ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ ৰূপত সাংবাদিক আৰু জাতীয় সংগঠনৰ নেতা !
গোলাঘাটত নিশা ৰাষ্ট্ৰীয় ঘাইপথত বাহন আগভেটি ডকাইতি চেষ্টা চলাই ৰঙাঘৰৰ আলহী হ’ল সাংবাদিকসহ জাতীয় সংগঠনৰ নেতা ।

Published : November 22, 2025 at 10:49 AM IST
গোলাঘাট : পইচাৰ লালসা ! বাদ পৰি ৰোৱা নাই কোনো ৷ বিভিন্ন সময়ত পইচাৰ লালসাত পৰি অনৈতিক কাৰ্য সম্পাদন কৰিবলৈ গৈ ইতিমধ্যে বহু লোক আৰক্ষীৰ বেহুত পৰা দেখা গৈছে ৷ কিন্তু এইবোৰলৈ যে এতিয়াও একাংশ লোকে ভ্ৰূক্ষেপে নকৰে ৷ ইতিমধ্যে পূৰ্বেও আমি এনেধৰণৰ বহু বাতৰি সম্পাদন কৰিছো ৷
শেহতীয়াকৈ খবৰ পোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ডকাইতৰ ৰূপত সাংবাদিক আৰু জাতীয় সংগঠনৰ নেতাক দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে ধনদাবী আৰু ডকাইতিৰ অভিযোগত আটক হৈছে সাংবাদিকসহ জাতীয় সংগঠনৰ নেতা ।
ঘটনাৰ বিৱৰণি মতে, গোলাঘাটৰ ৰঙাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি মংগলদৈৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এখন গাহৰি ভৰ্তি ট্ৰাকৰ চালকক ভয় ভাবুকিৰে ধনদাবী কৰি লুটপাতৰ চেষ্টা চলাওঁতে গোলাঘাট আৰক্ষীয়ে হাতে লুটে ধৰিবলৈ সক্ষম হয় এটা ব্যক্তিগত পৰ্টেলৰ সাংবাদিকসহ জাতীয় সংগঠনৰ তিনিজন লোকক । ধৃত কেইজনৰ নাম ক্ৰমে বিতু মুণ্ডা, ডেনিছ বৰা, প্ৰাঞ্জল বৰা আৰু গৌতম ঠেঙাল ।
ধৃত দুই এজনৰ বিৰুদ্ধে দীৰ্ঘদীৰ্ঘ ধৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন মালবাহী বাহনৰ পৰা ধনদাবী কৰি লুটপাত চলাই অহাৰো অভিযোগ উত্থাপন হৈ আহিছিল ৷ কিছুদিনৰ পূৰ্বে ৰঙাজানৰ এটা বাসগৃহত হোৱা ডকাইতিকাণ্ড সংঘটিত হোৱা ঘটনাত ধৃত যুৱককেইজন জড়িত থকাৰো ক্লু পাইছে আৰক্ষীয়ে ।
ইফালে এই ধৃত চাৰি যুৱকক আটক কৰি গোলাঘাট আৰক্ষীয়ে জেৰা চলাই আছে । এই সম্পৰ্কে এজন তদন্তকাৰী আৰক্ষী বিষয়াই কয়, ‘‘ৰঙাজান তিনিআলিত এখন গাহৰি ভৰ্তি গাড়ী ৰখাই ডকাইতি কৰিবলৈ চেষ্টা কৰি আছিল ৷ আমি এই কথা গম পাই সেই ঠাইলৈ গৈ হাতে লুটে ধৰি আটাইকে থানালৈ লৈ আহিলো । এওঁলোক সংগঠন আৰু পৰ্টেলৰ সাংবাদিক হয় ।’’
আনহাতে এই সম্পৰ্কে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰঙাজান আঞ্চলিকৰ বিষয়ববীয়া ডেনিছ বৰাই কয়, ‘‘গোলাঘাট জিলাত গাহৰি বিক্ৰী বন্ধ আছে বাবেই আমি গাহৰিৰ গাড়ী লগাইছিলো আৰু তাৰ পাছত আৰক্ষীয়ে আমাক আটক কৰিছে ।’’ আনহাতে আন এজন ধৃত যুৱকে কয়, ‘‘মই কোনো সংগঠনৰ নহয়, মই তেওঁলোকৰ লগতহে আহিছিলো ।’’
ইফালে এই সম্পৰ্কে এজন ধৃত সাংবাদিক বিতু মুণ্ডাই কয়, ‘‘মোক সংগঠনৰ ল’ৰাই গাহৰি ভৰ্তি গাড়ী আছে বুলি মাতিছিল ৷ মই গৈ মোবাইল উলিয়াবলৈ লওঁতেই আৰক্ষীয়ে ধৰিলে ।’’
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ডেনিছ বৰাৰ নেতৃত্বত এই দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথত চীনৰ পৰা গোপনে সৰবৰাহ কৰা নহৰু ভৰ্তি গাড়ী ৰখাই ধনৰ লেনদেনৰ কৰি মুকলি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ।

