ETV Bharat / state

মানসিক তৃপ্তি নে আন কিবা ? ফেচবুকত যুৱতীক আপত্তিজনক পোষ্ট দি ৰঙাঘৰ পালেগৈ এজন

সামাজিক মাধ্যমত যুৱতীক অশালীন ভাষাৰে মন্তব্য কৰি বিপদত সৰুপথাৰৰ গোপাল গগৈ ৷

Controversial post in Facebook
ফেচবুকত যুৱতীক আপত্তিজনক পোষ্ট দি ৰঙাঘৰলৈ গ’ল এজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 8:10 AM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ : বৰ্তমান একাংশৰ বাবে কাৰোবাক নিচ বা কাৰোবাৰ চৰিত্ৰহনন কৰাৰ সহজ উপায় হৈ পৰিছে সামাজিক মাধ্যম ! কাৰোবাৰ পোষ্টত আপত্তিজনক মন্তব্য প্ৰদান কৰিয়েই যেন একাংশই লাভ কৰে মানসিক তৃপ্তি ! এনে বহু বাতৰি পূৰ্বতেও বহুবাৰ সম্প্ৰচাৰ হৈছে ৷

শেহতীয়াকৈ লাভ কৰা তথ্য মতে, সামাজিক মাধ্যমত বিতৰ্কিতমূলক পোষ্ট দি ৰঙাঘৰৰ আলহী হ’ব লগা হৈছে সৰুপথাৰৰ এজন লোক ৷ নাম গোপাল গগৈ ৷

Controversial post in Facebook
ফেচবুকত যুৱতীক আপত্তিজনক পোষ্ট দি ৰঙাঘৰলৈ গ’ল এজন (ETV Bharat Assam)

অভিযোগ অনুসৰি, সৰুপথাৰ আৰক্ষীৰ জিম্মাত থকা গোপাল গগৈয়ে সামাজিক মাধ্যমত সৰুপথাৰৰে এগৰাকী যুৱতীক মুকলিকৈ সামাজিক মাধ্যমত অশালীন ভাষাৰে কমেণ্ট কৰিছিল । অশ্লীল কমেণ্টৰ কৰাৰ বাবেই যুৱতীগৰাকীয়ে কাষ চাপে আৰক্ষীৰ ৷ যুৱতীগৰাকীয়ে সৰুপথাৰ আৰক্ষী থানত এজাহাৰ দিয়াৰ পাছতে আৰক্ষীয়ে আটক কৰে অভিযুক্ত গোলাপ গগৈক । বৰ্তমান সৰুপথাৰ আৰক্ষীয়ে গোপাল গগৈক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

Controversial post in Facebook
সামাজিক মাধ্যমত যুৱতীক অশালীন ভাষাৰে মন্তব্য কৰি বিপদত সৰুপথাৰৰ গোপাল গগৈ (ETV Bharat Assam)

আচলতে, ’২৬ ৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পূৰ্বেই সৰুপথাৰৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে ৷ ইটোৰ পিছত সিটো কাণ্ডই সৰুপথাৰৰ ৰাজনীতিত তোলপাৰ লাগাইছে ।

দেওবাৰে অভিযুক্ত গোপাল গগৈয়ে ফেচবুকত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে লিখিছিল এইদৰে, "নিকৃষ্টৰ শুকানৰ আদেশত অন্ধ ভক্তসকলে সৰুপথাৰত ১০০ ৰো অধিক ফেক্ ফেচবুক একাউণ্ট খুলিছে, অপ-প্ৰচাৰ চলাবলৈ । বিশেষকৈ আহোমৰ উপাধি বেছি ব‍্যৱহাৰ কৰিছে । যেনে- ৰক্তিম গগৈ । গতিকে অলপ সাৱধান ॥"

এই পষ্টটোতেই সৰুপথাৰৰ এগৰাকী যুৱতীয়ে কমেণ্ট কৰিছিল । তেতিয়াই গোপাল গগৈয়ে যুৱতীগৰাকীক অশ্লীল ফটোৰ লগতে অশালীন ভাষা ব্যৱহাৰ কৰি মুকলিকৈ কমেণ্ট দিছিল । তাৰ পিছতেই যুৱতীয়ে কাষ চাপে সৰুপথাৰ আৰক্ষীৰ ।

যুৱতীগৰাকীৰ পিতৃয়ে কয়, "মোৰ ছোৱালীয়ে ফেচবুকত কমেণ্ট দিছিল । সামাজিক মাধ্যমত চলি থকা তেনেধৰণৰ কমেণ্টবোৰ ঠিকেই আছিল কিন্তু কালি নিশা যিবোৰ কমেণ্ট দিছিল সেইবোৰ অশ্লীল আৰু অসংবিধানিক ৷ যি কথাই পৰিৱেশ বিনষ্ট কৰিছে । গতিকে মোৰ ছোৱালীয়ে আজি এজাহাৰ দিছে । গোপাল গগৈয়ে যি অশ্লীল ফটো দি কমেণ্ট কৰিছিল তাৰ উচিত তদন্ত বিচাৰি আইনৰ কাষ চাপিছো ।"

লগতে পঢ়ক : উদুলি-মুদুলি অসম ডনবস্কো বিশ্ববিদ্যালয় : আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰ