ETV Bharat / state

কাজিৰঙাত ভৰি থৈ অভিভূত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত: হাতীক খুৱালে কল-কুঁহিয়াৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি অভিভূত ভাৰতস্থ ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়েৰী মেথিউ ৷ জীপ ছাফাৰী কৰি শলাগ ল’লে কাজিৰঙাৰ সংৰক্ষণ ব্যৱস্থাৰ ৷

The French ambassador Thierry Mathieu visits Kaziranga National Park
কাজিৰঙাত হাতীৰ সৈতে থিয়েৰী মাথু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 1, 2025 at 7:17 PM IST

2 Min Read
Choose ETV Bharat

কাজিৰঙা: ২০২৫-২৬ পৰ্যটন বৰ্ষৰ আৰম্ভ হোৱাৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সোঁত বৈছে পৰ্যটকৰ । দেশী-বিদেশী পৰ্যটকে কাজিৰঙালৈ আহি উপভোগ কৰিছে নৈসৰ্গিক দৃশ্য । ইতিমধ্যে কাজিৰঙাত জীপ ছাফাৰীৰ লগতে মুকলি কৰা হৈছে হাতী ছাফাৰীও । ইয়াৰ মাজতে কাজিৰঙাত ফ্ৰান্সৰ ভাৰতস্থ ৰাষ্ট্ৰদূত থিয়েৰী মেথিউ ৷

শনিবাৰে পত্নীসহ ৰাষ্ট্ৰদূত মেথিউৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত খোলা জীপছিত উঠি অৰণ্যৰ নৈসৰ্গিক শোভা উপভোগ কৰে ৰাষ্ট্ৰদূতগৰাকীয়ে ৷ জীপ ছাফাৰী কৰি উদ্যানৰ অন্তৰ্ভাগত এটা খৰ্গযুক্ত গঁড়, বনৰীয়া ম’হ, হৰিণা আদি বিবিধ বন্যপ্ৰাণী প্ৰত্যক্ষ কৰি উৎফুল্লিত হৈ পৰা ৰাষ্ট্ৰদূত মেথিউৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে অনুভৱ ।

কাজিৰঙাত হাতীৰ সৈতে থিয়েৰী মেথিউ (ETV Bharat Assam)

অসমলৈ তেওঁ পূৰ্বেও আহিছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ তেওঁ প্ৰথম ৷ এই সন্দৰ্ভত মেথিউৱে কয়, “কাজিৰঙা বিশ্বৰ সৰ্বাধিক ঘনত্ব থকা এটা খৰ্গৰ গঁড়ৰ বাসস্থান ৷ এই উদ্যানখন ভ্ৰমণ কৰি অতিশয় আনন্দিত ৷ পৰ্যটন বৰ্ষ আৰম্ভ হৈছে আৰু উদ্যান দৰ্শন কৰিবলৈ পৰ্যটকৰ সমাগম ঘটিছে ৷" আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ ব্যৱস্থাৰ শলাগ লৈ উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষক মুকলিকৈ প্ৰশংসা কৰে ৰাষ্ট্ৰদূত থিয়েৰী মেথিউৱে ৷

The French ambassador Thierry Mathieu visits Kaziranga National Park
বাগৰি ইক’ শ্বপত প্ৰদৰ্শন কৰি থোৱা তাঁতশাল প্ৰত্যক্ষ কৰে মেথিউৱে (ETV Bharat Assam)
The French ambassador Thierry Mathieu visits Kaziranga National Park
বন্যহস্তীক খুৱালে কুঁহিয়াৰ (ETV Bharat Assam)

ইপিনে, বনাঞ্চলখনত জীপ ছাফাৰী কৰি আহি বাগৰি বনাঞ্চলৰ প্ৰৱেশদ্বাৰৰ সমীপত বিভাগীয় পোহনীয়া হাতীক কল-কুঁহিয়াৰ খুৱাই আনন্দ লয় ৰাষ্ট্ৰদূতগৰাকীয়ে ৷ লগতে বাগৰি ইক’ শ্বপ দৰ্শন কৰাৰ লগতে তাত প্ৰদৰ্শন কৰি থোৱা তাঁতশাল প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ ব্যৱস্থাপনাৰ বাবে ফ্ৰান্সৰ তৰফৰ পৰা আৰ্থিক সহযোগ আগবঢ়োৱা হৈছিল ৷

লগতে পঢ়ক: জুবিন ৰাইজৰ সম্পত্তি আছিল, ৰজাৰ সম্পত্তি নাছিল: মুখ্যমন্ত্ৰী

জনজাতিকৰণৰ দাবীত এইবাৰ যোৰহাট-মৰাণৰ ৰাজপথ উত্তাল