ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বান আৰু বন্যপ্ৰাণীৰ জীৱন সংগ্ৰাম : বান মোকাবিলাৰ বাবে প্ৰস্তুত নে অসমৰ ৰাষ্ট্ৰীয় উদ্যান ?

সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ বানপ্ৰৱণ চাৰিখন ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ।

Assam National Parks
বান মোকাবিলাৰ প্ৰস্তুত নে অসমৰ ৰাষ্ট্ৰীয় উদ্যান ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 4, 2026 at 7:54 PM IST

6 Min Read
Choose ETV Bharat

তেজপুৰ : অসমৰ জনসাধাৰণৰ বাবে বান যেনেকৈ এক চিৰপৰিচিত বাস্তৱতা, তেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বন্যপ্ৰাণীৰ বাবেও ই প্ৰতি বছৰৰ এক অনিবাৰ্য জীৱন সংগ্ৰাম । বাৰিষাৰ বৰষুণ বৃদ্ধি পোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ জলস্তৰ বৃদ্ধি পায় ।

বিশেষকৈ কাজিৰঙা, মানস, ওৰাং আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ এলেকা পানীৰ তলত ডুব যায় । তেতিয়াই জীৱন ৰক্ষাৰ বাবে গঁড়, হাতী, বাঘ, বনৰীয়া ম'হ, জলহৰিণ, বান্দৰ, সৰীসৃপ আৰু অগণন চৰাই উচ্চভূমিৰ দিশে ওলাই আহে । সেই সময়তে বন বিভাগৰ সন্মুখত আহি পৰে বন্যপ্ৰাণী সুৰক্ষা, উদ্ধাৰ অভিযান আৰু চোৰাং চিকাৰ ৰোধৰ এক কঠিন দায়িত্ব ।

Assam National Parks
অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসংখ্যা (ETV Bharat Assam Graphic)

অসমত বৰ্তমান সাতখন ৰাষ্ট্ৰীয় উদ্যান আছে । ইয়াৰে ভিতৰত কাজিৰঙা (১,৩০৭.৪৯ বৰ্গ কিলোমিটাৰ), মানস (৫০০ বৰ্গ কিলোমিটাৰ), ডিব্ৰু-চৈখোৱা (৩৪০ বৰ্গ কিলোমিটাৰ) আৰু ওৰাং (৭৮.৮১ বৰ্গ কিলোমিটাৰ) নিয়মীয়াকৈ বাৰ্ষিক বানৰ কবলত পৰে ।

আনহাতে, নামেৰী (২০০ বৰ্গ কিলোমিটাৰ), ডিহিং-পাটকাই (২৩১.৬৫ বৰ্গ কিলোমিটাৰ) আৰু ৰাইমনাত (৪২২ বৰ্গ কিলোমিটাৰ) প্ৰচুৰ বৰষুণ হ'লেও বিস্তৃত বানৰ প্ৰভাৱ তুলনামূলকভাৱে কম ।

কাজিৰঙাত ১,৫৮৯ জন বনকৰ্মী, ১৪ খন নাও আৰু দুখন এম্বুলেন্স

ৰাজ্যৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক বানপ্ৰৱণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত এইবাৰো বানৰ পূৰ্বেই সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে । উদ্যান সঞ্চালক ডঃ চি ৰমেশৰ মতে, বানকালীন উদ্ধাৰ অভিযান আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ১,৫৮৯ জন বনকৰ্মী, ১৪ খন নাও আৰু দুখন এম্বুলেন্স মোতায়েন কৰি ৰখা হৈছে ।

Assam National Parks
কাজিৰঙাত উপলব্ধ সুবিধা (ETV Bharat Assam Graphic)

স্থানীয় ৰাইজ আৰু বনকৰ্মীক লৈ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে বানৰ সময়ত ২৪ ঘণ্টীয়া নিৰীক্ষণ ব্যৱস্থাও সক্ৰিয় কৰা হৈছে বুলি তেওঁ জনায় ।

বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত তিনিটা ভাসমান শিবিৰ

কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকা তথা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণৰ অন্তৰ্ভুক্ত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলতো বানৰ পূৰ্বে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । সংমণ্ডল বন বিষয়া ঋতুপৱন বৰাৰ মতে, গাঁওবাসী আৰু প্ৰশিক্ষিত স্বেচ্ছাসেৱকৰ সৈতে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে টৰ্চ, ৰেইন কোট, প্ৰাথমিক চিকিৎসা সামগ্ৰী আৰু উদ্ধাৰ সঁজুলি বিতৰণ কৰা হৈছে ।

Assam National Parks
ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ জলকেলি (ETV Bharat Assam)

সংমণ্ডলটোত ৩৬টা চোৰাং চিকাৰবিৰোধী শিবিৰ আছে । ইয়াৰ উপৰি ৩টা নতুন ভাসমান শিবিৰ আৰম্ভ কৰা হৈছে । বিগত বৰ্ষত হাতীবালু আৰু ভুজমাৰী নামৰ দুটা চোৰাং চিকাৰবিৰোধী শিবিৰ খহনীয়াত ক্ষতিগ্ৰস্ত হৈছিল যদিও বনকৰ্মীসকলে অস্থায়ী শিবিৰৰ পৰা নাওযোগে টহল দিয়োটা অব্যাহত ৰাখিছিল । আনহাতে, গঁড় আৰু বাঘ উদ্ধাৰৰ বাবে নতুন পৰিবহণ ব্যৱস্থা সাজু কৰি ৰখা হৈছে ।

বন্যপ্ৰাণীৰ সুৰক্ষিত চলাচল নিশ্চিত কৰিবলৈ বিশ্বনাথ জিলা প্ৰশাসনে বিএনএছএছৰ (BNSS) ১৬৩ নং ধাৰা অনুসৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰয়োজন অনুসৰি অস্থায়ী বেৰিকেড স্থাপনৰ ব্যৱস্থা কৰিছে বুলি জনায় ।

ওৰাঙত ৪৯টা চোৰাং চিকাৰবিৰোধী শিবিৰ, ৬৮ খন নাও

ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো বানৰ পূৰ্বে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে । উদ্যানখনৰ সঞ্চালক প্ৰদীপ্ত বৰুৱাৰ মতে, উদ্যানখনত ৪৯টা চোৰাং চিকাৰবিৰোধী শিবিৰ, ৫০ খন দেশীয় নাও, ৬ খন ৰবৰৰ নাও, এখন স্পীডব'ট, ১০ খন ইঞ্জিনচালিত নাও (ভটভটি) আৰু ৭০ অশ্বশক্তিৰ এখন উদ্ধাৰ নাও সাজু কৰি ৰখা হৈছে ।

Assam National Parks
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ সুবিধা (ETV Bharat Assam Graphic)

লগতে এটা প্ৰশিক্ষিত K-9 স্নিফাৰ কুকুৰো সংৰক্ষণমূলক অভিযানত নিয়োজিত আছে । বিগত বৰ্ষত প্ৰায় ২০টা চোৰাং চিকাৰবিৰোধী শিবিৰ বানপানীত প্লাৱিত হৈছিল ।

মানসত ১০৩টা চোৰাং চিকাৰবিৰোধী শিবিৰ, তথ্য গোপন কৰ্তৃপক্ষৰ

ইফালে ভূটান সীমান্তৱৰ্তী মানস ৰাষ্ট্ৰীয় উদ্যানতো বানৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে । ভূটান সীমান্তৱৰ্তী তথা ইউনেস্ক'ৰ (UNESCO) বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত মানস ৰাষ্ট্ৰীয় উদ্যানো হিমালয়ৰ পৰা নামি অহা নদীৰ বানৰ সন্মুখীন হয় । উদ্যানখনত ১০৩টা চোৰাং চিকাৰবিৰোধী শিবিৰ আছে ।

কৰ্তৃপক্ষই স্বীকাৰ কৰিছে যে ইয়াৰে এটা শিবিৰ বানপানীত ক্ষতিগ্ৰস্ত হয় । কিন্তু বাৰে বাৰে যোগাযোগ কৰাৰ পিছতো বান প্ৰস্তুতি, শিবিৰটোৰ অৱস্থান অথবা গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উদ্যান কৰ্তৃপক্ষই কোনো বিশদ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ।

ডিব্ৰু-চৈখোৱাত ৭টা চোৰাং চিকাৰবিৰোধী শিবিৰ, ৩টা ভাসমান শিবিৰ, ২টা দ্ৰুত সঁহাৰি দল

ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীৰ মাজত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ পূৰ্বে প্ৰস্তুতি জোৰদাৰ কৰা হৈছে । তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়া বিবিচন টকবিৰ মতে, উদ্যানখনত ৭টা চোৰাং চিকাৰবিৰোধী শিবিৰ, ৩টা ভাসমান শিবিৰ আৰু ২টা দ্ৰুত সঁহাৰি দল (Rapid Response Team) নিয়োজিত কৰা হৈছে ।

সকলো কেম্পত নাও, ইনফ্লেটেবল ৰাবাৰ ব'ট আৰু লাইফ জেকেটৰ ব্যৱস্থা কৰা হৈছে । জৰুৰী পৰিস্থিতিত তাৎক্ষণিক উদ্ধাৰ অভিযান চলোৱাৰ বাবে দলসমূহ সদায় সাজু থাকিব বুলি টকবিয়ে জনায় ।

বানে ধ্বংসও আনে, জীৱনো ঘূৰাই দিয়ে

বানপানীয়ে সাময়িকভাৱে বন্যপ্ৰাণী, বনকৰ্মী আৰু নদীপাৰৰ বাসিন্দাসকলক বিপদৰ সন্মুখীন কৰে । কিন্তু সংৰক্ষণ বিশেষজ্ঞসকলৰ মতে, এই বান অবিহনে ব্ৰহ্মপুত্ৰ উপত্যকাৰ নদীমাতৃক পৰিৱেশতন্ত্ৰ পূৰ্ণতা নাপায় । বানৰ পানীয়ে তৃণভূমি পুনৰুজ্জীৱিত কৰে, বিল-জলাশয়সমূহত নতুন প্ৰাণ সঞ্চাৰ কৰে আৰু পুষ্টিসমৃদ্ধ পলস কঢ়িয়াই আনি বনাঞ্চলৰ স্বাভাৱিক পুনৰ্জন্মত সহায় কৰে ।

এই পৰিৱেশতন্ত্ৰৰ ওপৰতেই নিৰ্ভৰ কৰি জীয়াই থাকে এশিঙীয়া গঁড়, এছীয় হাতী, বাঘ, বনৰীয়া ম'হ, জলহৰিণ আৰু অসংখ্য পৰিভ্ৰমী আৰু থলুৱা চৰাই ।

Assam National Parks
বান মোকাবিলাৰ প্ৰস্তুত নে অসমৰ ৰাষ্ট্ৰীয় উদ্যান ? (ETV Bharat Assam)

ইফালে বৰষুণ তীব্ৰ হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে । তাৰে পৰিপ্ৰেক্ষিতত কাজিৰঙা, ওৰাং, মানস আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগে আগতীয়াকৈ সকলো প্ৰস্তুতি সম্পন্ন কৰিছে ।

Assam National Parks
বান মোকাবিলাৰ প্ৰস্তুত নে অসমৰ ৰাষ্ট্ৰীয় উদ্যান ? (ETV Bharat Assam)

উদ্ধাৰকাৰী দল, নাও, চিকিৎসা সঁজুলি, ভাসমান শিবিৰ, চোৰাং চিকাৰবিৰোধী টহল আৰু জিলা প্ৰশাসনৰ সৈতে সমন্বয়ৰ জৰিয়তে বানৰ সময়ত বন্যপ্ৰাণীৰ ক্ষয়-ক্ষতি সম্ভাৱ্য পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্য লৈ কাম চলাইছে ।

Assam National Parks
বান মোকাবিলাৰ প্ৰস্তুত নে অসমৰ ৰাষ্ট্ৰীয় উদ্যান ? (ETV Bharat Assam)

প্ৰতিবছৰৰ দৰে এইবাৰো বান আহিব । বন্যপ্ৰাণীয়ে উচ্চভূমিৰ সন্ধানত ওলাই আহিব । সেই কঠিন সময়ত বনকৰ্মীসকলৰ সজাগতা, স্থানীয় লোকৰ সহযোগিতা আৰু দ্ৰুত উদ্ধাৰ ব্যৱস্থাই অসমৰ অমূল্য বন্যপ্ৰাণী সম্পদ সুৰক্ষিত ৰখাত নিৰ্ণায়ক ভূমিকা পালন কৰিব ।

লগতে পঢ়ক :বান গ'ল, কিন্তু এৰি গ'ল পলসৰ অভিশাপ: সংকটত জোনাইৰ কৃষক
লগতে পঢ়ক :উদ্ভাৱনী ক্ষেত্ৰখনত বিশ্বৰ বুকুত উজলি উঠা অসমৰ কেইগৰাকীমান বিজ্ঞানী