অসমলৈ নিৰ্বাচনী প্ৰস্তুতিৰে নিৰ্বাচন আয়োগ; অসমত তিনিদিন কি কৰিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধিসকলে ?
গুৱাহাটীত উপস্থিত ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দল, নেতৃত্বত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ ৷

Published : February 16, 2026 at 9:58 PM IST
গুৱাহাটী : সমাগত অসম বিধানসভাৰ নিৰ্বাচন, ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাবে তিনিদিনীয়া কাৰ্যসূচীৰে সোমবাৰে গুৱাহাটীত উপস্থিত হৈছে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল । সোমবাৰে বিয়লি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোক ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আদৰণি জনায় ।
অসমত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোত আছে নিৰ্বাচন আয়ুক্তদ্বয় ড° এছ এছ সান্ধু আৰু ড° বিবেক যোশী, জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্তদ্বয় মনীশ গাৰ্গ আৰু ড° পৱন কুমাৰ শৰ্মা, সঞ্চালক প্ৰধান আশীষ গোৱেল, উপদেষ্টা এন এন বুটোলিয়া, সঞ্চালক বিদ্যাৰাণী কন্থৌজাম আদি ।

দেশৰ নিৰ্বাচন আয়োগৰ উচ্চ পদস্থ বিষয়াৰ দলটোৱে আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ সন্দৰ্ভত বিভিন্ন কাৰ্যসূচী তথা বৈঠকত অংশগ্ৰহণ কৰিব । কাইলৈ মঙলবাৰে ১৭ ফেব্ৰুৱাৰীত মহানগৰীৰ ৰেডিছন ব্লু হোটেলত আয়োজন কৰা কাৰ্যসূচীত নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হ'ব । এই আলোচনাত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব ।

ইয়াৰ উপৰিও, আয়োগে বিষয়াসকলে ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক, ক্ষেত্ৰীয় আৰক্ষী উপ-মহাপৰিদৰ্শক, জিলা নিৰ্বাচন বিষয়া তথা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সৈতে ভোটগ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব ।

নিৰ্বাচন আয়োগৰ প্ৰতিনিধিৰ অসম ভ্ৰমণৰ শেষৰ দিনটোত ১৮ ফেব্ৰুৱাৰী বুধবাৰৰ দিনা আয়োগৰ বিষয়াসকলে গুৱাহাটীত ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে এনফ'ৰ্চমেন্ট এজেঞ্চীৰ নোডেল তথা প্ৰধান বিষয়া, মুখ্য কাৰ্যবাহী বিষয়া, ষ্টেট পুলিচ নোডেল অফিচাৰ, চি এ পি এফ নোডেল বিষয়া তথা সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব ।

নিৰ্বাচন আয়োগৰ অসম ভ্ৰমণৰ শেষৰটো দিনৰ শেষ কাৰ্যসূচী হিচাবে, ১৮ ফেব্ৰুৱাৰীৰ বিয়লিৰ ভাগত আয়োগৰ দলটোৱে এখন সংবাদমেল সম্বোধন কৰিব আৰু বুথ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব ৷
লগতে পঢ়ক : বিধানসভা নিৰ্বাচনৰ বুজ ল'বলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচন আয়োগৰ দল

