কংগ্ৰেছ সমৰ্থকৰ দোকানত অগ্নিসংযোগৰ ঘটনাৰ তদন্তৰ দাবী গৌৰৱ গগৈৰ, আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ
ঘটনাৰ লগত জড়িত দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী ।

Published : May 11, 2026 at 8:12 AM IST
যোৰহাট: সদ্য় সমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰা বাবে এগৰাকী মহিলাৰ দোকানত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ কৰা হৈছে । যোৱা শুকুৰবাৰে পুৱতি নিশা ১.৩০ মান বজাত দুষ্কৃতিকাৰীয়ে যোহাটৰ তিতাবৰৰ ৰঙাজান তিনিআলিত ঘৰৰ কাষতে থকা ৰূপালী দাস নামৰ ক্ষুদ্র ব্যৱসায়ীগৰাকীৰ ব্য়ৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰাত এই পৰিয়ালটোৱে এতিয়া অসহায়বোধ কৰিছে ।
এই ঘটনাৰ পিচতেই মহিলাগৰাকীক সুৰক্ষা প্ৰদান কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে । সাংসদ গৌৰৱ গগৈয়ে তিতাবৰৰ ৰঙাজান বঙাল গাঁৱত সংঘটিত অগ্নিসংযোগৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰ প্ৰেৰণ কৰে । ভুক্তভোগী ৰূপালী দাসৰ সৈতে বাৰ্তালাপ কৰি তেওঁক ন্যায় প্ৰদানৰ আশ্বাস দিয়ে গৌৰৱ গগৈয়ে ।

এই পত্ৰখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লিখিছে, "যোৰহাট জিলাৰ তিতাবৰৰ অন্তৰ্গত তিতাবৰ ৰঙাজান বঙাল গাঁৱত সংঘটিত হোৱা এটা গুৰুতৰ ঘটনাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো । যোৱা ৭ মে’ৰ নিশা প্ৰায় ১:৩০ বজাত একাংশ দুষ্কৃতিকাৰীয়ে অমূল্য দাসৰ পত্নী ৰূপালী দাসৰ দোকানখনত অগ্নিসংযোগ কৰাৰ অভিযোগ উঠিছে। "
"দুষ্কৃতিকাৰীয়ে ৰূপালী দাসৰ দোকানত অগ্নিসংযোগ কৰাৰ ফলত পৰিয়ালটোৱে ভয়ংকৰ ক্ষতি আৰু মানসিক কষ্টৰ সন্মুখীন হৈছে । গতিকে মই আপোনালোকক অনুৰোধ জনাইছো যে বিষয়টো ভালদৰে তদন্ত কৰি অতি সোনকালে এই ঘটনাৰ লগত জড়িত দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰক ।" এইদৰে পত্ৰখনত গগৈয়ে উল্লেখ কৰিছে ।
অভিযোগ অনুসৰি, তিতাবৰৰ ৰূপালী দাস নামৰ এগৰাকী মহিলাই কংগ্ৰেছক সমৰ্থন জনায় সামাজিক মাধ্যমত পোষ্ট দিছিল ৷ মুকলিকৈ কংগ্ৰেছক সমৰ্থন কৰা বাবে ৰূপালী দাস নামৰ মহিলাগৰাকী দুষ্কৃতিকাৰীৰ টাৰ্গেট হৈ পৰিছে বুলি সন্দেহ কৰা হৈছে ৷ এই ঘটনাটোক বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ লগতে বিভিন্ন ব্যক্তিয়ে গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক:কংগ্ৰেছক মুকলিকৈ সমৰ্থন কৰি আক্ৰোশৰ বলি হ'ল নেকি তিতাবৰৰ ৰূপালী দাস !

