ডিমৰীয়া হ'ব নাহৰৰ দেশ ! ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বিয়পিব নাহৰৰ সুৱাস
নাহৰ পুলি ৰোপণৰে প্ৰাণৰ শিল্পীৰ সপোন বাস্তৱিত কৰাৰ প্ৰয়াস ডিমৰীয়াবাসীৰ । নাহৰ পুলি ৰোপণৰ দৰে মহান পৰিকল্পনাৰ শুভাৰম্ভ কৰিলে গৰিমা শইকীয়া গাৰ্গে ।

Published : October 29, 2025 at 8:39 AM IST
সোণাপুৰ: "নাহৰ নাহৰ চিঞৰি থাকিলে নহ'ব, নাহৰ ৰুব লাগিব, য'ত নাহৰ থাকে তাতে মই থাকিম" বুলি প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কোৱা কথাষাৰেই যেন আখৰে আখৰে পালন কৰিবলৈ আগবাঢ়িছে ডিমৰীয়াৰ ৰাইজে । নাহৰৰ দেশ হিচাপে ডিমৰীয়াক গঢ়িবলৈ আৰম্ভ হ'ল যাত্ৰা ।
খানাপাৰাৰ পৰা টোপাতলীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে নাহৰৰ পুলি লগাই প্ৰাণৰ শিল্পীগৰাকীৰ সপোন বাস্তবায়িত কৰাৰ লগতে শিল্পীগৰাকীৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনোৱাৰ লক্ষ্যৰে ডিমৰীয়া বিকাশ মঞ্চৰ উদ্যোগত বৃহত্তৰ সোণাপুৰ নাগৰিক মঞ্চ আৰু বৃহত্তৰ সোণাপুৰ গাঁও সুৰক্ষা সমিতিৰ সহযোগত মঙলবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
সোণাপুৰ বাৰোৱাৰীস্থিত শ্ৰীশ্ৰী দুৰ্গা মন্দিৰৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মঙলবাৰে সন্ধিয়া নাহৰ পুলি ৰোপণৰ শুভাৰম্ভ কৰা হয় । প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰি, সেৱা জনাই সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে শুভাৰম্ভ কৰে নাহৰ পুলি ৰোপণৰ এই শুভকাৰ্য ।
নাহৰ পুলি ৰোপণ কৰি উঠি গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত কয়, "জুবিনে কৈছিল য'তে নাহৰ গছ থাকিব তাতে জুবিন গাৰ্গ থাকিব । যিহেতু জুবিন সোণাপুৰ ডিমৰীয়াতে স্থায়ীভাৱে ৰাইজৰ মাজত থাকিব সেয়ে আমি ৰাইজৰ সৈতে আলোচনা কৰিছো জুবিন ক্ষেত্ৰত জমা হোৱা নাহৰ পুলিসমূহ প্ৰণালীবদ্ধভাৱে ৰোপণ কৰাৰ ।"

তেওঁ কয়, "সকলো পুলি যিহেতু জুবিন ক্ষেত্ৰত ৰোপণ কৰিব পৰা নাযাব, কাৰণ কিছুদিনৰ পিছত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলিব । তাত জমা হোৱা সকলো নাহৰ পুলি ৰোপণ কৰিলে বেয়া হৈ যোৱাৰ সম্ভাৱনা আছে ৷ সেয়ে সমগ্ৰ ডিমৰীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে নাহৰ পুলি ৰোপণ কৰি জুবিন নাহৰ বন গঢ়ি তোলাৰ প্ৰয়াস কৰা হ'ব । অকল ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে নহয়, ডিমৰীয়াৰ সকলো গাঁৱৰ অলিয়ে গলিয়ে যেন নাহৰ পুলি সকলোৱে ৰোপণ কৰি এখন নাহৰ বন কৰি তোলে ।" নাহৰৰ পুলি ৰোপণ কৰিলেই ন'হব ইয়াক প্ৰতিপালন কৰিবলৈও ৰাইজক আহ্বান জনাই গৰিমা শইকীয়া গাৰ্গে । নাহৰৰ সুৱাস বিয়পি সকলো যেন জুবিনময় আৰু সেউজীয়া হয় তাৰো কামনা কৰে তেওঁ ।

ইফালে মুক্তিৰ পূৰ্বেই অভিলেখ সৃষ্টি কৰা জুবিন গাৰ্গৰ শেষ ছবি 'ৰৈ ৰৈ বিনালে'ক সকলোৱে মৰম কৰক, ছবিখন চাওক বুলি উল্লেখ কৰি তেওঁ কয়, "জুবিনৰ সপোন আমি বাস্তৱত ৰূপায়ণ কৰাৰ চেষ্টা চলাইছোঁ । জুবিনে বৰ আগ্ৰহ কৰিছিল ঘূৰি আহি ছবিখনৰ সকলো কাম নিজে কৰাৰ । কিন্তু আজি জুবিনৰ অনুপস্থিতিত আমি আমাৰ সামৰ্থৰে ছবিখনৰ কাম কৰি ৰাইজক আগবঢ়াইছোঁ ।"
নাহৰ পুলি ৰোপণৰ কাৰ্যসূচীৰ পিছতে জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গে স্বামীৰ শেষ বিশ্ৰামৰ স্থানত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে একান্তভাৱে কিছু সময় অতিবাহিত কৰে । ইপিনে অন্যদিনাৰ দৰে মঙলবাৰেও লোকাৰণ্য হৈ থাকে জুবিন ক্ষেত্ৰ ।

