অভিযোগনামা দাখিলৰ দিনাই জুবিন ক্ষেত্ৰত উপস্থিত হ’ল গৰিমা; বিচাৰিলে দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিলৰ দিনটোত জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি গৰিমা শইকীয়া গাৰ্গৰ । বিভিন্নজনৰ চাকি-বন্তি জ্বলাই গানৰ ভগৱানক স্মৰণ ।

Published : December 13, 2025 at 8:52 AM IST
সোণাপুৰ : শুকুৰবাৰে আদালতত দাখিল কৰা হয় বহু প্ৰতীক্ষিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তকাৰী গোটৰ চাৰ্জশ্বিট । আনহাতে, এই অভিযোগনামা দাখিল কৰাৰ সময়তে অনেকজনে আহি জুবিন ক্ষেত্ৰত চাকি-বন্তি জ্বলাই গানৰ ভগৱানক স্মৰণ কৰে । পুৱাৰে পৰা জুবিন ক্ষেত্ৰত বিভিন্নজন লোক উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
এই বিশেষ দিনটোত প্ৰাণৰ শিল্পীগৰাকীৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী ড° পামী বৰঠাকুৰসহ পৰিয়াালৰ একাংশ সদস্য নিশাৰ ভাগত জুবিন ক্ষেত্ৰত উপস্থিত হয় । তেওঁলোকে জুবিনৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক ।
আনহাতে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এছ আই টিৰ অভিযোগনামা সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, "পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল । সেই মতে তদন্তৰ কাৰ্য সম্পাদন হৈছিল । আশা কৰা মতে হোৱাৰ বাবে ভাল লাগিছে । বহু কষ্ট কৰি এছ আই টিয়ে ইমান দিন ধৰি তদন্ত কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ । ৰাইজে আশা কৰা মতে ফল ওলাইছে । এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত ।"
দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি দাবী কৰি তেওঁ কয়, "আমি আশা কৰিছোঁ ন্যায় প্ৰক্ৰিয়াটো সূচাৰুৰূপে পৰিচালিত হ'ব । দোষী সাব্যস্ত হৈছে, তদন্তত ওলাইছে । দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে । সেইটো আমাৰ কাম্য আৰু ন্যায় ব্যৱস্থাটো ভাল হ'ব বুলি ভাবিছোঁ । কোনো সাৰি যাব নালাগে । তদন্তত আস্থা আছে, ন্যায় ব্যৱস্থাত আস্থা আছে ।"

মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জনাই কয়, "মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ফাষ্টট্ৰেক আদালতত বিচাৰ হোৱাৰ বাবে হাইকোৰ্টত আবেদন কৰাৰ কথা । আমি পৰিয়ালৰ লগতে ৰাইজেও বিচাৰিছে । ন্যায় পক্ৰিয়া আৰম্ভ হওক, ভালদৰে পৰিচালিত হওক ।"
আনহাতে, স্বামীৰ অবৰ্তমানত আৱেগিক গৰিমা শইকীয়া গাৰ্গে পুনৰ কয়, "আমাৰ ঘৰখন থানবান হৈ গ'ল । ৰাইজে বিচাৰিছে ন্যায় । জুবিন গাৰ্গৰ দৰে সত্তা নোহোৱা হৈ যাব পাৰে ! তেওঁৰ দৰে এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে । নিজক উদঙাই সকলোখিনিচোন মানুহজনেচোন দিয়ে আছিল । তথাপিও এনেকুৱা এটা ষ্টেপ কিয় ল'বগীয়া হ'ল । মুঠতে এতিয়া দোষীয়ে শাস্তি পাব লাগে । আমাৰ দেশৰ আইন প্ৰক্ৰিয়াৰ প্ৰতি সম্পৰ্ণ আস্থা আছে ।"

ইফালে ভগ্নী ড° পামী বৰঠাকুৰেও সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত কয়, "এছ আই টিৰ প্ৰতি আস্থা ৰাখিছিলোঁ । তদন্তকাৰী দলে নিখুঁতভাৱে তদন্ত কৰিছে । আমি বিচৰা ধৰণে ন্যায় পাব বুলি আশাবাদী । ফাষ্টট্ৰেক আদালতৰ জৰিয়তে যদি ন্যায় প্ৰক্ৰিয়া আগবাঢ়ে খুবেই ভাল হয় ।"

