জুবিন গাৰ্গৰ হত্যাৰ মাষ্টাৰমাইণ্ড কোন: গৌৰৱ গগৈৰ প্ৰশ্ন
বিহাৰ-ইউপিৰ ভোটাৰ আনি শংকিত হিমন্ত বিশ্বই পুনৰ গাদী দখলৰ সপোন দেখিছে—অভিযোগ গৌৰৱ গগৈৰ ।

Published : November 25, 2025 at 9:23 PM IST
গুৱাহাটী: "জুবিন গাৰ্গৰ হত্যাকাৰী যিকেইজনৰ নাম আজি সদনত উল্লেখিত হৈছে, সেইকেইজনক পৰিচালিত কৰিছিল কোনে ? মূল মাষ্টাৰ মাইণ্ডজনৰ নাম এতিয়াও ৰাজহুৱা হোৱা নাই ।"-জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছত মঙলবাৰে বিশ্বনাথ চাৰিআলিত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এইদৰে কয় ।
গৌৰৱ গগৈয়ে লগতে কয়,"অসমৰ গাঁৱৰ ৰাইজে জুবিন গাৰ্গে ন্যায় পাব বুলি বিশ্বাস কৰা নাই । সেইবাবে মুখ্যমন্ত্ৰীয়ে বিভিন্ন কৌশলৰে মুখ্যমন্ত্ৰীয়ে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাই আছে ।"
আনহাতে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়,"মুখ্যমন্ত্ৰী চূড়ান্তভাৱে ফ্লপ হৈছে । ১০ ছেপ্টেম্বৰত তেওঁ সাংবাদিকক মাতি আনি এছআইটিৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ কথা আছিল । সেই সময়ত জুবিন দাও জীয়াই আছিল । কিন্তু তেওঁ সেই কাম কৰিব নোৱাৰিলে । নিজৰ দলৰ মানুহে মুখ্যমন্ত্ৰীজনৰ এনে বিভ্ৰান্তিকৰ কথাবোৰৰ বাবে লাজ পাইছে । দিল্লীৰ নেতৃত্বয়ো আজিকালি হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি হাঁহে ।"
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে লগতে দেশৰ নিৰ্বাচন আয়োগে শেহতীয়াকৈ ভোট চুৰিৰ জৰিয়তে বিজেপিক চৰকাৰ গঠনত সুবিধা কৰি দিয়াৰ যি কৌশল ৰচনা কৰিছে সেই বিষয়টোক অসম প্ৰদেশ কংগ্ৰেছে গুৰুত্ব সহকাৰে লৈছে বুলি মন্তব্য কৰে ।
তেওঁ কয়,"প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ভোট চুৰি নহ’বৰ বাবে বিএলএ আৰু বুথ কমিটিসমূহক অধিক সচেতন আৰু সক্ৰিয় কৰি তোলা হৈছে । হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষা কৰিবৰ বাবে অহা বিধানসভা নিৰ্বাচনত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা বিজেপিৰ ভোটাৰ আনি অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা চলাইছে । হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসমৰ বিভিন্ন জনগোষ্ঠী, গাঁও আৰু চহৰৰ যুৱ সমাজ, আই-মাতৃসকলৰ মাজত বিদ্ৰোহৰ সূচনা হৈছে । এই কথাত সন্ত্ৰস্ত হৈয়েই হিমন্ত বিশ্ব শৰ্মাই ভুৱা ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ তৎপৰ হৈ পৰিছে ।"
"হিমন্ত বিশ্ব শৰ্মাই বহিঃৰাজ্যৰ ভোটাৰেৰে আকৌ মুখ্যমন্ত্ৰী হ’ব বিচাৰে আৰু অসমৰ জনতাই হিমন্তৰ কুশাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে । অসমত অসমীয়া মানুহৰ ভোটৰ দ্বাৰাহে প্ৰতিনিধি নিৰ্বাচিত হ’ব । অসমৰ ৰাজনীতি অসমৰ মানুহৰ নিয়ন্ত্ৰণত থাকিব । সেয়ে এইকেইটা দিনৰ ভিতৰত ইউপি-বিহাৰৰ আৰএছএছ কৰ্মীসকলৰ নাম যাতে অসমৰ ভোটাৰ তালিকাত সোমাব নোৱাৰে তাৰ বাবে কংগ্ৰেছ দলৰ উপৰিও আন বিৰোধী দলসমূহ তথা অসমৰ সমূহ জনসাধাৰণক সজাগ হৈ থাকিবলৈ" -গৌৰৱ গগৈয়ে আহ্বান জনায় ।
আনহাতে, বিশ্বনাথ চাৰিআলিৰ জিলা বুথ কমিটিৰ বৈঠকত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই ১০ বছৰ বিজেপি দলে অসমৰ উন্নয়নৰ বাবে বিশেষ কাম নকৰা বুলি অভিযোগ উত্থাপন কৰে । বিজেপিৰ হাতত এতিয়া কোনো ইছ্যু নাই বাবে হিন্দু-মুছলমান কৰিবলৈ উঠি-পৰি লাগিছে বুলিও বৰাই উল্লেখ কৰে । ইফালে, প্ৰাক্তন সভাপতি ভূপেন বৰাই কয় যে চাওলুং চ্যুকাফাই গঢ়া বৰ অসমক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মসৃণ কৰিছিল ।
জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈকে ভেদাভেদহীন যি বৰ অসমৰ ভেটি গঢ়িলে সেয়া বিজেপিয়ে হাজাৰ চেষ্টা কৰিলেও ভাঙিব নোৱাৰে । বিজেপিয়ে অসমখনক ভাগ ভাগ কৰাতে ক্ষান্ত নাথাকি জুবিন গাৰ্গৰ শেষ মাত্ৰাৰ সময়ত সমবেত হোৱা লোকসকলকো ভাগ ভাগ কৰিবলৈ চেষ্টা চলাই আছে যদিও অসমৰ ৰাইজে সেয়া কোনো কাৰণতে হ’বলৈ নিদিয়ে বুলিও বৰাই স্পষ্ট কৰি দিয়ে ।

