ETV Bharat / state

জন্ম ঘৰখনৰ মাটিডৰাতেই চিতাত বিলীন হৈ গ'ল মৃদুমূদ্ৰা

শান্তিপূৰ্ণ আৰু শোকাকুল পৰিৱেশৰ মাজেৰে মৃদুমূদ্ৰাৰ শেষকৃত্য সম্পন্ন ৷

Mridumudra Deka
মৃদুমূদ্ৰা ডেকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 4, 2026 at 7:07 AM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: অৱশেষত শেষকৃত্য সম্পন্ন হ'ল মৃদুমূদ্ৰা ডেকাৰ ৷ শুকুৰবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটীৰ পৰা মৃদুমূদ্ৰাৰ নশ্বৰ দেহ আহি নলবাৰীৰ স্বগৃহ পোৱাৰ পাছতে কান্দোনৰ ৰোল উঠে সমগ্ৰ গংগাপুৰ অঞ্চলত ।

শোকত ভাগি পৰে পৰিয়াল, আত্মীয় স্বজন, সহপাঠীকে ধৰি অজস্ৰ লোক ৷ শেষবাৰৰ বাবে কান্দি কান্দি শ্ৰদ্ধাঞ্জলি জনাই সহপাঠীসকলে ৷ শ্ৰদ্ধাঞ্জলি যাচে বিভিন্ন সংগঠনে ৷

শোকাকুল পৰিৱেশৰ মাজেৰে মৃদুমূদ্ৰাৰ শেষকৃত্য সম্পন্ন (ETV Bharat Assam)

নিশাৰ ভাগত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰে মৃদুমূদ্ৰাৰ শেষকৃত্য সম্পন্ন কৰা হয় । স্বাভাৱিকতেই ছাত্ৰীগৰাকীৰ অকাল আৰু এনে দুৰ্ভাগ্যজনক মৃত্যুৰ বাবে স্থানীয় লোক তথা পৰিয়াল শোকত ম্ৰিয়মাণ হৈ থকাৰ লগতে যথেষ্ঠ আৱেগিকো হৈ আছে ৷ তেনে পৰিপ্ৰেক্ষিতত যাতে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিবলগীয়া হয় আৰক্ষীয়ে ৷ সষ্টম হৈ থাকে আৰক্ষী বাহিনীও ৷

অৱশেষত নিশা এক শান্তিপূৰ্ণ আৰু শোকাকুল পৰিৱেশৰ মাজেৰে মৃদুমূদ্ৰাৰ শেষকৃত্য সম্পন্ন কৰা হয় । নিজৰ গৃহৰেই এডৰা ভূমিত মৃদুমূদ্ৰাৰ শেষকৃত্য সম্পন্ন কৰে আত্মীয় আৰু গাওবাসীয়ে । আনহাতে এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ কথা আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ।

মৃদুমূদ্ৰা আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ মাধুৰ্য বৰ্মনৰ হত্যাত ৰ'জ আলীৰ উপৰিও আন কোনো লোক জড়িত থকাৰ কোনো তথ্য এই মুহূৰ্তলৈকে আৰক্ষীয়ে লাভ কৰা নাই বুলি প্ৰকাশ কৰে নলবাৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে ।

উল্লেখ্য যে শুকুৰবাৰে পুৱা ৭.৩০ বজাত চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃদুমূদ্ৰাই শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ নলবাৰীৰ গংগাপুৰত ৩১ মে’ৰ সন্ধিয়া ৰ’জ আলী ওৰফে আছিফ খানৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হৈ আছিল মৃদুমূদ্ৰা ৷ ৰ'জ আলীৰ আক্ৰমণত কিশোৰীগৰাকীয়ে মূৰ, পিঠি, মুখ, হাতত আঘাত পাইছিল ৷ সেই তেতিয়াৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কিশোৰীগৰাকী চিকিৎসাধীন হৈ আছিল ৷

লগতে পঢ়ক: এমাহজোৰা যুদ্ধৰ অন্তত GMCH-ত মৃত্যু নলবাৰীত আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা ডেকাৰ