ETV Bharat / state

যোৰহাটত গীতৰত্ন নগেন বৰা স্মৃতি দিৱস অনুষ্ঠিত

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, গীতিকাৰ নগেন বৰাৰ স্মৃতি দিৱস উদযাপন । 'নগেন বৰাৰ নিৰ্বাচিত গীত' গ্ৰন্থ উন্মোচন ।

'Geetaratna Nagen Bora Memorial Day' is held in Jorhat
যোৰহাটত অনুষ্ঠিত হয় 'গীতৰত্ন নগেন বৰা স্মৃতি দিৱস' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2026 at 11:10 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: অসম সাহিত্য সভাৰ উদ্যোগত আৰু যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত কৰা হয় 'গীতৰত্ন নগেন বৰা স্মৃতি দিৱস' । জিলাখনৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত এই দিৱসত অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে সভাপতিত্বত কৰে ৷ এই কাৰ্যসূচীত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ভূপেন হাজৰিকা আন্তঃজাৰ্তিক ফাউণ্ডেশ্যনৰ সচিব ৰঞ্জন কুমাৰ দত্ত ।

মুখ্য বক্তাৰ ভাষণত ৰঞ্জন কুমাৰ দত্তই কয়, "গীতি সাহিত্য সাহিত্যৰ এক বিশেষ অংগ । কিন্তু সকলো গীত সাহিত্যৰ পৰ্যায়লৈ উন্নীত হোৱাটো সম্ভৱ নহয় । এই ক্ষেত্ৰত বিশেষ দায়িত্ব আছে গীতিকাৰগৰাকীৰ । কিন্তু গীতৰত্ন নগেন বৰাই নিজৰ গীত সমূহক সাহিত্যৰ পৰ্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত সফল হৈছিল । নগেন বৰাৰ গীতসমূহ আছিল সুৰীয়া শব্দৰ সমদল । গীতৰত্ন নগেন বৰাই সদায় সৃষ্টিশীল কামত প্ৰাধান্য দিছিল ।"

যোৰহাটত অনুষ্ঠিত হয় 'গীতৰত্ন নগেন বৰা স্মৃতি দিৱস' (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "নগেন বৰাই সদায় পৰিস্থিতিক লৈ গীত ৰচনা কৰিছিল আৰু তেওঁৰ গীতসমূহ আকাশবাণীৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিছে । আকাশবাণীৰ শ্ৰোতাসকলৰ বাবে এক পৰিচিত নাম গীতৰত্ন নগেন বৰা । তিনি সহস্ৰাধিক গীত ৰচনা কৰি গীতৰত্ন নগেন বৰাই আমাক এক গীতৰ বিশাল সাম্ৰাজ্য দি থৈ গৈছে । যি সমূহ গীতৰ কথাসমূহ সংৰক্ষণৰ অতি প্ৰয়োজন আছে ।"

অনুষ্ঠানত সভাপতিৰ মন্তব্যত ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "এগৰাকী শিল্পী সদায় সমাজৰ আদৰৰ । কিয়নো এগৰাকী শিল্পীয়ে নিজৰ সৃষ্টিৰ জৰিয়তে সমাজখনক আগুৱাই লৈ যাব পাৰে । এগৰাকী শিল্পীৰ কাম সদায় এক সপোনক দিঠকত পৰিণত কৰা ।"

'Geetaratna Nagen Bora Memorial Day' is held in Jorhat
বিশেষ সম্বৰ্ধনা বিশেষ ব্যক্তি (ETV Bharat Assam)

যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰনাথ হাজৰিকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে যোৰহাট জিলা সাহিত্য সভাৰ উপ-সভাপতি মাধৱ মহন্তই । আনহাতে যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই আঁত ধৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড৹ জ্যোতিৰেখা হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত 'নগেন বৰাৰ নিৰ্বাচিত গীত' গ্ৰন্থখন উন্মোচন কৰে আজিৰ সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে ।

'Geetaratna Nagen Bora Memorial Day' is held in Jorhat
'নগেন বৰাৰ নিৰ্বাচিত গীত' গ্ৰন্থ উন্মোচন (ETV Bharat Assam)

আনহাতে একেটা অনুষ্ঠানতে ৰাজ্যৰ চাৰিগৰাকী আগশাৰীৰ গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী ক্ৰমে সন্ধ্যা দেৱী, মিনু বৰুৱা, জয়ন্ত নাথ আৰু জেতবন বৰুৱাক গীতৰত্ন নগেন বৰা স্মাৰক সন্মান প্ৰদান কৰা হয় । অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰা, গীতৰত্ন নগেন বৰাৰ পৰিয়ালৰ সদস্যসকল প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক: ব্যতিক্ৰমী আৰু ৰাজকীয় চখ : দেশ-বিদেশৰ মুদ্ৰাৰ বিশাল সাম্ৰাজ্য গঢ়ি তোলা ভাৰত বাগাদিয়াৰ কথাৰে....

খাকীৰ বদনাম শুনি থাকে, কিন্তু অৰুণ দাসৰ কথা জানিলে সলনি হ'ব আৰক্ষীৰ প্ৰতি ধাৰণা