চোৰৰ টাৰ্গেট সোণৰ ব্যৱসায়ী ! হাতৰ পৰাই থপিয়াই নিলে সোণৰ গহনাৰ বেগ
এখন জুৱেলাৰীৰ গৰাকীৰ হাতৰ পৰা সোণৰ গহনা থকা এটা বেগ থপিয়াই নিয়ে এখন মটৰচাইকেলত অহা দুটা চিলনী চোৰে ।

Published : February 21, 2026 at 1:27 PM IST
ডিব্ৰুগড়: গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত ডকাইতিকাণ্ডই সচেতন ৰাইজৰ মাজত উদ্বেগ সৃষ্টি কৰা সময়ত এইবাৰ মৰাণহাট আৰক্ষী থানাৰ পৰা প্ৰায় দুশ মিটাৰ দূৰত্বত শুকুৰবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । এখন জুৱেলাৰীৰ গৰাকীৰ হাতৰ পৰা সোণৰ গহনা থকা এটা বেগ থপিয়াই নিয়ে এখন মটৰচাইকেলত অহা দুটা চিলনী চোৰে ।
মৰাণ নগৰৰ কামাখ্যা জুৱেলাৰীৰ গৰাকী শুভাশীষ কৰ্মকাৰে নিশা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি এজন কৰ্মচাৰীৰ সৈতে স্কুটীত ঘৰলৈ গৈ আছিল । তেনে সময়তে মৰাণ ঠাকুৰবাৰী পূজা মণ্ডপৰ সমীপত বিপৰীত দিশৰ পৰা এখন ক'লা ৰঙৰ পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই ব্যৱসায়ীজনৰ হাতৰ পৰা সোণৰ গহনা থকা এটা বেগ কাঢ়ি নিয়ে । বেগটোত ৭.৫ লাখ টকা মূল্যৰ দুটা সোণৰ ছেট আছিল বুলি জানিবলৈ দিছে ব্যৱসায়ীজনে ।
আনহাতে দুৰ্বৃত্তৰ সৈতে টনা-আঁজোৰা কৰোঁতে স্কুটীৰ পৰা পৰি ব্যৱসায়ীজনৰ লগতে কৰ্মচাৰীজনো আঘাতপ্ৰাপ্ত হয় । ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে নিশাই মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ঘটনাৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও ঘটনা সংঘটিত কৰাসকলৰ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
ঘটনাক লৈ কামাখ্যা জুৱেলাৰীৰ গৰাকী শুভাশীষ কৰ্মকাৰে কয়,"দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ ওলাই মোৰ কৰ্মচাৰীক ঘৰত থৈ আহিবলৈ ক'লোঁ । মই স্কুটীৰ পাছফালে বহি ঘৰলৈ আহি আছিলোঁ । দোকানৰ বেগটো মাজত লৈ লৈছিলোঁ । তেনে সময়তে বহুত স্পীডত এখন বাইক আহি বেগটো টানি নিবলৈ চেষ্টা কৰে । তেতিয়া আমি পৰি যাওঁ ।
তেওঁ কয়,"বেগটো মাজত ফাঁটি যায় আৰু বেগটোৰ এটা অংশ লৈ গুচি যায় । লৈ যোৱা বেগটোত বিয়াৰ দুটা চেট আছিল । প্ৰায় চাৰে সাত লাখ টকাৰ গহনা আছিল । এখন মটৰ চাইকেলত ফুল হেলমেট পিন্ধি দুজন ল'ৰা আছিল । আমি পৰি যোৱাৰ পাছত তেওঁলোক পলাই যায় । নম্বৰ প্লেট চাব নোৱাৰিলোঁ ক'লা কাপোৰ লগাই থোৱা আছিল ।"

