ETV Bharat / state

দেশৰ সুৰক্ষা বাহিনী আৰু অসামৰিক সংস্থাসমূহৰ মাজত সমন্বয় সৃষ্টিৰ বাবে অনন্য পদক্ষেপ

তেজপুৰত অনুষ্ঠিত ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ উদ্যোগত 'শোণিতপুৰ এচএএমভিএডি' শীৰ্ষক আলোচনাচক্ৰ ।

Gajraj Corps Organises 'Sonitpur SAMVAD' in Tezpur to Strengthen Civil-Military Cooperation
গজৰাজ কৰ্পছৰ উদ্যোগত 'শোণিতপুৰ এচএএমভিএডি' শীৰ্ষক আলোচনাচক্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 28, 2026 at 2:58 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: দেশৰ সুৰক্ষা বাহিনী আৰু অসামৰিক সংস্থাসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছে অনুষ্ঠিত কৰে 'শোণিতপুৰ এচএএমভিএডি' শীৰ্ষক এক আলোচনাচক্ৰ । এই কথা সদৰী কৰে তেজপুৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফ্টেনেণ্ট কৰ্ণেল অতুল শ্ৰীধৰণে ।

'সমূহিক প্ৰয়াসেৰে ৰাষ্ট্ৰ নির্মাণ'ৰ দৰ্শনৰে আৰু 'ৰাষ্ট্ৰ সৰ্বোপৰি'ৰ নীতিৰ ভিত্তিত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় । যিয়ে একত্ৰিত প্ৰচেষ্টাৰ মাধ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি সন্মিলিত প্ৰতিশ্রুতি প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে । এই আলোচনাচক্ৰত আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সমস্যাসমূহ সমাধানৰ বাবে সেনাবাহিনী আৰু নাগৰিকৰ মাজত গঠনমূলক সহযোগিতাৰ গুৰুত্বৰ ওপৰত প্ৰধান দৃষ্টি আকৰ্ষণ কৰা হয় ।

Gajraj Corps Organises 'Sonitpur SAMVAD' in Tezpur to Strengthen Civil-Military Cooperation
মানসিক স্বাস্থ্য প্ৰতিষ্ঠান আৰু গজৰাজ ক’ৰ্পছৰ অধীনস্থ সেনা চিকিৎসালয়সমূহৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ (ETV Bharat Assam)

লেফ্টেনেণ্ট কৰ্ণেল অতুল শ্ৰীধৰণে উল্লেখ কৰে যে এই কাৰ্যসূচী সামূহিক প্ৰচেষ্টাৰ দ্বাৰা সমূহিক প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ বৃহৎ দৃষ্টিভংগী আৰু ৰাষ্ট্ৰ সৰ্বোপৰি নীতিৰ অধীনত অনুষ্ঠিত হয়, যাৰ মূল উদ্দেশ্য হৈছে সেনা বাহিনী আৰু অসামৰিক প্ৰতিষ্ঠানসমূহৰ মাজত অধিক সমন্বয় গঢ়ি তোলা । 'এচএএমভিএডি' শব্দটোৱে এই পদক্ষেপৰ মূল লক্ষ্যসমূহক প্ৰতিনিধিত্ব কৰে—সমন্বয়, আত্মনিৰ্ভশীলতা, মানসিক দৃঢ়তা, বিশ্বাস আৰু বিকাশ । যি অমৃতকালৰ লক্ষ্যৰ সৈতে সংযুক্ত হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে ।

Gajraj Corps Organises 'Sonitpur SAMVAD' in Tezpur to Strengthen Civil-Military Cooperation
উপস্থিত থাকে ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া (ETV Bharat Assam)

তেজপুৰ বিশ্ববিদ্যালয়, সীমান্ত সুৰক্ষা বাহিনী, অসম আৰক্ষী, বন বিভাগ, জিলা প্ৰশাসন, পৌৰসভা, আইন সংস্থা, স্বাস্থ্যখণ্ডৰ বিশেষজ্ঞসকলৰ লগতে তেজপুৰ আৰু মিছামাৰী অঞ্চলৰ অন্যান্য অসামৰিক প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে এই আলোচনাচক্ৰত ।

গজৰাজ ক’ৰ্পছৰ সেনা প্ৰধান জি অ চি উপস্থিত থাকি জে এ আই অৰ্থাৎ যুটীয়া আত্মনিৰ্ভশীলতাৰ আৰু উদ্ভাৱনক আধাৰ কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন শক্তিশালী আৰু উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশে কাম কৰাৰ আহ্বান জনায় । তেওঁ সংস্থাসমূহৰ মাজত সমন্বয়, একত্ৰিত পৰিকল্পনা আৰু সময়মতে উন্নয়নমূলক কাম-কাজ ৰূপায়ণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে ।

Gajraj Corps Organises 'Sonitpur SAMVAD' in Tezpur to Strengthen Civil-Military Cooperation
তেজপুৰ বিশ্ববিদ্যালয়, সীমান্ত সুৰক্ষা বাহিনী, অসম আৰক্ষীও উপস্থিত থাকে আলোচনাচক্ৰত (ETV Bharat Assam)

এই অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান আৰু গজৰাজ ক’ৰ্পছৰ অধীনস্থ সেনা চিকিৎসালয়সমূহৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ । এই অংশীদাৰিত্বৰ জৰিয়তে মানসিক স্বাস্থ্য সেৱা শক্তিশালী কৰা, প্ৰশিক্ষণ, গৱেষণা, চিকিৎসা সহযোগিতা আৰু জনসচেতনতা বৃদ্ধিৰ কাৰ্যসূচী আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে ।

এই সমগ্ৰ কাৰ্যসূচী অসামৰিক–সামৰিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু মানসিক সুস্থতাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক: আফ্ৰিকান ছোৱাইন ফিভাৰ ! গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা প্ৰশাসনৰ

উৰপদ বিলত সন্ধান লাভ বিশেষ প্ৰজাতিৰ কেকো সাপৰ