ঈশ্বৰে বচালেহে বচোৱা ! ঢেকীয়াপতীয়া খেদিবলৈ বন বিভাগৰ ধূপ জ্বলাই প্ৰাৰ্থনা
বুধবাৰে নিশা কেইজনমান যুৱকে ভাওনা চাই ঘৰলৈ ওভতাৰ সময়তে মালৌআলিৰ ভোগদৈ দলঙৰ ওপৰত প্ৰত্যক্ষ কৰে ঢেকীয়াপতীয়া ৷

Published : November 27, 2025 at 7:29 PM IST
যোৰহাট: সময়ৰ লগে লগে ক্ৰমাৎ হ্ৰাস পোৱাৰ উপক্ৰম হৈছে ঢেকীয়াপতীয়া ৷ কিন্তু তাৰ মাজতে বুধবাৰে নিশা যোৰহাটৰ মাজমজিয়াৰ ভোগদৈৰ দলঙত নিশাৰ এন্ধাৰত চফৰ কৰা দেখা যায় এটা ঢেকীয়াপতীয়াক ৷
বুধবাৰে নিশা কেইজনমান যুৱকে ভাওনা চাই ঘৰলৈ ওভতাৰ সময়তে মালৌআলিৰ ভোগদৈ দলঙৰ ওপৰত প্ৰত্যক্ষ কৰে এটা ঢেকীয়াপতীয়া ৷ যাৰ দৃশ্য যুৱক কেইজনে নিজৰ ম’বাইলত আবদ্ধ কৰি ৰাখে ৷
পৰৱৰ্তী সময়ত এই খবৰ বতাহৰ দৰে নিমিষতে বিয়পি পৰে ৷ যাৰ বাবে যোৰহাটৰ সমীপৱৰ্তী ঢেকৰগড়া মনাইমাজি নামৰ বৃহত্তৰ অঞ্চলটোত হুৱাদুৱা লাগে ৷ বৃহস্পতিবাৰে দিনৰ ভাগতো ঢেকীয়াপতীয়াটো প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে ৷ কৃষকসকলে ধাননি পথাৰলৈ যাবলৈও ভয় কৰা দেখা যায় ৷
জিলাখনৰ মাজমজিয়াতে ঢেকীয়াপতীয়া ওলোৱাৰ খবৰ পোৱাৰ পিছত বৃহস্পতিবাৰে দিনৰ ভাগত বন বিভাগৰ এটা দল উপস্থিত হয় ৷ দলটোৱে ঢেকীয়াপতীয়াটোৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ অৱশ্যে বাঘটোৰ অৱস্থিতি ধৰা পেলাব নোৱৰাৰ লগতে খোজৰ চিনসমূহ প্ৰত্যক্ষ কৰি সেয়া ঢেকীয়াপতীয়াটোৰে বুলি নিশ্চিত কৰে ৷ আমোদজনক কথাটো হ'ল যে ঢেকীয়াপতীয়াটোৱে যাতে কোনো ধৰণৰ হানি-বিঘিনি নঘটাই তাৰ বাবে বন বিভাগে ধূপ জ্বলাই প্ৰাৰ্থনাও কৰে ৷
ঢেকীয়াপতীয়া প্ৰত্যক্ষ কৰাৰ সন্দৰ্ভত স্থানীয় লোকে কয়, ‘‘মই গাখীৰ খিৰাই থকাৰ সময়ত বাঘটো দেখিছিলো আৰু গাখীৰ আধাতে এৰি ভিতৰলৈ সোমাই আহিলোঁ ৷ বাঘটো বহুত ওখ আৰু দীঘল, ভৰিবোৰ ডাঙৰ ডাঙৰ । সেই কথা সকলোকে কোৱাত উক্ত স্থানত স্থানীয় ৰাইজ উপস্থিত হয় ৷ সকলোৱে চিঞৰ-বাখৰ কৰাত উক্ত স্থানৰ পৰা বাঘটোৱে পলায়ন কৰে । এইটো এটা ঢেকীয়াপতীয়া বাঘ হয়, কাৰণ তাৰ গাটোত দীঘল দীঘল আঁচ আছে ৷ ইতিমধ্যে খোজবোৰ প্ৰত্যক্ষ কৰি যোৰহাটৰ বন বিভাগেও এইটো ঢেকীয়াপতীয়া বাঘ বুলিয়েই নিশ্চিত কৰিছে ।’’
আন এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়, ‘‘মই ঘৰৰ পিছফালে যেতিয়া জুইৰ ওচৰত বহি আছিলো, তেতিয়া হঠাৎ কুকুৰে ভুকিবলৈ আৰম্ভ কৰিছিল ৷ কুকুৰে ভুকাৰ লগে লগে বাঘটোৱে দুটা চিঞৰ মাৰিছিল ৷ তেতিয়া মোৰ ল’ৰাটোৱে ক’লে- দেউতা সেইটো বাঘ, আপুনি ওলাই নাযাব আৰু ল’ৰাটোৱে মোক জুইৰ ওচৰৰ পৰা টানি ভিতৰলৈ লৈ আনিলে ৷ আমি পিছত গম পালো যে আমাৰ পিছফালে থকা পথাৰৰ ওচৰৰ ফিচাৰীত বাঘটোৱে অৱস্থান কৰিছে ৷ আমি সেয়া প্ৰত্যক্ষ কৰি থাকোতে মোৰ পৰিবাৰে বাঘ বাঘ বুলি চিঞৰি দিলে ৷ তেতিয়াই সেই স্থান ত্যাগ কৰে বাঘটোৱে ৷ এইটো এটা ঢেকীয়াপতীয়া বাঘ । বাঘটো বহুত ওখ হয় আৰু চাইকেলখনৰ সমান দীঘল, ভৰিকেইটা বহুত শকত ।’’
লগতে পঢ়ক: সময়ৰ খেল ! এদিন বিজেপিক ঘোৰ সমালোচনা কৰি কাৰাগাৰলৈ যোৱা ছাত্ৰনেতা এতিয়াৰে পৰা হ’ল গেৰুৱা বসনধাৰী

