নিজৰ ভগ্নীৰ দৰে ভাবি সামাজিকভাৱে সচেতন হ'ব লাগিব ।" এইদৰে মন্তব্য কৰি বিধায়কগৰাকীয়ে পুনৰ কয় যে এইক্ষেত্ৰত যিমান কঠোৰ হ'ব লাগে চৰকাৰে সেই নিৰ্দেশনা আৰক্ষী প্ৰশাসনক দিছে । সেইধৰণে আৰক্ষীয়ে কামো কৰিছে । সামাজিক দায়বদ্ধতাৰ আৰু অধিক প্ৰয়োজন আছে বুলিও তেওঁ কয় ।

আন কোনোবা জড়িত আছে নেকি ?

এই ঘটনাৰে জড়িত আন দিশসমূহো চালিজাৰি চোৱা হ'ব বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়, "পৰহিৰ পৰা এই অঞ্চলটোৰ লোকসকলৰ মন যথেষ্ট বেয়া । আমি সকলোৱে বিচাৰিছো যে ইয়াৰ এটা উচিত ব্য়ৱস্থা হ'ব লাগে । এই ঘটনাৰে জড়িতৰ মৃত্য়ু হ'লেও ইয়াৰ সৈতে আন কি কি কথা আছে সেইবোৰো চাব লাগিব । তেওঁ অকলে আছিল নে তেওঁক গাড়ীৰে কোনে আনিছিল, কোনে সংগ দিছিল সেই কথাবোৰো চাব লাগিব । ইতিমধ্য়ে আৰক্ষী-প্ৰশাসনক আমি তেনে নিৰ্দেশনা দিছো ।" আনহাতে ভুক্তভোগী যুৱতীগৰাকী সন্দৰ্ভত তেওঁ কয় যে আগতকৈ স্বাস্থ্যৰ উন্নতি হৈছে । বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই জয়ন্ত মল্লবৰুৱাক সংগ দিয়ে ।

লগতে পঢ়ক:অপৰাধীয়ে ভয় খাব পৰা ধৰণৰ আইন প্ৰণয়ন কৰিব লাগে: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

আৰক্ষীৰ পাঁচটা বুলেটে প্ৰাণ ল’লে ৰ’জৰ...কিদৰে ঘটিছিল সমগ্ৰ ঘটনা ?

হত্যাকাৰীৰ জানাজাত অংশগ্ৰহণ নকৰে ছয়খন গাঁৱৰ ৰাইজে, মুখ্যমন্ত্ৰীক ধন্যবাদ মুছলমান সমাজৰ