সংৰক্ষণৰ দিশে ৰূপকোঁৱৰৰ সৃষ্টি : গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
এই অমূল্য সামগ্ৰীসমূহ ভৱিষ্যতে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হ’ব ।

Published : February 5, 2026 at 8:53 PM IST
তেজপুৰ: অসমীয়া শিল্প-সাহিত্যৰ যুগপ্ৰৱৰ্তক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সাহিত্যিক আৰু সাংস্কৃতিক সম্পদ সংৰক্ষণৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ে এক উল্লেখযোগ্য আৰু সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিছে । এই উদ্দেশ্যে বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগ আৰু ৰূপকোঁৱৰৰ পৰিয়ালবৰ্গৰ মাজত ৫ ফেব্ৰুৱাৰীত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ।
এই চুক্তিৰ জৰিয়তে জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচ্চিত্ৰৰ পাণ্ডুলিপি, ব্যক্তিগত চিঠিপত্ৰ, নাটক, কবিতা তথা বহু দুষ্প্ৰাপ্য নথিপত্ৰ বৈজ্ঞানিক পদ্ধতিত সংগ্ৰহ, নথিভুক্তকৰণ আৰু ডিজিটেল ৰূপত সংৰক্ষণ কৰা হ’ব ।

যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ ভাৰতী ভড়ালী আৰু ছাত্ৰী সংগীতা বৰাই ‘জয়মতী’ চলচ্চিত্ৰ সন্দৰ্ভত কৰা গৱেষণাৰ সময়ত সংগৃহীত এই অমূল্য সামগ্ৰীসমূহ ভৱিষ্যতে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হ’ব ।
চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই কয়, ‘‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ অসমীয়া সমাজ-সংস্কৃতিৰ আত্মাস্বৰূপ । তেওঁৰ সৃষ্টিৰাজিত অসমৰ সামাজিক জীৱন, সাংস্কৃতিক মূল্যবোধ আৰু মানৱিক চেতনাৰ গভীৰ প্ৰকাশ দেখা যায় । এনে ঐতিহ্য সংৰক্ষণ কৰাটো কেৱল শৈক্ষিক দায়িত্ব নহয়, ই জাতিগত কৰ্তব্য ৷’’
এই পদক্ষেপে গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু পাঠকৰ বাবে ৰূপকোঁৱৰৰ সৃষ্টিসমূহ অধিক সহজলভ্য কৰি তুলিব বুলি তেওঁ আশা ব্যক্ত কৰে ।

‘‘Preservation and Documentation of the Original Works of Jyotiprasad Agarwala’’ শীৰ্ষক এই প্ৰকল্পৰ অন্তৰ্গত সকলো সংগৃহীত সামগ্ৰী কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ পুৰণি পাণ্ডুলিপি সংৰক্ষণ শাখাৰ তত্বাৱধানত ৰক্ষণাবেক্ষণ কৰা হ’ব আৰু পৰৱৰ্তী সময়ত অধ্যয়ন-গৱেষণাৰ বাবে ব্যৱহাৰযোগ্য কৰি তোলা হ’ব ।
অনুষ্ঠানত উপস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালবৰ্গই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই দূৰদৰ্শী পদক্ষেপৰ শলাগ লয় । ডঃ ভাৰতী ভড়ালীয়ে কয়, ‘‘এই বুজাবুজিৰ চুক্তিয়ে ৰূপকোঁৱৰদেৱৰ দুষ্প্ৰাপ্য সৃষ্টিসমূহ সুৰক্ষিতভাৱে সংৰক্ষণ কৰাৰ এক দৃঢ় পথ প্ৰশস্ত কৰিছে আৰু ই অসমৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য নিদৰ্শন ।’’
উক্ত অনুষ্ঠানত শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক ডঃ প্ৰশান্ত ডেকা, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ চন্দন কুমাৰ গোস্বামীসহ বিভিন্ন বিভাগৰ অধ্যাপক, বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
লগতে পঢ়ক: মৰাণৰ ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান : সাজু প্ৰশাসন

