গোৱাৰ নাইট ক্লাবৰ অগ্নিকাণ্ডত নিহত মনজিত-ৰাহুলৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
মঙলবাৰে পুৱা মনজিত মালৰ মৃতদেহ কাছাৰৰ শিলকুৰিলৈ আৰু ৰাহুল তাঁতিৰ মৃতদেহ জিলাখনৰ কাটাল গ্ৰাণ্টস্থিত বাসগৃহলৈ অনা হয় ।

Published : December 9, 2025 at 7:03 PM IST
শিলচৰ: স্বগৃহলৈ অনা হ’ল গোৱাৰ নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত নিহত কাছাৰৰ মনজিত মাল আৰু ৰাহুল তাঁতিৰ মৃতদেহ । ধৰ্মীয় ৰীতি-নীতিৰ পাছত শেষকৃত্য সম্পন্ন কৰা হয় দুয়োৰে ৷
গোৱাত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত মঙলবাৰে পুৱা মনজিত মালৰ মৃতদেহ কাছাৰৰ শিলকুৰিলৈ আৰু ৰাহুল তাঁতিৰ মৃতদেহ জিলাখনৰ কাটাল গ্ৰাণ্টস্থিত বাসগৃহলৈ অনা হয় । কাছাৰ জিলা প্ৰশাসনে মৃতদেহ দুটা দুয়োগৰাকীৰে ঘৰলৈ আনি পৰিয়ালৰ হাতত চমজাই দিয়ে । কাছাৰ আৰক্ষীৰ হৈ জিলা আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে পৰিয়ালৰ হাতত চমজাই দিয়ে মৃতদেহ দুটা ।
আনহাতে, দুয়োগৰাকীৰে মৃতদেহ দুটা ঘৰ আহি পোৱাৰ লগে লগে দুখনকৈ ঘৰত উঠে কান্দোনৰ ৰোল ৷ ধৰ্মীয় ৰীতি-নীতিৰ পিছতে মনজিত আৰু ৰাহুলৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷
উল্লেখ্য যে, নৰ্থ গোৱাৰ আৰপোৰাত শনিবাৰে মাজনিশা এটা নাইট ক্লাবত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত পৰ্যটকসহ কমেও ২৫ জন লোকৰ মৃত্যু ঘটিছিল ৷ এই অগ্নিকাণ্ডত নিহত লোকসকলৰ মাজত আছিল অসমৰ তিনিজনকৈ লোক ৷ তেওঁলোকক ক্ৰমে কাছাৰৰ ৰাহুল তাঁতী, মনজিৎ মাল আৰু ধেমাজিৰ দিগন্ত পাতিৰ বুলি চিনাক্ত কৰা হৈছিল ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সদৰী কৰিছিল এই কথা ৷
আনহাতে, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ ৫ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বৰ্ট চাৰ্কিটৰ ফলত এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ক্লাবটোৰ মুখ্য মহাপ্ৰবন্ধককে ধৰি চাৰিজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছিল ৷
লগতে পঢ়ক: গোৱাৰ অগ্নিকাণ্ডত তিনি অসমীয়াৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

