ETV Bharat / state

বৰদিন পালনক লৈ নলবাৰীৰ বিদ্যালয়ত সন্ত্ৰাস: গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী নেতা

ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰা নলবাৰীকাণ্ডৰ চাৰি নেতাক অৱশেষত গ্ৰেপ্তাৰ কৰিলে বেলশৰ আৰক্ষীয়ে ৷

Nalbari Christmas controversy
বৰদিন পালনক লৈ নলবাৰীৰ বিদ্যালয়ত সন্ত্ৰাস: গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী নেতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 25, 2025 at 8:32 PM IST

5 Min Read
Choose ETV Bharat

নলবাৰী : বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰা তথা বৰদিন পালন কৰিব নিদিওঁ বুলি হংকাৰ দিয়া নেতাক গ্ৰেপ্তাৰ বেলশৰ আৰক্ষীৰ । সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নলবাৰীৰ বিশ্ব হিন্দু পৰিষদৰ চাৰিজন নেতাক অৱশেষত বেলশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

ধৃত নেতাকেইজন হৈছে বিশ্ব হিন্দু পৰিষদ, নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ-সভাপতি মানস পাটগিৰি, সহ-সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমণি তালুকদাৰ ।

বৰদিন পালনক লৈ নলবাৰীৰ বিদ্যালয়ত সন্ত্ৰাস: গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী নেতা (ETV Bharat Assam)

উল্লেখ্য যে বুধবাৰে উক্ত নেতাকেইগৰাকীৰ নেতৃত্বত নলবাৰীৰ বিভিন্ন প্ৰান্তত বৰদিনৰ সামগ্ৰী বিক্ৰী কৰা দোকানত গৈ লণ্ডভণ্ড কৰাৰ লগতে পানীগাঁও ছেণ্ট মেৰিজ বিদ্যালয়লৈ গৈ যীশুৰ মূৰ্তি ভঙাৰ লগতে বৰদিনৰ বাবে আয়োজন কৰা সকলো সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে দাহ কৰিছিল ৷

আটকাধীন নেতাকেইজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত Belsor P.S. vide Case No. 116/2025 under Sections 329(3), 326(f), 189(2), 351(2), 324(3), 324(4) and 61(2) গোচৰ ৰুজু কৰা হয় ।

বৃহস্পতিবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সমগ্ৰ বিশ্বজুৰি উলহ-মালহেৰে পালন কৰে পৱিত্ৰ বৰদিন । কিন্তু এই পৱিত্ৰ বৰদিনৰ আগদিনা বুধবাৰে নলবাৰী আৰু পশ্চিম নলবাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে বৰদিনৰ সামগ্ৰী নষ্ট কৰি বৰদিন বৰ্জনৰ হুংকাৰ দিছিল । নলবাৰী চহৰৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু শ্বপিং মলত মজুত থকা বৰদিনৰ সামগ্ৰীও নষ্ট কৰি ৰাজপথত দাহ কৰিছিল বজৰং দলে ।

কেৱল ইমানেই নহয়, হিন্দুত্ববাদী সংগঠনকেইটাই নলবাৰীত কেৱল ভাৰতীয় মূলৰ সংস্কৃতিৰ অনুষ্ঠানহে আয়োজন কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰি দিছিল জয় শ্ৰীৰাম ধ্বনি । তাৰ পিছতে সংগঠনটোৰ কেইবাজনো লোকে পশ্চিম নলবাৰীৰ পানীগাঁওস্থিত ছেণ্ট মেৰিজ ইংলিছ স্কুললৈ গৈ নষ্ট কৰিছিল বৰদিনৰ সামগ্ৰী ।

Nalbari Christmas controversy
লণ্ডভণ্ড কৰা সামগ্ৰী সংগ্ৰহ আৰক্ষীৰ (ETV Bharat Assam)

ছাত্র-ছাত্ৰীসকলে উলহ-মালহেৰে বৰদিন পালনৰ বাবে সকলো প্ৰস্তুতি চলাই থকাৰ পিছত সংগঠনটোৰ কেইবাজনো সদস্যই প্ৰথমে অধ্যক্ষগৰাকীক বিচাৰিছিল যদিও তেওঁক নাপাই যীশুৰ মূৰ্তি এটি ভঙা বুলি স্বীকাৰ কৰি বিদ্যালয়ৰ চৌহদত আয়োজিত বৰদিনৰ সকলো প্ৰস্তুতি নষ্ট কৰি জয় শ্ৰীৰাম, বজৰং দলৰ জয়ধ্বনি দিছিল ।

এই ঘটনাৰ পিছতে বৃহস্পতিবাৰে বিদ্যলয়খনত উপস্থিত হয় আৰক্ষীৰ এটি শীৰ্ষ দলৰ লগতে স্থানীয় বেলশৰ আৰক্ষীও । আৰক্ষীৰ দলটোৱে বজৰং দলে নষ্ট কৰি পেলাই থৈ যোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰি তদন্তৰ বাবে লৈ যায় ।

এই সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষ বাইজু চাপাঝীয়ে জানিবলৈ দিয়া মতে, "কালি মই বিদ্যালয়ত নাছিলোঁ, মাত্ৰ এগৰাকী ছিষ্টাৰ উপস্থিত আছিল । তেওঁলোকে এটি ১৫-২০ জনীয়া বজৰং দলৰ লোকে গে'টেৰে সোমাই আহি প্ৰথমে মোক বিচাৰিছিল । মই নথকা বুলি জনাই দিয়াৰ পিছতে আমাৰ বিদ্যালয়ৰ বৰদিনৰ প্ৰস্তুতিৰ সকলো সামগ্ৰী এফালৰ পৰা নষ্ট কৰি দিয়ে । আমাৰ ছাত্ৰ-ছাত্ৰীয়ে অতি আগ্ৰহেৰে এইবোৰ সৰু সৰু লাইটেৰে সজাইছিল ।"

তেওঁ লগতে কয়, "আমাৰ ইয়াত বৰদিন আৰু নতুন বৰ্ষ একেলগে উদযাপন কৰে ছাত্র-ছাত্ৰীয়ে । তেওঁলোকে সকলো নষ্ট কৰি জ্বলাই দিয়ে । মই নাজানো তেওঁলোক কোন, কিয় আহিছিল । ইয়াত কোনো সংগঠনৰ নামো কোৱা নাছিল । তাৰ পিছতে মই আৰক্ষীক খবৰ দিছিলোঁ । আৰক্ষী অহাৰ আগতে তেওঁলোকে শিল মাৰিছিল গে'টত । বাহিৰত নামভৰ্তিৰ বেনাৰ এখন মাৰিছিলোঁ, সেইখনো ফালি থৈ গৈছিল ।"

মূৰ্তি নষ্ট কৰা সন্দৰ্ভত তেওঁ কয়, "আমাৰ ইয়াৰে মূৰ্তিটো নষ্ট কৰিছে । কালি আৰক্ষীয়ে চাই যোৱাত আজি সামগ্ৰীসমূহ উদ্ধাৰ কৰি সঠিক তদন্ত কৰাৰ আশ্বাস দিয়ে । মই অসম চৰকাৰক আহ্বান জনাওঁ যে এইখন ধৰ্মনিৰপেক্ষ দেশ । ইয়াত সকলো ধৰ্মৰ লোকে নিজ নিজ ধৰ্ম পালন কৰি আহিছে । তেওঁলোকৰ এনে কাৰ্যৰ এক উচিত তদন্ত কৰক ।"

Nalbari Christmas controversy
বিদ্যালয়ত উপস্থিত আৰক্ষী প্ৰশাসনৰ লোক (ETV Bharat Assam)

আনহাতে, বুধবাৰৰ এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া আগবঢ়াই বিজেপিৰ প্ৰাক্তন বিধায়ক তথা ন-কংগ্ৰেছী অশোক শৰ্মাই । অশোক শৰ্মায়ো তেনে কাৰ্যক ধিক্কাৰ জনাই কয়, "কালি তেওঁলোকে কৰা কাৰ্যক নলবৰীয়া হিচাপে লজ্জাবোধ কৰিছোঁ । এয়া এক চিন্তাৰ বিষয় । সংবিধানে ভাতবৰ্ষত সকলো ধৰ্মকে সমান অধিকাৰ দিছে । সংবিধানৰ কথা বাদ দিলেও উক্ত সংগঠনটোৱে যিটো আদৰ্শত নিমজ্জিত, সেইমৰ্মে তেওঁলোকৰ তেনে কাৰ্য উচিত হোৱা নাই । ভাৰতবৰ্ষখন ধৰ্মনিৰপেক্ষ দেশ । ইয়াত সকলোকে নিজ নিজ ধৰ্ম পালনৰ বাবে সম-অধিকাৰ দিছে । আজি যিটো দলে ৰাজ্যত শাসন চলাই আছে, ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চশীল নীতি আৰু আদৰ্শ আছে । তাৰ তৃতীয় নীতিয়েই হ'ল সৰ্ব ধৰ্ম সমভাব । তাকো তেওঁলোকে আওকাণ কৰি নলবাৰীত যি কাম কৰিছে, তাত মই দুখ পাইছোঁ ।"

ইফালে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়েও বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কাৰ্যক গৰিহণা দি লজ্জাবোধ অনুভৱ কৰে । বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে কয়, "তেওঁলোকে যিধৰণে ইয়াত বীৰত্ব দেখুৱাই গ'ল সেয়া দুখজনক । জয় শ্ৰীৰাম ধ্বনি দি অইন ধৰ্মক আঘাত হনাটো অতিকৈ ভুল কাৰ্য । ভাৰতবৰ্ষত সকলোৱে নিজ নিজ ধৰ্ম উদযাপন কৰিব পাৰে । কালি তেওঁলোকে যেনেকুৱা আচৰণ কৰিছে, যেন গুণ্ডা পাৰ্টীহে । এয়া জুবিনৰ দেশ । সকলোৱে মিলিজুলি থাকিব লাগিব ।"

লগতে পঢ়ক :বৰদিন বৰ্জন কৰাৰ দাবীৰে দাহ কৰিলে বৰদিনৰ সামগ্ৰী
লগতে পঢ়ক :বৰদিনত উলাহে নধৰা হিয়া: গীৰ্জাসমূহত ভক্ত-দৰ্শনাৰ্থীৰ ভিৰ