কাহিলীপাৰা-জালুকবাৰীত বিধ্বংসী অগ্নিকাণ্ড; শেষ হৈ গ’ল এটা পৰিয়াল
বিগত আঠ ঘণ্টাৰ ভিতৰতে গুৱাহাটীত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ফলত একেটা পৰিয়ালৰ ৪ জনকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে ৷

Published : June 5, 2026 at 9:25 AM IST
|Updated : June 5, 2026 at 2:31 PM IST
গুৱাহাটী : মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা জালুকবাৰীৰ জয়মতী নগৰত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ একেটা পৰিয়ালৰ ৪ জনকৈ লোকৰ মৃত্যু হয় ৷
মৃত লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে ৷ তেওঁলোক হ’ল ক্ৰমে - আব্দুল কুদ্দুছ (৬৫), কাজলী বেগম (৪০), ছফিকুল আলী (৩০) আৰু চাহিদ আলী (১২) । এই অগ্নিকাণ্ডৰ ফলত উক্ত পৰিয়ালটোৰ চাৰি সদস্যৰ মৃত্যু হোৱাৰ লগতে জ্বলি চাৰখাৰ হৈ যায় তেওঁলোকে বাস কৰা গৃহটো ৷ লগতে এই অগ্নিকাণ্ডত জাহ যায় আন এটা বাসগৃহও ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয়, ‘‘আদাবাৰীৰ ৰেহানা চৌধুৰী নামৰ মহিলাগৰাকীৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হৈছে । তেওঁৰ জয়মতী নগৰত থকা বাঁহ-বেটেৰে নিৰ্মিত ১১ টা কোঠালিৰ ভাৰাঘৰত কেইবাটাও পৰিয়ালে ভাৰাতীয়া হিচাপে বাস কৰে । নিশা হোৱা অগ্নিকাণ্ডত একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হয় । ভাৰাতীয়াসকলৰ ১৩ টা চিলিণ্ডাৰ আছিল । এই অগ্নিকাণ্ডত দুটা সৰু চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ লগতে এটা ডাঙৰ চিলিণ্ডাৰ বিস্ফোৰণ হয় । বাকী ১০ টা চিলিণ্ডাৰ উদ্ধাৰ কৰা হৈছে ।’’ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।
অগ্নিকাণ্ড লগা এটা চৌহদতে থকা ভাৰাতীয়া এজনে কয়, "নিশা প্ৰায় দুই বজাত এই অগ্নিকাণ্ড সংঘটিত হৈছিল । ১১ টা কোঠাত ১১ টা পৰিয়াল বাস কৰে । জুই লগাৰ সময়ত আমি ৯ টা পৰিয়াল আছিলো । মোৰ নগদ ১২ হাজাৰ টকাৰ লগতে সকলো সা-সামগ্ৰী জ্বলি শেষ হৈ যায় ।"
তেওঁ লগতে কয়, ‘‘এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত কাজলী বেগম আৰু স্বামীয়ে আনটো কোঠাত থকা তেওঁলোকৰ দুই সন্তান মাতিবলৈ যাওঁতে কোঠাৰ পৰা ওলাই আহিব নোৱাৰি মৃত্যু মুখত পৰে ৷ ভাৰাঘৰৰ সন্মুখতে তেওঁলোকৰ এখন হোটেলো আছিল ।"

স্থানীয় লোকে জনোৱা অনুসৰি, বৃহস্পতিবাৰে মাজ নিশা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীক । খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে SDRF, NDRF আৰু আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত এই জুই নিয়ন্ত্ৰণ কৰে ।
স্থানীয় এগৰাকী মহিলাই কয়, ‘‘কালি মাজনিশা এই জুই লাগে ৷ এই অগ্নিকাণ্ডৰ কথা গম পাই সকলোৱে উঠি আহি জুই নিৰ্বাচন কৰিবলৈ চেষ্টা কৰে ৷ যাৰ ফলত কেবাজনো স্থানীয় লোক আহত হয় ৷ কিন্তু দুৰ্বাগ্যৱশতঃ এই অগ্নিকাণ্ডৰ ফলত একেটা পৰিয়ালৰ চাৰিজনকৈ লোকৰ মৃত্যু হয় ৷’’
তেওঁ লগতে কয়, ‘‘এই জুই লগাৰ লগে লগে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়া হয় ৷ কিন্তু বহু পলমকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়, তেওঁলোক অহালৈকে এই জুই নিয়ন্ত্ৰণলৈ আহে ৷’’

আন এগাৰকী মহিলাই কয়, ‘‘কালি ৰাতি ইয়াত দুটাকৈ ঘৰত জুই লাগে ৷ ফলত এটা পৰিয়ালৰ চাৰিজন লোকৰ মৃত্যু হৈছে ৷ সম্ভৱতঃ তেওঁলোকে চৌকাত ভাত ৰান্ধি খায় ৷ ৰাতি ভাত বনোৱাৰ পাছত তেওঁলোকে ভালদৰে জুই নুনুমোৱালে, যাৰ ফলত এই জুই লাগি যায় ৷ প্ৰায় ৪-৫ টা চিলিণ্ডাৰ বিস্ফোৰণ হৈছে বুলি জানিব পৰা গৈছে ৷’’
কাহিলীপাৰা
বিগত আঠ ঘণ্টাৰ ভিতৰতে গুৱাহাটীত দুটাকৈ ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জালুকবাৰীৰ পাছত শুকুৰবাৰে পুৱা প্ৰায় ৯.১০ বজাত গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হয় আন এক বিধ্বংসী অগ্নিকাণ্ড । ঘটনাৰ স্থান কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ সমীপত মূলপথ ৷ কাহিলিপাৰা পথৰ দাতিত থকা 'ক্লাৱ ব্লুচ' নামৰ বাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।
অট্টালিকাৰ প্ৰথম মহলাত আছিল এই বাৰখন । পুৱা প্ৰায় ৯.১০ বজাত বাৰখনত পৰা ধোঁৱা দেখি স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । সেই সময়ত বাৰখন বন্ধ আছিল । বাৰখনৰ ওপৰ মহলাত অৰ্থাৎ দ্বিতীয় মহলাত আছিল আতিথ্য ল'জ । আনহাতে ভূমি মহলাত বহুকেইখন দোকান আছিল ।
বাৰখনত অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ পাছতে জুয়ে সমগ্ৰ বাৰখনক আগুৰি ধৰে । সেই সময়ত বাৰখনৰ ভিতৰত এজন লোক আৱদ্ধ হৈ আছিল । জুই লগা সময়ত লোকজন শৌচাগাৰত আছিল । জুয়ে সকলো ছানি ধৰাত লোকজন ওলাই আহিব পৰা নাছিল আৰু ভিতৰৰ পৰাই চিঞৰি আছিল । সেই সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় ।

দুখনকৈ বাহনেৰে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে । অগ্নি নিৰ্বাপক বাহিনীৰ লোকে দুৱাৰ আৰু খিড়ীকি ভাঙি ভিতৰত প্ৰৱেশ কৰি আৱদ্ধ হৈ থকা লোকজনক উদ্ধাৰ কৰে । ধোঁৱা আৰু জুইৰ অত্যন্ত গৰমৰ বাবে অচেতন হৈ পৰা লোকজনক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হয় । অগ্নি নিৰ্বাপক বাহিনীৰ লোক আৰু স্থানীয় লোকে জনোৱা মতে, বৈদ্যুতিক বিজুতীৰ বাবেএ এই অগ্নিকাণ্ড সংঘটিত হয় ।
অগ্নিকাণ্ডৰ ফলত বাৰখনৰ সকলো আচবাব তথা সা-সম্পত্তি সম্পূৰ্ণৰূপে ধ্বংস হয় । ঘটনা সন্দৰ্ভত বাৰখনৰ এজন লোকে কয়, "জুই কেনেকৈ লাগিল গম পোৱা নাই । ভিতৰত দুজন লোক আছিল । এজন ওলাই আহিছিল যদিও এজন আবদ্ধ হৈ আছিল । বাৰখনত দুটা ষ্টাফ থাকে । বাৰখন কালি খোলা আছিল । এতিয়া বন্ধ আছিল । ষ্টাফৰ বাবে অন্য ঘৰ আছে যদিও গৰমৰ বাবে এ চি লগাই ইয়াতে শুইছিল । কিন্তু হঠাতে আজি পুৱা জুই লাগিল ।"
ইফালে এই অগ্নিকাণ্ডৰ ফলত কাহিলিপাৰা পথত ব্যাপক যানজঁটৰ সৃষ্টি হয় ।

