গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলক 'উদীয়মান অসমৰ বিশাল প্ৰতীক' আখ্যা মুখ্যমন্ত্ৰীৰ
গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ কাম-কাজ আৰম্ভ । মুখ্যমন্ত্ৰীয়ে আদৰণি জনালে প্ৰথমগৰাকী যাত্ৰীক ।

By ANI
Published : February 23, 2026 at 8:39 AM IST
গুৱাহাটী : গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত প্ৰথমগৰাকী যাত্ৰীক আদৰণি জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন টাৰ্মিনেলৰ উচ্চ প্ৰশংসা কৰে । তেওঁৰ মতে এই টাৰ্মিনেল নতুন আৰু উদীয়মান অসমৰ বিশাল প্ৰতীক ।
এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, "গুৱাহাটীৰ নতুন বিমানবন্দৰৰ টাৰ্মিনেলটোৱে প্ৰথম যাত্ৰীক আদৰণি জনোৱাৰ লগে লগে ই এক নতুন আৰু উদীয়মান অসমৰ বিশাল প্ৰতীক হিচাপে পৰিগণিত হৈছে, যাক বিকশিত ভাৰতে আগবঢ়োৱা অসংখ্য সুযোগক আঁকোৱালি ল'বলৈ নিৰ্মাণ কৰা হৈছে ।"
Calling our youth to be a part of the Orange Economy- Let your creative ideas do the talking and reach out to the world.
— Himanta Biswa Sarma (@himantabiswa) February 22, 2026
I am doing Live sessions to showcase Assam's fast growth, taking full advantage of digital tools.
📸Showcased the Guwahati Airport, where ops start today. pic.twitter.com/SBfL0ucBlC
মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলত কাম-কাজৰ আনুষ্ঠানিক উদ্বোধন কৰে । উদ্বোধন ভিডিঅ' এটাও শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁৰ সৈতে আদানি বিমানবন্দৰৰ সঞ্চালক জীৎ আদানিও উপস্থিত থাকে । তাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰথমগৰাকী যাত্ৰীক উষ্ম আদৰণি জনায় ।
উদ্বোধনী অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "এই বিমানবন্দৰটো ২০২৫ চনৰ ২০ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিছিল ৷ ঠিক ২ মাহৰ পাছত এই ভৱনটো কার্যক্ষম হৈ উঠিছে ৷ এই সাফল্যৰ বাবে আদানি বিমান সংস্থাৰ লগতে অসমৰ জনসাধাৰণকো অভিনন্দন জনাইছো ৷"
असम में आपका स्वागत है।
— Himanta Biswa Sarma (@himantabiswa) February 22, 2026
As Guwahati’s new airport terminal welcomes its first passengers, it stands as a giant symbol of a new and emerging Assam, being built to embrace the multitude of opportunities that Viksit Bharat will offer 🇮🇳 pic.twitter.com/ykbwqlQovO
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, "মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু আমি গৌতম আদানিক ধন্যবাদ জনাইছো যে তেওঁ এডভাণ্টেজ আছাম ২.০ৰ সময়ত ৫০,০০০ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে । মই বিশ্বাস কৰো যে এই নতুন টাৰ্মিনেলটো কাৰ্যকৰী হোৱাৰ লগে লগে অসমৰ পৰ্যটনে এক উত্থানৰ দিশে আগবাঢ়িব । ই অসমৰ বাবে এক গেম-চেঞ্জাৰ হ'ব । এই নতুন বিমানবন্দৰ টাৰ্মিনেল নিৰ্মাণৰ সময়ত অসমৰ সংস্কৃতিক সন্মান জনোৱা হৈছে আৰু অসমীয়া হিচাপে আমি ইয়াৰ বাবে গৌৰৱান্বিত ।"
ইফালে জীৎ আদানিয়ে কয় যে বিমানবন্দৰৰ এই সম্প্ৰসাৰণে অঞ্চলটোৰ উন্নয়নশীল চাহিদা আৰু দীৰ্ঘম্যাদী বৃদ্ধিৰ ট্ৰেজেক্টৰীক প্ৰতিফলিত কৰিছে । তেওঁ কয়, "আজি ব্যৱসায়িক দিশত মাইলৰ খুঁটিতকৈও অধিক । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত । এই দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰা অগণন হাত আৰু হৃদয়লৈ কৃতিত্ব থাকিল । ই প্ৰধানমন্ত্ৰীৰ ভৱিষ্যতৰ বাবে সাজু আন্তঃগাঁথনিৰ দৃষ্টিভংগীৰ সৈতে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক উত্তৰ-পূবৰ অৰ্থনৈতিক ইঞ্জিন হিচাপে স্থান দিয়াৰ লক্ষ্য সৈতে সামঞ্জস্য ৰাখে ।"

উল্লেখ্য যে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটোৱে দেওবাৰে সন্ধিয়া বাণিজ্যিক কাম আৰম্ভ কৰি বাৰ্ষিক যাত্ৰীৰ ক্ষমতা ১ কোটি ৩১ লাখলৈ বৃদ্ধি কৰাৰ লগতে ভাৰতৰ কৌশলগত উত্তৰ-পূব অঞ্চলৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়ালৈ গুৱাহাটীৰ প্ৰধান বিমান দ্বাৰ হিচাপে গুৱাহাটীৰ স্থান দৃঢ় কৰি তুলিছে ।
লগতে পঢ়ক :অপেক্ষাৰ অন্ত ! ২২ ফেব্ৰুৱাৰীৰ পৰা যাত্ৰীৰ বাবে মুকলি হ'ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল

