ETV Bharat / state

আইপিএলৰ নামত বৃহৎ জুৱা; ধন-সোণ বাদেই, মাটি-সম্পত্তিৰ নথিও জুৱাত লগালে জুৱাৰীয়ে

আইপিএলৰ সময়ত গুৱাহাটীত একাংশ চক্ৰই অতি গোপনে জুৱা অনুষ্ঠিত কৰি আহিছিল ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে এই কথা ৷

Gambling racket busted
আইপিএলৰ নামত বৃহৎ জুৱা (প্ৰতিনিধিত্বমূলক ছবি) (Getty Images)
author img

By ANI

Published : June 2, 2026 at 7:39 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়েৰে অন্ত পৰিল বিশ্ব ক্ৰিকেটৰ অন্যতম ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ ৷ আৰচিবিয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে আইপিএলৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হয় ৷ চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত ৷ এই খেলখনত পাঁচ উইকেটৰ ব্যৱধানত জয়লাভ কৰে আৰচিবিয়ে ৷

আইপিএলৰ সময়ত দেশৰ আন প্ৰান্তৰ লগতে গুৱাহাটীটো একাংশ চক্ৰই অতি গোপনে জুৱা অনুষ্ঠিত কৰি আহিছিল ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে এই কথা ৷ আইপিএলৰ ফাইনেলৰ দিনা এনে জুৱাৰ আয়োজন কৰা এটা চক্ৰক দেওবাৰে উৎখাত কৰে গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৷ এই অভিযানৰ সময়ত আৰক্ষীয়ে কেবাটাও বৈদ্যুতিক যন্ত্ৰ আৰু অন্যান্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷

Gambling racket busted during IPL Final
উপ-আৰক্ষী আয়ুক্ত সম্ভৱী মিশ্ৰ (ANI)

মধ্য গুৱাহাটী মণ্ডলৰ উপ-আৰক্ষী আয়ুক্ত সম্ভৱী মিশ্ৰই সোমবাৰে নিশা সংবাদ সংস্থা এএনআইক কয়, ‘‘এটা বৃহৎ জুৱাৰ গেং সক্ৰিয় হৈ আছিল ৷ গোপন সূত্ৰৰ পৰা আমি বহু তথ্য লাভ কৰিছিলোঁ আৰু এটা বিশেষ দল গঠন কৰোঁ ৷’’

‘‘কালি (দেওবাৰে) যেতিয়া আইপিএলৰ ফাইনেল খেলখন চলি আছিল, তেতিয়া অভিযুক্তৰ বাসগৃহত আমি সফলতাৰে অভিযান চলাওঁ ৷ এই অভিযোগৰ মূল অভিযুক্ত আছিল আলোক জৈন, বিগত সময়ছোৱাত তেওঁ এই অবৈধ কামৰ সৈতে জড়িত হৈ আছিল ৷ অভিযান চলোৱাৰ সময়তো তেওঁলোক জুৱা অব্যাহত ৰাখিছিল ৷’’ তেওঁ লগতে কয় ৷

আৰক্ষীয়ে কেবাটাও ম’বাইল, নগদ ধন আৰু বহুকেইখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ এই সম্পৰ্কে তথ্য সদৰী কৰি আৰক্ষী বিষয়া মিশ্ৰই কয়, ‘‘জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে কমেও ১৬ টা ম’বাইল, দুটা লেপটপ আৰু কেবাটাও টেবলেট । এইবোৰত আইপিএলৰ লাইভ ষ্ট্ৰীমিং চলি আছিল ৷ ইয়াৰ উপৰিও আমি তেওঁৰ ঘৰৰ পৰা বুজন পৰিমানৰ অন্যান্য সামগ্ৰী জব্দ কৰোঁ ৷ ইয়াৰ ভিতৰত নগদ ধনো আছে ৷ আমি প্ৰায় ৮০ হাজাৰ নগদ ধন, বুজন পৰিমাণৰ গহনা, কেবাখনো বিলাসী বাহন, ২৬ খন ভূমি আৰু সম্পত্তিৰ নথি জব্দ কৰিছোঁ ।’’

এই অভিযানৰ নেতৃত্ব দিছিল অতিৰিক্ত আৰক্ষী আয়ুক্তই, তেওঁৰ সৈতে আছিল নুনমাটি থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আৰক্ষী জোৱানৰ এটা দল ৷

লগতে পঢ়ক: যোৰহাটৰ পৰা নিৰুদ্দেশ হোৱা চাৰি শিক্ষাৰ্থীৰ সন্ধান ওলাল