ETV Bharat / state

দহ হাজাৰ টকা লৈ কিদৰে যোৰহাটৰ পৰা শ্বিলঙত উপস্থিত হৈছিল চাৰি শিক্ষাৰ্থী ?

যোৰহাটলৈ অনা হ'ল শ্বিলঙত উদ্ধাৰ কৰা চাৰি শিক্ষাৰ্থীসহ এজন যুৱকক ৷

JORHAT NEWS
যোৰহাটলৈ অনা হ'ল শ্বিলঙত উদ্ধাৰ কৰা চাৰি শিক্ষাৰ্থীসহ এজন যুৱকক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 2:00 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: শ্বিলঙৰ পৰা উদ্ধাৰ কৰি যোৰহাটলৈ ঘূৰাই আন হ'ল নিৰুদ্দেশ হোৱা চাৰি শিক্ষাৰ্থীক ৷ উল্লেখ্য যে, শনিবাৰে পুৱা বিদ্যালয়লৈ বুলি ওলাই গৈ যোৰহাটৰ পৰা নিৰুদ্দেশ হোৱা চাৰি শিক্ষাৰ্থীক সোমবাৰে শ্বিলঙত সন্ধান পোৱা গৈছিল ৷ মঙলবাৰে শ্বিলঙৰ পৰা উদ্ধাৰ কৰি যোৰহাটলৈ অনা হ'ল চাৰি শিক্ষাৰ্থীক ৷

বৰ্তমান চাৰিগৰাকী শিক্ষাৰ্থীসহ এজন যুৱকক পুলিবৰ আৰক্ষী থানাত ৰখা হৈছে । ঘটনাৰ বিবৰণি অনুসৰি, চাৰিগৰাকী শিক্ষাৰ্থীয়ে ফুৰিবলৈ বুলি ওলাই গৈছিল আৰু ঠাই সলনি হৈ শ্বিলঙত উপস্থিত হৈছিল । নবালক ছাত্র-ছাত্রী কেইগৰাকীয়ে ফুৰিবলৈ বুলি ওলাই গৈছিল স্কুলৰ পোছাকতেই আৰু ঠাই চিনি নোপোৱা বাবে নবালক শিক্ষাৰ্থী কেইগৰাকীয়ে পুলিবৰ গন্ধিয়া গাঁৱৰ মুকু বৰাকো লগত লৈ গৈছিল ।

যোৰহাটলৈ অনা হ'ল শ্বিলঙত উদ্ধাৰ কৰা চাৰি শিক্ষাৰ্থীসহ এজন যুৱকক (ETV Bharat Assam)

উক্ত ঘটনা সন্দৰ্ভত এগৰাকী অভিভাৱকে কয়,"চাৰিগৰাকীকৈ শিক্ষাৰ্থীক আমি সুকলমে পালো ৷ চাৰিগৰাকী ফুৰিবলৈ গৈছিল ৷ ঠাই সলনি হোৱাৰ বাবে এনে পৰিস্থিতি সন্মুখীন হ'ল ৷ আনহাতে মুকু বৰা নামৰ যুৱকজনে আমাৰ ল'ৰা-ছোৱালীকেইটাক উদ্ধাৰ কৰাত সহায় কৰিছে ৷ আমাৰ ল'ৰা-ছোৱালীকেইটা সুকলমে পোৱাত সহায় কৰাৰ বাবে আৰক্ষী আৰু সাংবাদিকক ধন্যবাদ জনাইছো ।"

JORHAT NEWS
চাৰি শিক্ষাৰ্থীসহ শ্বিলঙত উদ্ধাৰ হোৱা যুৱকজন (ETV Bharat Assam)

তাপৰ্যপূৰ্ণ যে, মেঘালয় আৰক্ষীৰ সহযোগত চাৰি শিক্ষাৰ্থীসহ আন এগৰাকী যুৱকক উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ বিশেষ সুত্ৰই জনোৱা মতে, ফুৰিবলৈ গৈছিল শিক্ষাৰ্থীসকল ৷ চাৰিগৰাকীয়ে মিলি হাতত দহ হাজাৰ টকা লৈ ফুৰিবলৈ গৈছিল আৰু পুলিবৰ গন্ধিয়া গাঁৱৰ মুকু বৰা নামৰ এজন যুৱকক লগত গৈছিল চাৰি শিক্ষাৰ্থীয়ে । উল্লেখ্য যে মুকু বৰাক ঠাই চিনি পোৱাৰ বাবে তেওঁলোকে লগত লৈ গৈছিল বুলি আৰক্ষী বিশেষ সুত্ৰটোৱে জানিবলৈ দিছে ৷

লগতে পঢ়ক:যোৰহাটৰ পৰা নিৰুদ্দেশ হোৱা চাৰি শিক্ষাৰ্থীৰ সন্ধান ওলাল