ETV Bharat / state

আই পি এলৰ নামত জুৱাৰ ৰেকেট, ৰঙাঘৰৰ আলহী হ’ল চাৰি অভিযুক্ত

মাৰ্ঘেৰিটাত আই পি এলৰ নামত চলিছে বৃহৎ জুৱাৰ ৰেকেট ৷ আৰক্ষীৰ জালত অভিযুক্ত বিকাশ শ্বাহসহ চাৰিজন ৷

Four IPL gamblers arrested in Tinsukia margherita
জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 10:05 AM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আই পি এল (IPL) ক্ৰিকেট মেচক কেন্দ্ৰ কৰি গঢ়ি উঠা জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলায় ৷ এই অভিযানত আই পি এলৰ নামত জুৱাৰ বেহা চলাই থকা এটা বৃহৎ চক্ৰক উৎখাত কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ এই অভিযানত আই পি এল জুৱাৰী অভিযুক্ত বিকাশ শ্বাহৰ লগতে আন তিনিজন সহযোগীক আটক কৰিবলৈ সক্ষম হয় । মাৰ্ঘেৰিটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফৈয়জ আহমেদৰ নেতৃত্বত চলোৱা এই বিশেষ অভিযানত চাৰিজন জুৱাৰীক কৰায়ত্ত কৰা হয় ।

ধৃত অভিযুক্ত কেইটা ক্ৰমে - বিকাশ শ্বাহ, মনোজ দে, চৈয়দ ৰিয়াজুল আলী আৰু ৰাজু মালাকাৰ । ইয়াৰে মূল অভিযুক্ত বিকাশ শ্বাহ আৰু ৰিয়াজুল আলিক আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

অভিযোগ অনুসৰি, মূল অভিযুক্ত বিকাশ শ্বাহে দীৰ্ঘদিন ধৰি আই পি এলৰ নামত সাধাৰণ লোকক লুণ্ঠন চলাই অতি কম দিনৰ ভিতৰতে অগাধ সম্পত্তিৰ মালিক হৈ পৰিছিল । স্থানীয় লোকৰ পৰা জানিব পৰা অনুসৰি, বিহাৰৰ মূল নিবাসী বিকাশ শ্বাহে শেহতীয়াকৈ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ সমীপতে প্ৰায় ১ কোটি ২৫ লাখ টকা ব্যয় কৰি মাটি আৰু অট্টালিকা ক্ৰয় কৰিছিল ।

ইয়াৰ উপৰিও মাৰ্ঘেৰিটা তল বজাৰত প্ৰায় ৯০ লাখ টকাৰে এখন কাপোৰৰ দোকান আৰু বজাৰৰ অন্য এক স্থানত ৩৫ লাখ টকাৰ স্থাৱৰ সম্পত্তি ক্ৰয় কৰা বুলিও জানিব পৰা গৈছে ।

মাৰ্ঘেৰিটাৰ দৰে এক শান্ত অঞ্চলত এনেদৰে আই পি এলৰ জুৱাৰে কোটি কোটি টকাৰ লেনদেন হোৱা খবৰে সচেতন মহলক স্তম্ভিত কৰি তুলিছে । আৰক্ষীৰ এই তৎপৰতাক ৰাইজে আদৰণি জনাইছে যদিও এনে অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত আন মূল হৰ্তাকৰ্তাসকলকো কৰায়ত্ত কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় সচেতন মহলে প্ৰশাসনক দাবী জনাইছে । সমান্তৰালভাৱে জিলাখনৰ আন আন প্ৰান্তত চলাই থকা জুৱাৰীৰ বিৰুদ্ধেও আৰক্ষীক অভিযান চলাবলৈ আহ্বান জনাইছে ।

অৱশ্যে বাতৰি লিখা পৰলৈকে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো মন্তব্য প্ৰদান কৰা নাই ৷

লগতে পঢ়ক : কৃত্ৰিম বানত পুনৰ ডুবিল গুৱাহাটী;সোমবাৰে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান

লগতে পঢ়ক : প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ বাদল ঠাকুৰ আৰু নাই