যোৰহাট আৰক্ষীৰ জালত চোৰৰ গেং; উদ্ধাৰ লাখ টকাৰ অলংকাৰ
যোৰহাট আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰাৰ লগতে বৰপেটা আৰু দৰঙৰ পৰা ৫ জনক গ্ৰেপ্তাৰ কৰে ।

Published : February 21, 2026 at 11:03 AM IST
যোৰহাট : যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা । যোৰহাট আৰক্ষীৰ জালত এটা চোৰৰ গেং । এই চোৰৰ গেংটোত আছে চোৰাং সামগ্ৰী ক্ৰয় কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীও ।
চলিত মাহত যোৰহাটৰ দুটা ফ্লেটত সংঘটিত হোৱা চুৰিকাণ্ডৰ লগত জড়িত চোৰৰ গেংটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষী । যোৰহাট আৰক্ষীয়ে অনুসন্ধান চলাই দৰং জিলাৰ দলগাঁৱৰ পৰা এই চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰে । লগতে এই চোৰৰ দলটোৱে চুৰি কৰা অলংকাৰসমূহ বিক্ৰী কৰা প্ৰতিষ্ঠান দুটাৰ দুগৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰকেইটা হৈছে লোকমন আলী, চাইদুৰ ৰহমান, নুৰ মহম্মদ আলী । এই চোৰ তিনিটাই যোৰহাটৰ দুটা ফ্লেটত চুৰি কৰা ৩০ লক্ষাধিক মূল্যৰ সোণৰ অলংকাৰ বিক্ৰী কৰা প্ৰতিষ্ঠান দুখনৰ গৰাকী হৈছে দৰং জিলাৰ দলগাঁৱৰ আবুবক্কৰ চিদ্দিক আৰু বৰপেটা জিলাৰ চাপৰৰ ইমৰাণ আহমেদ । আনহাতে, গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ পৰা আৰক্ষীয়ে কেইবাটাও মোবাইল ফোনো জব্দ কৰিছে ।

উল্লেখ্য যে চলিত মাহৰ ৫ আৰু ৭ ফেব্ৰুৱাৰীত মধুকুঞ্জ এপাৰ্টমেণ্ট আৰু এ বি জি হাইটত এই চোৰ দলটোৱে চুৰিকাৰ্য সংঘটিত কৰিছিল । আৰক্ষীয়ে চিচি টিভি ফুটেজ সংগ্ৰহ কৰি অনুসন্ধান চলাই এই চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি এই চোৰৰ চক্ৰটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

আনহাতে, বৰপেটা, দৰং, ধুবুৰীৰ পৰা শ্ৰমিক হিচাপে কাম কৰিবলৈ উজনি অসমলৈ অহা একাংশ লোক চুৰি আৰু ডকাইতিৰ দৰে কাৰ্যত নামি পৰাৰ এক গুৰুতৰ অভিযোগ উথাপিত হৈছে ।

