সোঁতৰ বিপৰীতে: স্প'ক, পেডেল, টায়াৰ-টিউবৰ মাজত জীৱনৰ সন্ধান গোলাঘাটৰ দুই বান্ধৱীৰ
গোলাঘাট জিলাৰ দুই যুৱতীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । পুৰুষৰ বুলি ভবা পেচাত তেওঁলোকে সাহসী যাত্ৰা আৰম্ভ কৰিছে ।

Published : August 29, 2026 at 2:03 PM IST
|Updated : August 29, 2026 at 2:18 PM IST
গোলাঘাট : সমাজে কিছুমান কামক পুৰুষৰ বাবে আৰু কিছুমান কামক মহিলাৰ বাবে উপযুক্ত বুলিয়ে ভাগ কৰি আহিছিল । কিন্তু সময় সলনি হৈছে । চিন্তাধাৰাবোৰো সলনি হৈছে ।
এতিয়া বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে সমানে মহিলাসকলো আগবাঢ়ি গৈছে । তাৰ অন্যতম উদাহৰণ গোলাঘাটৰ গীতু বিশ্বকৰ্মা আৰু ৰিকিমণি শইকীয়া । চাকৰিৰ পিছত দৌৰি ফুৰাৰ পৰিৱৰ্তে কৰ্মসংস্থাপনৰ নতুন পথ বাছি লৈছে এই দুই যুৱতীয়ে । তেওঁলোকে আন মহিলাত কৈ পৃথক কৰ্ম সংস্থাপনৰ পথ বাছি লোৱাৰ সাহস দেখুৱাইছে ।
হাতত ৰেঞ্চ, স্ক্ৰু-ড্ৰাইভাৰ । সন্মুখত পাংচাৰ হোৱা অথবা মেৰামতিৰ প্ৰয়োজন হোৱা চাইকেল । সচৰাচৰ এই দৃশ্য দেখিলে অধিকাংশ মানুহেই কোনো পুৰুষ মেকানিকৰ কল্পনা কৰিব । কিন্তু গোলাঘাটৰ যোগীবাৰীত এতিয়া এই কাম নিপুণতাৰে কৰি আছে দুই বান্ধৱী গীতু আৰু ৰিকিমণিয়ে ।
#8pm : #TheMechanic Sales and service .#WorkCulture
— Mrinal Saikia (@Mrinal_MLA) August 16, 2026
মোৰ ওচৰলৈ কৰ্মসংস্থাপন বিচাৰি অহা দুই যুৱতী ৰিতিমনি শইকীয়া আৰু গিতু বিশ্বকৰ্মাক চাইকেল মেৰামতিৰ মাহজোৰা প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত যোগিবাৰীত The Mechanic নামেৰে এখন চাইকেল বিক্ৰী আৰু মেৰামতিৰ দোকান খুলি দিছোঁ । আশা কৰিছো এই… pic.twitter.com/yqf2ap5bvc
খুমটাই সমষ্টিৰ যোগীবাৰী গ্ৰাম্য পৰ্যটনক্ষেত্ৰৰ সমীপত গীতু আৰু ৰিকিমণিয়ে আৰম্ভ কৰিছে "দ্য মেকানিক, ছেলছ এণ্ড ছাৰ্ভিচ চেণ্টাৰ" । য'ত নতুন চাইকেল বিক্ৰীৰ লগতে চাইকেল মেৰামতিৰ কাম কৰা হয় । এই কামবোৰ দুয়োগৰাকী বান্ধৱীয়ে নিজ হাতেৰেই কৰে । পথটোৰে পাৰ হৈ যোৱা সকলো লোকৰে এতিয়া এই প্ৰতিষ্ঠানখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ।
কেনেকৈ মনলৈ আহিল মেকানিক হোৱাৰ চিন্তা ?
গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষলৈ পঢ়া দুয়োগৰাকী বান্ধৱীৰ মনত এটা ইচ্ছা আছিল-নিজৰ ভৰি থিয় দিয়া । কেৱল চাকৰিৰ বাবে অপেক্ষা কৰি নাথাকি তেওঁলোকে নিজাকৈ কিবা এটা কৰাৰ সপোন দেখিছিল । কিন্তু হাতত সম্বল নাই । কেনেকৈ আগবাঢ়িব, কি কৰিব ?
সপোনক বাস্তৱ ৰূপ দিবলৈ দুয়ো এদিন খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ কাষ চাপিল । স্বাৱলম্বী হোৱাৰ ইচ্ছা আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সপোনৰ কথা তেওঁলোকে স্থানীয় বিধায়কগৰাকীক অৱগত কৰিলে ।
সচৰাচৰ বছৰৰ বেছিভাগ সময়ে সমষ্টিবাসীৰ মাজতে থকা বিধায়ক মৃণাল শইকীয়াইও দুয়োগৰাকী বান্ধৱীৰ মনৰ ইচ্ছাশক্তি দেখি সহায়ৰ আশ্বাস দিলে । কেৱল আশ্বাস দিয়াই নহয় তেওঁলোকক সংস্থাপনৰ পথ দেখুৱাইও দিলে । লগতে প্ৰশিক্ষণ লৈ কৰ্মমুখী হোৱাৰ বাবে উৎসাহিত কৰিলে । ইয়াৰ পাছতেই এক নতুন যাত্ৰা আৰম্ভ হ'ল ।

বিধায়কৰ পৰামৰ্শ লৈ তেওঁলোকে খুমটাইৰ চিনাতলী গাঁৱত এমাহৰ বাবে চাইকেল নিৰ্মাণ আৰু মেৰামতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । প্ৰথম অৱস্থাত এয়া তেওঁলোকৰ বাবে যথেষ্ট প্ৰত্যাহ্বান আছিল ।
কাৰণ মেকানিকৰ কাম সচৰাচৰ পুৰুষে কৰে । জীৱন কেতিয়াও কল্পনা নকৰা এটা কাম তেওঁলোকে কৰিবলৈ গৈছে । কিন্তু ধৈৰ্য আৰু ইচ্ছাশক্তিৰ বাবে তেওঁলোকে লাহে লাহে চাইকেল মেৰামতিৰ কাম শিকিবলৈ আৰম্ভ কৰিলে । এটাৰ পিছত আনটো নতুন কৌশল শিকি তেওঁলোকে এমহীয়া প্ৰশিক্ষণ সামৰিলে ।
স্থানীয় বিধায়কৰ মহানুভৱতা
প্ৰশিক্ষণ সম্পূৰ্ণ হ'ল কিন্তু এতিয়া তেওঁলোকে কেনেকৈ এটা ব্যৱসায় আৰম্ভ কৰিব ? তেতিয়াই পুনৰ মানৱ দৰদী বিধায়ক মৃণাল শইকীয়া ভগৱানৰ দৰে তেওঁলোকৰ কাষত থিয় দিলে আৰু পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি যোগীবাৰী পৰ্যটনক্ষেত্ৰৰ সমীপত "দ্য মেকানিক, ছেলছ এণ্ড ছাৰ্ভিচ চেণ্টাৰ" স্থাপন কৰি দিলে ।
বিধায়কগৰাকীৰ নিজৰ প্ৰচেষ্টাত আৰম্ভ কৰা এই প্ৰতিষ্ঠানটো অৱশেষত যোৱা ১৫ আগষ্টত শুভাৰম্ভ কৰা হয় । বিধায়কগৰাকীয়ে নিজ হাতেৰে ফিটা কাটি এই প্ৰতিষ্ঠানটোৰ শুভাৰম্ভ কৰে । লগে লগে মেকানিক হিচাপে দুই বান্ধৱীয়ে নতুন জীৱন আৰম্ভ কৰিলে । বিধায়কগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তেও এই কথা শ্বেয়াৰ কৰিছে ।

এই সন্দৰ্ভত গীতু বিশ্বকৰ্মাই কয়, "আমি এমাহ প্ৰশিক্ষণ লৈ ১৫ আগষ্টৰ পৰা এই কৰ্মৰ লগত জড়িত হৈ আছোঁ । ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ । এই কামৰ বাবে বিধায়ক মৃণাল শইকীয়াই উৎসাহিত কৰিছিল আৰু আমাৰো ভাল লাগিছিল এই কামৰ কথা শুনি । চিনাতলীত এমাহ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ । গোলাঘাট জিলাত চাইকেল মেকানিক হিচাপে আমি প্ৰথম । কৰ্মত সৰু ডাঙৰ নাই আৰু আমি এই কাম কৰি গৰ্বিত অনুভৱ কৰিছোঁ । পৰিয়ালৰ লোকৰ পৰাও যথেষ্ট সঁহাৰি লাভ কৰিছোঁ ।"
সমাজৰ ধাৰণা সলনি কৰিলে দুই বান্ধৱীয়ে
বৰ্তমান এই কেন্দ্ৰত নতুন চাইকেল বিক্ৰীৰ লগতে পুৰণি চাইকেল মেৰামতিৰ কামো কৰা হৈছে । দুগৰাকী যুৱতীয়ে নিজ হাতেৰে চাইকেল মেৰামতি কৰি গ্ৰাহকক সেৱা আগবঢ়াইছে ।
চাইকেল মেকানিক হিচাপে দুগৰাকী যুৱতীৰ এই ব্যতিক্ৰমী পদক্ষেপ কেৱল তেওঁলোকৰ বাবেই নহয়, সমাজলৈও এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে । পুৰুষৰ প্ৰাধান্য থকা বুলি ভবা এই ক্ষেত্ৰখনত দুগৰাকী যুৱতীয়ে সাহসেৰে আগবাঢ়ি আহি নিজৰ কৰ্মসংস্থাপনৰ পথ মুকলি কৰিছে । ভৱিষ্যতে চাইকেল মেৰামতি আৰু বিক্ৰীৰ এই ব্যৱসায়ৰ জৰিয়তে অধিক স্বাৱলম্বী হোৱাৰো আশা তেওঁলোকৰ ।
এখন চাইকেলৰ চকা ঘূৰিবলৈ যেনেদৰে দুয়োফালৰ পৰা বল লাগে, জীৱনৰ পথত আগবাঢ়িবলৈও সাহস আৰু আত্মবিশ্বাস লাগে । গীতু আৰু ৰিকিমণিয়ে যেন সেই কথাই প্ৰমাণ কৰিছে ।
সমাজৰ গতানুগতিক ধাৰণাক নেওচি তেওঁলোকে এই পেচা বাছি লৈছে । তেওঁলোকৰ এই প্ৰচেষ্টাক গাঁওবাসীয়েও প্ৰশংসা কৰাৰ লগতে আন যুৱতীসকলৰ বাবেও ই এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিব বুলি মত প্ৰকাশ কৰিছে ।

গোলাঘাটৰ প্ৰথম মহিলা মেকানিক !
তেওঁলোকক প্ৰশংসা কৰি স্থানীয় নাগৰিক বিনীত কোঁৱৰে কয়, "যোগীবাৰী গাঁৱৰ বাবে গৌৰৱৰ বিষয় যে বিধায়ক মৃণাল শইকীয়াৰ তত্বাৱধানত এই দুগৰাকী যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে । যুৱতী দুগৰাকী চাকৰিমুখী নহৈ কৰ্মমুখী হৈ চাইকেল মেকানিক হিচাপে স্বাৱলম্বী হ'ব বিচাৰিছে । গোলাঘাট জিলাত এয়া প্ৰথম মহিলা চাইকেল মেকানিক দেখা পাইছোঁ ।"
আনহাতে তেওঁলোকৰ প্ৰচেষ্টা কেৱল উপাৰ্জনৰ পথ বিচৰাই নহয় । তেওঁলোকে সমাজলৈ এই বাৰ্তাও প্ৰেৰণ কৰিছে যে কৰ্মৰ ক্ষেত্ৰত কোনো লিংগ নাথাকে বা কোনো কাম সৰু নহয় ।

তেওঁলোকক প্ৰশংসা কৰি আন এজন লোক বিমল কোঁৱৰে কয়, "আমাৰ এই গ্ৰামাঞ্চলত দুজনী ছোৱালীয়ে এখন চাইকেল মেৰামতিৰ দোকান দিছে ভালে হৈছে । আজিকালি ছোৱালীবোৰে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই থাকে । ঘৰত মোবাইলত সময় নষ্ট কৰে । কিন্তু তাৰ বিপৰীতে এই দুজনী ছোৱালীয়ে চাইকেল মেৰামতিৰ দোকান খুলি আত্মনিৰ্ভৰশীল হ'বলৈ যত্ন কৰা দেখি ভাল লাগিছে । গোলাঘাটত মহিলা চাইকেল মেকানিক মই দেখা নাই কিন্তু যোগীবাৰীত প্ৰথম দেখা পাইছোঁ । ইয়ালৈ ৫ খন গাঁৱৰ ৰাইজে চাইকেল মেৰামতি কৰিবলৈ আহে, কাৰণ গোলাঘাট নগৰত চাইকেল মেৰামতি কৰিবলৈ নিবলৈ বহু কষ্ট হয় ।"
আন এজন স্থানীয় নাগৰিক মোবাৰক আলীয়ে কয়, "এনেদৰে যুৱতীয়ে চাইকেল মেৰামতি কৰা পূৰ্বে কেতিয়াও দেখা নাই । কিন্তু ইয়াত এই দুগৰাকী যুৱতীক চাইকেল মেৰামতি কৰা দেখি ভাল লাগিছে । কাৰণ বহু যুৱক-যুৱতীয়ে কামৰ বাবে বহিঃৰাজ্যলৈ যায় । তাৰ বিপৰীতে এই দুগৰাকী যুৱতীয়ে নিজৰ ঠাইত থাকি কৰ্ম সংস্কৃতি গঢ়ি তোলা দেখি ভাল লাগিছে ।"
গীতু আৰু ৰিকিমণিৰ কামক সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও প্ৰশংসা কৰিছে । সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিপন গগৈয়ে কয়, "অসমত মহিলাই চাইকেল মেৰামতি কৰা দৃশ্য অতি দুৰ্লভ । খুমটাই সমষ্টিৰ দুগৰাকী যুৱতীয়ে চাইকেল মেৰামতি কৰি সংস্থাপনৰ বাট মুকলি কৰিছে । এয়া প্ৰশংসনীয় পদক্ষেপ । অসমৰ প্ৰতিগৰাকী নিবনুৱা যুৱক-যুৱতী চৰকাৰী চাকৰিলৈ বাট নাচাই এনেধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্ম সংস্থাপনৰ বাট মোকলাব লাগে ।"

উল্লেখ্য যে গোলাঘাট জিলাত প্ৰথমবাৰৰ বাবে মহিলা চাইকেল মেকানিক হিচাপে নিজৰ পৰিচয় দাঙি ধৰা যুৱতী দুগৰাকীৰ এনে কাৰ্যক সকলোৱে প্ৰশংসা কৰাই নহয় পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাকো সকলোৱে প্ৰশংসা কৰিছে ।
কাৰণ তেওঁৰ প্ৰচেষ্টাত সমষ্টিটোত শেহতীয়া দিনত চাইকেলৰ প্ৰচলন বৃদ্ধি হৈছে । বিধায়কগৰাকীয়ে নিজেই দৈনিক চাইকেল লৈ ওলাই যায় আৰু সমষ্টিৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয় । তেওঁ সময়ে সময়ে প্ৰদূষণমুক্ত যাতায়াতৰ মাধ্যম হিচাপে চাইকেল ব্যৱহাৰৰ বাৰ্তা দি আহিছে ।
এনে পৰিস্থিতিত গীতু আৰু ৰিকিমণিয়ে চাইকেলক কেৱল যাতায়াতৰ মাধ্যম হিচাপে নলৈ জীৱনৰ নতুন সম্ভাৱনা হিচাপে বাছি লৈছে । আজিৰ তাৰিখত চাকৰি নাপাই হতাশ হোৱা বহু যুৱক-যুৱতীৰ বাবেও তেওঁলোকৰ এই কাহিনী অনুপ্ৰেৰণাৰ উৎস ।
স্বাৱলম্বী হ'বলৈ সদায় বৃহৎ পুঁজি বা বৃহৎ ব্যৱসায়ৰ প্ৰয়োজন নহয় কেতিয়াবা এটা সঠিক সিদ্ধান্ত, শিকাৰ আগ্ৰহ আৰু নিজৰ ওপৰত বিশ্বাসৰো প্ৰয়োজন । গোলাঘাটৰ এই দুগৰাকী বান্ধৱীৰ হাতত এতিয়া কেৱল চাইকেল মেৰামতিৰ সঁজুলি নাই, আছে সপোনৰ বাস্তৱ কৰাৰ সাহস ।
লগতে পঢ়ক :
পথ-দলং নথকা পাণবাৰীলৈ দিছপুৰৰ পৰা ৰিং এটাৰ বাট: জীৱনটো হাতৰ মুঠিত লৈ যাত্ৰা কণ কণ শিক্ষাৰ্থীৰ

