চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ : ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠনৰ বাবে অধিসূচনা জাৰি
২০১৬ চনত অন্তিম বাৰৰ বাবে গঠন কৰা হৈছিল দৰমহা আয়োগ । ১০ বছৰৰ পাছত ৰাজ্যত পুনৰ গঠন হৈছে দৰমহা আয়োগ ।

Published : February 24, 2026 at 9:29 PM IST
গুৱাহাটী : ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে সুখবৰ । ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠনৰ বাবে জাৰি কৰা হৈছে ৰাজপত্ৰিত জাননী । অৱসৰপ্ৰাপ্ত আই এ এছ সুভাষ চন্দ্ৰ দাসৰ নেতৃত্ব অষ্টম অসম দৰমহা আয়োগ গঠনৰ ৰাজপত্ৰিত জাননী জাৰি কৰিলে ৰাজ্যপালে ।
উল্লেখ্য যে ২০১৬ চনত অন্তিম বাৰৰ বাবে গঠন কৰা হৈছিল দৰমহা আয়োগ । ১০ বছৰৰ পাছত ৰাজ্যত পুনৰ গঠন হৈছে দৰমহা আয়োগ । জাৰি কৰা অধিসূচনা অনুসৰি অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত এই আয়োগ গঠন কৰা হৈছে ।এই আয়োগত সদস্য হিচাপে আছে পাৰ্চনেল বিভাগৰ জ্যেষ্ঠ সচিব, এ আৰ টি পি পি জিৰ জ্যেষ্ঠ সচিব, বিত্ত বিভাগৰ জ্যেষ্ঠ সচিব, ন্যায়িক বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব, বিত্ত (বাজেট) বিশেষ সঞ্চালক নাইবা বিত্ত বিভাগৰ মনোনীত জ্যেষ্ঠ সচিব ।

আনহাতে অষ্টম অসম দৰমহা আয়োগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্তক বিশেষ আমন্ত্ৰিত হিচাপে ৰখা হৈছে । সেইদৰে বিত্ত (পি আৰ ইউ) বিভাগৰ সচিবক আয়োগৰ সদস্য সচিব হিচাপে ৰখা হৈছে । অষ্টম অসম দৰমহা আয়োগে দৰমহা পুনৰীক্ষণক গাঁথনিগত সংস্কাৰ, বিত্তীয় বহনক্ষমতা, ডিজিটেল ৰূপান্তৰ আদি সিদ্ধান্ত ল’ব ।
সেইদৰে অষ্টম অসম দৰমহা আয়োগে অসমৰ দৰমহা গাঁথনিৰ ঐতিহাসিক বিৱৰ্তন, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত প্ৰচলিত সামগ্ৰিক অৰ্থনৈতিক অৱস্থা, উন্নয়ন পৰিকল্পনা আৰু নিয়োগ সম্প্ৰসাৰণৰ প্ৰভাৱ, ৰাজ্যৰ ৰাজহ সম্পদ আৰু মধ্যকালীন বিত্তীয় কাঠামো, অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শ, অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন, বিকল্প ৰূপায়ণ পৰিস্থিতিৰ অধীনত বছৰভিত্তিক বিত্তীয় প্ৰভাৱৰ প্ৰক্ষেপণ নতুন দৰমহাৰ গাঁথনি প্ৰস্তুত কৰিব ।
এই আয়োগৰ মুখ্য কাৰ্যালয় গুৱাহাটীত থাকিব । অষ্টম অসম দৰমহা আয়োগে প্ৰতিবেদন সম্ভৱত যিমান সোনকালে সম্ভৱ অন্যথা ১৮ মাহৰ ভিতৰত দাখিল কৰিব লাগিব ।
লগতে পঢ়ক : ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব নেকি বেতন ? অষ্টম দৰমহা আয়োগৰ বকেয়া সন্দৰ্ভত ডাঙৰ ইংগিত

