ETV Bharat / state

প্ৰেমজনিত নে আন কিবা ! বিদ্যালয়ৰ পোছাকতেই নিৰুদ্দেশ দুগৰাকী ছাত্ৰ আৰু দুগৰাকী ছাত্ৰী

বিদ্যালয়ৰ পোছাকতেই নিৰুদ্দেশ চাৰিগৰাকীকৈ শিক্ষাৰ্থী ৷ এগৰাকী শিক্ষাৰ্থীয়ে ঘৰত লিখি গৈছে টোকা ৷ অভিভাৱকৰ মতে এয়া অপহৰণকাণ্ড ৷ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Four Students Missing Under Mysterious Circumstances in Jorhat
বিদ্যালয়ৰ পোছাকতেই নিৰুদ্দেশ চাৰিগৰাকীকৈ শিক্ষাৰ্থী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 2:50 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : পুনৰ শিক্ষাৰ্থী নিৰুদ্দেশৰ ঘটনা ৷ এইবাৰ বিদ্যালয়ৰ পোচাকতে নিৰুদ্দেশ হ’ল চাৰিগৰাকী শিক্ষাৰ্থী ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটত ৷ নিৰুদ্দেশ হোৱা শিক্ষাৰ্থীকেইজন ক্ৰমে - মানস বৰা (একাদশ), বন্দনা বৰা (সপ্তম), ইয়াচী নেওগ (একাদশ) আৰু ৰিধিমান বৰা (একাদশ) বুলি জানিব পৰা গৈছে ৷

নিৰুদ্দেশ হোৱা শিক্ষাৰ্থীকেইগৰাকীৰ অভিভাৱকে উল্লেখ কৰা মতে, শনিবাৰে পুৱা ভাগত বিদ্যালয়ৰ পোচাকতে ঘৰৰ পৰা ওলাই গৈছিল ৷ কিন্তু বিয়লি ভাগত শিক্ষাৰ্থীকেইগৰাকী বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে অভিভাৱকসকল ৷ পৰৱৰ্তী সময়ত অভিভাৱকসকলে কাষ চাপে আৰক্ষীৰ আৰু তেওঁলোকে দেওবাৰে পুৱা যোৰহাট আইএছবিটি আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷

অভিভাৱক (ETV Bharat Assam)

নিৰুদ্দেশ হোৱা শিক্ষাৰ্থীৰ অভিভাৱকে এই ঘটনাক অপহৰণকাণ্ড বুলি অভিহিত কৰিছে ৷ আনহাতে, ইয়াচী নেওগ নামৰ ছাত্রীগৰাকীৰ ঘৰত এখন চিঠি উদ্ধাৰ হৈছে ৷ সেই চিঠিখনত ইয়াচীয়ে উল্লেখ কৰা মতে, তেওঁৰ পিতৃ-মাতৃয়ে ভবা দৰে পৰীক্ষাত ৰিজাল্ট ভাল কৰিব নোৱৰাৰ বাবেই ঘৰৰ পৰা ওলাই গৈছে ৷ যোৰহাটৰ তিনিখনকৈ আগশাৰীৰ শিক্ষানুষ্ঠানৰ চাৰিগৰাকী শিক্ষাৰ্থী বিদ্যালয় পোছাকত নিৰুদ্দেশ হোৱা ঘটনাই সৰ্বত্ৰে চাঞ্চল্য সৃষ্টি কৰিছে ।

ইফালে ৰহস্যজনকভাৱে যোৰহাটৰ পৰা সন্ধানহীন হোৱা শিক্ষাৰ্থীৰ অৱস্থিতি মৰিগাঁৱত পোৱা গৈছে বুলি আৰক্ষীৰ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷ শিক্ষাৰ্থী কেইগৰাকীৰ ম’বাইলৰ লোকেশ্ব’ন ট্ৰেক কৰি আৰক্ষীয়ে এই তথ্য লাভ কৰিছে ৷ অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকে ম’বাইল অফ কৰি দিয়াত তেওঁলোকৰ শেহতীয়া অৱস্থিতিৰ বিষয়ে আৰক্ষীয়ে কোনো তথ্য লাভ কৰা নাই ৷ তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত এই কথা আৰক্ষীয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰা নাই ৷

Four Students Missing Under Mysterious Circumstances in Jorhat
আৰক্ষী চকীত দাখিল দিয়া এজাহাৰ (ETV Bharat Assam)

নিৰুদ্দেশ হোৱা এগৰাকী শিক্ষাৰ্থীৰ মাতৃয়ে কয়, ‘‘মোক কৈছিল ভাওনা চাবলৈ আহিছো, অলপ পাছতেই ঘৰলৈ গৈ আছো বুলি ৷ কিন্তু সি ঘৰলৈ নাহিল ৷ পাছত তাক ফোন কৰাত মোবাইলটো অফ পোৱা গ’ল ।’’

আন এগৰাকী শিক্ষাৰ্থীৰ মাকে অভিযোগ কৰে যে আটাইকেইগৰাকী কোনো লোকে অপহৰণ কৰি নিছে ৷ কাৰণ তেওঁলোকক গাড়ীত উঠাই থকা কোনো লোকে প্ৰত্যক্ষ কৰিছে ৷ এয়া এক অপহৰণকাণ্ড ।’’

জানিব পৰা মতে, আৰক্ষীয়েও উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ অৱশ্যে তদন্তৰ খাতিৰতে আৰক্ষীয়ে সংবাদ মাধ্যমৰ সমুখত কোনো মন্তব্য প্ৰদান কৰা নাই ৷

লগতে পঢ়ক : তামিলনাডুৰ পৰা পুনৰ নিৰুদ্দেশ অসমৰ যুৱক, দহদিনে শৰতৰ নাই সন্ধান

লগতে পঢ়ক : দেশজুৰি নিৰুদ্দেশ হৈছে হাজাৰ হাজাৰ শিশু-কিশোৰ: ব্যতিক্ৰম মাথো মিজোৰাম