শিক্ষামন্ত্ৰীৰ গৃহ জিলাতে চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন; পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত কণ কণ শিক্ষাৰ্থী
চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে মধ্যাহ্নভোজনত পুষ্টিকৰ খাদ্য যোগানৰ ব্যৱস্থা কৰিছে । কিন্তু ধেমাজিৰ একাংশ বিদ্যালয়ত যোগান ধৰা হোৱা নাই । আন একাংশত নিম্নমানৰ আহাৰ যোগান ।

Published : August 19, 2026 at 7:51 PM IST
জোনাই : ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ জোনাইত চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্নভোজনক লৈ একাংশ প্ৰধান শিক্ষকৰ আজৱ কাণ্ড উন্মোচিত হৈছে । জোনাইৰ মুৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত কেইবাখনো চৰকাৰী বিদ্যালয়ত চৰকাৰী নিৰ্দেশনা আৰু নিয়ম-নীতি উলংঘা কৰি কণ কণ শিক্ষাৰ্থীক মধ্যাহ্নভোজনৰ নামত পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে ।
চৰকাৰে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ পুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি মধ্যাহ্নভোজনৰ জৰিয়তে পুষ্টিকৰ খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰিছে । কিন্তু একাংশ বিদ্যালয়ত কোনো খাদ্যই যোগান ধৰা হোৱা নাই । আনহাতে, আন একাংশ বিদ্যালয়ত খাদ্যৰ নামত নিম্নমানৰ আহাৰ যোগান ধৰা হৈছে ।
বিশেষকৈ চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰতিটো বুধবাৰে শিক্ষাৰ্থীসকলক পুষ্টিকৰ খাদ্য হিচাপে কণী যোগান ধৰাৰ নিয়ম আছে । কিন্তু এই নিয়মকো যেন বুঢ়া আঙুলি দেখুৱাইছে জোনাইৰ একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে । ক’ৰবাত কণী যোগান নধৰাৰ অভিযোগ, আনহাতে ক’ৰবাত কণী দিয়াৰ নামত এটা কণী দুটা ফাল কৰি শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
ইয়াৰে ভিতৰত জোনাইৰ মুৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰতনপুৰ পাদি গাঁও প্ৰাথমিক বিদ্যালয়, ৰাকুট কেমেৰে প্ৰাথমিক বিদ্যালয়, বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়, ২নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়কে ধৰি আন কেইবাখনো বিদ্যালয়ত এনে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।
এই সন্দৰ্ভত এগৰাকী শিক্ষকে কয়, "আমাৰ বিদ্যালয়ত ২৬ জন ল'ৰা-ছোৱালী আছে । আজি ভাত খুৱাইছে, আজি ২২ জন হৈছে । কণীটো ফালি দিছোঁ মানে দামটো প্লাছ কৰিব পৰা নাই । সেই কাৰণে আজিৰ কাৰণে ফালি দিছোঁ । ডিমটো আমি ১০ টকাকৈ লওঁ । চৰকাৰক অনুৰোধ যে ডিমটোৰ দাম বঢ়াই দিব লাগে ।"
উল্লেখ্য যে শিক্ষা বিভাগত আমূল পৰিৱৰ্তন অনাৰ কথা চৰকাৰে বিভিন্ন সময়ত ঘোষণা কৰি আহিছে । কিন্তু শিক্ষামন্ত্ৰীৰ নিজ গৃহ জিলাতে যদি চৰকাৰী বিদ্যালয়ৰ একাংশ প্ৰধান শিক্ষকে চৰকাৰী নিৰ্দেশনাক আওকাণ কৰি শিক্ষাৰ্থীৰ প্ৰাপ্য পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰত এনে অনিয়ম সংঘটিত কৰে, তেন্তে এই ঘটনাই শিক্ষা বিভাগৰ তদাৰকী ব্যৱস্থাক লৈও প্ৰশ্নৰ অৱকাশ আনে ।
এতিয়া প্ৰশ্ন হৈছে, চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি মধ্যাহ্নভোজনৰ নামত কণ কণ শিক্ষাৰ্থীক পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হোৱা এইসকল বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব । সেয়া হ’ব লক্ষণীয় ।

