ETV Bharat / state

নাহৰ পুলি ৰোপণেৰে জুবিনৰ সপোন পূৰণ কৰিলে গৰিমাই, "ভালে থাকিবা গল্ডি..."

যোৰহাটৰ বঙালপুখুৰীত গৰিমা শইকীয়া গাৰ্গ ৷ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰিল গৰিমা ৷

GARIMA SAIKIA GARG
নাহৰ পুলি ৰোপণেৰে জুবিনৰ সপোন পূৰণ কৰিলে গৰিমাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 9:00 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: সোমবাৰে যোৰহাটৰ বঙালপুখুৰী থকা হিয়াৰ আমঠু জুবিন গাৰ্গৰ পুৰণি বাসগৃহত উপস্থিত হয় গৰিমা গাৰ্গ আৰু যন্ত্ৰ টীমৰ সদস্যসকল ৷ জুবিন গাৰ্গে কলেজত পঢ়ি থাকোতে উক্ত বাসগৃহৰ কাষতেই এজোপা পাইন গছ ৰোপণ কৰিছিল ৷

যেতিয়াই জুবিন গাৰ্গ পুৰণি বাসগৃহলৈ আহে তেতিয়াই গছজোপা সাবটি ধৰিছিল আৰু গছজোপাৰ সৈতে কথা পাতিছিল ৷ কিন্তু জুবিনে কথা পতা আৰু নিজেই ৰোপণ কৰা গছজোপা ২০২৪ চনৰ ২৯ অক্টোবৰত ধুমুহাত ভাগি পৰিছিল ৷

নাহৰ পুলি ৰোপণেৰে জুবিনৰ সপোন পূৰণ কৰিলে গৰিমাই (ETV Bharat Assam)

সেই গছজোপাৰ স্থানতেই পুনৰ আন এজোপা গছ ৰোপণ কৰা কথা কৈছিল জুবিন গাৰ্গে আৰু গছজোপা ৰোপণৰ দিন বাৰো ঠিক কৰা হৈছিল ৷ কিন্তু জুবিনৰ সেই সপোন পূৰণ নহ'ল যদিও জুবিনৰ সেই আধৰুৱা সপোন বাস্তৱ ৰূপ দিলে গৰিমা শইকীয়া গাৰ্গে । সোমবাৰে যোৰহাট বঙালপুখুৰীস্থিত জুবিনৰ পুৰণি বাসগৃহত গৰিমা গাৰ্গ উপস্থিত হৈ জুবিনে পূৰ্বে ৰোৱা স্থানতে আন এটি নাহৰ পুলি ৰোপণ কৰিলে ৷ গৰিমা গাৰ্গৰ এই কাৰ্যত সহযোগ কৰে 'যন্ত্ৰ' টীমৰ লগতে হীৰু দত্ত পৰিয়ালে । গছপুলি ৰোপণ কৰি পুৰণি বহু স্মৃতি, বহু কথা সুঁৱৰি আৱেগিক হৈ পৰিল গৰিমা গাৰ্গ ৷

এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়,"জুবিনৰ বঙালপুখুৰীৰ পুৰণি গৃহলৈ আহিছো ৷ জুবিনে কলেজত পঢ়ি থাকোতে এজোপা পাইন গছ ৰোপণ কৰিছিল আৰু কেইবা মহলীয়া ঘৰ হোৱা পাছতো গছজোপা দূৰৰ পৰা জিলিকি আছিল । ২০২৪ চনত যেতিয়া ভাইমন দাৰ শ্বুটিং চলি আছিল তেতিয়া আমি গছজোপা চাওঁ । ৰাতি ২ বজাত আহিও জুবিনে গছজোপাক সাবটি ধৰি থাকে আৰু গছজোপাৰ সৈতে কথা পাতে । ২০২৪ চনৰ ২৯ অক্টোবৰত ধুমুহাৰ ফলত গছজোপা ভাঙি যায় আৰু জুবিন পুৰণি বাসগৃহত পৰি যায় ।"

তেওঁ লগতে কয়,"জুবিনে পুনৰ সেই স্থানতে এজোপা গছ ৰুই থৈ যাম বুলি কৈছিল ৷ বঙাল পুখুৰীৰ পূজা অনুষ্ঠানলৈ আহি উক্ত স্থানত আন এজোপা গছ ৰুই থৈ যোৱাৰ পৰিকল্পনা আছিল যদিও সেয়া হৈ নুঠিল । সেয়ে সেই স্থানত মই এটি নাহৰ পুলি ৰোপণ কৰিলো । নাহৰৰ পুলিটো লহপহকৈ বাঢ়ি আহক ,জুবিনে পুনৰ পুৰণি বাসগৃহৰ ভেটিতে শান্তিৰে জিৰণি লওক, এয়া মোৰ প্ৰাৰ্থনা ৷"

উল্লেখ্য যে ২০০৩ চনত বঙালপুখুৰীস্থিত জুবিন গাৰ্গ বাসগৃহতো হীৰু দত্তক বিক্ৰী কৰি দিয়া হৈছিল ৷

লগতে পঢ়ক: দেশৰ কল্যাণ বিচাৰোঁ, কিন্তু আমাৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে: প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতিক্ৰিয়া স্বৰ্ণশিল্পীৰ