ETV Bharat / state

মৃত্যুৰ ভাবুকি থাকিলেও ৰাইজৰ মাজত হিমন্ত !

২ কোটি টকা দিলে মুখ্যমন্ত্ৰীক মধ্য অসমতেই হত্যা কৰিব মুবাৰক আলীয়ে ! ছ’চিয়েল মিডিয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক মুবাৰকে এই মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ ৷

Fresh death threat to Assam CM on social media
মৃত্যুৰ ভাবুকি থাকিলেও ৰাইজৰ মাজত হিমন্ত ! (Himanta Biswa Sarma's FB page)
author img

By ETV Bharat Assamese Team

Published : August 17, 2026 at 9:01 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ‘‘মোলৈ হত্যাৰ ভাবুকি আহিয়ে থাকে ৷ মোৰ বাবে এইটো নতুন কথা নহয় ৷ আৰ্শীবাদ যাত্ৰাৰ সময়তো বহুতো হত্যাৰ ভাবুকি পাইছিলো ৷ কিছুমান মানুহ মোৰ ওপৰত সন্তুষ্ট নহয় ৷ যাৰ বাবে এনে ভাবুকি দি থাকে ৷’’ শেহতীয়াকৈ ৰাজ্যৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই লাভ কৰা হত্যাৰ ভাবুকি সন্দৰ্ভত তেওঁ এইদৰে মন্তব্য কৰে ৷

সোমবাৰে সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, ‘‘মোৰ বাবে হত্যাৰ ভাবুকি পাই থকাটো সাধাৰণ কথা ৷ আমাৰ আৰক্ষী বিভাগ মোক সুৰক্ষা দিবলৈ যথেষ্ট যোগ্য ৷ মই এই ভাবুকিলৈ ভয় নকৰো ৷’’

উল্লেখ্য যে, মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ আব্দুল মুতালেবৰ ফেচবুক একাউণ্টৰ পৰা স্বাধীনতা দিৱসৰ ভাষণৰ লাইভ সম্প্ৰচাৰৰ সময়ত শৰ্মাই মৃত্যুৰ ভাবুকি লাভ কৰিছিল ৷ এই অভিযোগৰ পাছতে ঘটনাৰ তদন্ত কৰি মৰিগাঁও আৰক্ষীয়ে তদন্ত কৰি মুতালেবক গ্ৰেপ্তাৰ কৰে । DGP হৰমীত সিঙে এই কথা সদৰী কৰিছিল ৷

এই ঘটনাৰ মাত্ৰ দুদিন পাছত অৰ্থাৎ সোমবাৰে (১৭ আগষ্ট) মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ দ্বিতীয়টো হত্যাৰ ভাবুকি আহে ৷ এইবাৰ সামাজিক মাধ্যমযোগে নগাঁও জিলাৰ জুৰীয়াৰ পৰা মুবাৰক আলী নামৰ এজনে এই ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে । ২ কোটি টকা দিলে মুখ্যমন্ত্ৰীক মধ্য অসমতেই হত্যা কৰিম বুলি ভাবুকি দিয়ে । এই ভাবুকি লাভ কৰাৰ পাছতে নগাঁও আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু মুবাৰক আলীৰ ঘৰত আৰক্ষীৰ এটা দল উপস্থিত হয় ৷

স্থানীয় কিছু লোকে উল্লেখ কৰা মতে, অভিযুক্ত মুবাৰক আলী কৰ্মসূত্ৰে অসমৰ বাহিৰত বাস কৰে ৷ বছৰেকত ঘৰলৈ ১০-২০ দিনৰ বাবে আহে আৰু গুচি যায় ৷ মুবাৰকৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সম্ভৱতঃ সেয়া মিছা, কাৰণ তেওঁ এনেধৰণৰ কাম কৰাৰ মানসিকতাৰ ব্যক্ত নহয় বুলি স্থানীয় লোকে কয় ৷

জুৰীয়াৰ আন এজন লোকে কয় যে কিছু লোকে হয়তো মুবাৰক আলীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে ৷ মুবাৰক একেবাৰ অশিক্ষিত ব্যক্তি ৷ লিখা-পঢ়া কৰিব নোৱাৰে ৷ তেনে স্থলত তেওঁ ফেচবুকযোগে ভাবুকি দিয়াৰ কথা অলপ আচৰিত বিষয়, সেয়ে আৰক্ষীয়ে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিব লাগে বুলি তেওঁ কয় ৷

অৱশ্যে কোন সঁচা বা কোন মিছা আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব ৷ বাতৰি লিখা পৰলৈকে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কোনো মন্তব্য প্ৰদান কৰা নাই ৷

লগতে পঢ়ক : ১ কোটি টকাৰ বিনিময়ত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক আটক