ETV Bharat / state

ম’হৰ শিঙৰ পেঁপাৰ পৰা বাঁহশিল্পলৈ... অসমৰ চাৰিবিধ ঐতিহ্যপূৰ্ণ সামগ্ৰীক ভৌগোলিক সূচকাংক প্ৰদান

নতুনকৈ জিআই স্বীকৃতি লাভ কৰা চাৰিটা সামগ্ৰী হৈছে কাৰ্বি আংলঙৰ হস্ততাঁত সামগ্ৰী, অসমৰ বিহুৰ বাদ্য পেঁপা, অসমৰ বাঁহ শিল্প আৰু দেউৰী হস্ততাঁত সামগ্ৰী ৷

GI TAG IN ASSAM
অসমৰ চাৰিবিধ ঐতিহ্যপূৰ্ণ সামগ্ৰীক ভৌগোলিক স্বীকৃতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 15, 2026 at 11:33 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ সাংস্কৃতিক-সামাজিক ক্ষেত্ৰলৈ এটা ভাল খবৰ ৷ অসমৰ চাৰিটাকৈ সম্পদে লাভ কৰিছে ভৌগোলিক সূচক বা জি আই টেগ ৷ থলুৱা এতিহ্য সংৰক্ষণ আৰু গ্ৰাম্য জীৱিকাৰ প্ৰসাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ভাৰত চৰকাৰৰ ভৌগোলিক সূচক পঞ্জীয়ন বিভাগে অসমৰ চাৰিটা ঐতিহ্যবাহী সাংস্কৃতিক আৰু বয়ন সামগ্ৰীক ভৌগোলিক সূচক (জি আই)ৰ মৰ্যাদা প্ৰদান কৰিছে ।

নতুনকৈ জিআই স্বীকৃতি লাভ কৰা চাৰিটা সামগ্ৰী হৈছে কাৰ্বি আংলঙৰ হস্ততাঁত সামগ্ৰী, অসমৰ বিহুৰ বাদ্যযন্ত্ৰ ম'হৰ শিঙৰ পেঁপা, অসমৰ বাঁহ শিল্প আৰু দেউৰী হস্ততাঁত সামগ্ৰী ৷ এই সম্পদসমূহে অসমৰ জনজাতীয় ঐতিহ্য, সংগীতৰ পৰম্পৰা আৰু পৰম্পৰাগত হস্তশিল্পৰ এক সমৃদ্ধ বৈচিত্ৰ্য প্ৰতিফলিত কৰে ।

ঐতিহ্য সংৰক্ষণৰ লগতে শিল্পীসকলৰ অৰ্থনৈতিক স্থিৰতা নিশ্চিত কৰাৰ লক্ষ্যৰে নাবাৰ্ডে অসমৰ বহু স্বতন্ত্ৰ আৰু পৰম্পৰাগত সামগ্ৰীৰ জিআই প্ৰমাণীকৰণ প্ৰক্ৰিয়াত সক্ৰিয় ভূমিকা পালন কৰি আহিছে । নাবাৰ্ড অসমৰ মুখ্য মহাপ্ৰৱন্ধক লোকেন দাসে কয়, “এই স্বীকৃতিয়ে কেৱল সামগ্ৰীসমূহৰ প্ৰামাণিকতা আৰু পৰিচয়ক শক্তিশালী কৰাই নহয়, লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মূল্য বজাৰত ইয়াৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব । এই সাফল্য প্ৰাপ্তিৰ লগতে নাবাৰ্ডৰ সহায়ত লাভ কৰা জিআই-প্ৰমাণিত সামগ্ৰীৰ সংখ্যা ১২ টালৈ বৃদ্ধি পাইছে, যি গ্ৰাম্য জীৱিকা উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি ।”

তেওঁ লগতে কয়, ‘‘অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য ইয়াৰ জনজাতীয় হস্ততাঁত, হস্তশিল্প আৰু পৰম্পৰাগত কলা-কৌশলত সুস্পষ্টভাৱে প্ৰতিফলিত হয় । ইয়াৰে বহু সামগ্ৰী গ্ৰাম্য সম্প্ৰদায়ৰ আৰ্থ সামাজিক গাঁথনিৰ সৈতে গভীৰভাৱে জড়িত আৰু প্ৰজন্ম ধৰি সংগৃহিত জ্ঞান আৰু কাৰুশিল্পৰ প্ৰতীক । এই আইনগত প্ৰমাণীকৰণে ৰাজ্যখনৰ পৰম্পৰাগত খণ্ডসমূহৰ এক বিজয়ী মুহূৰ্ত প্ৰতিফলিত কৰিছে, যি অজস্ৰ গ্ৰাম্য শিল্পী আৰু শিপিনীৰ বৌদ্ধিক সম্পত্তিৰ সুৰক্ষা, উন্নত বজাৰৰ সুবিধা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিব ।"

জিআই প্ৰমাণীকৰণৰ পিছত নাবাৰ্ড অসমে সামগ্ৰিক পৰিৱেশ-ভিত্তিক দৃষ্টিভংগীৰে জিআই সামগ্ৰীৰ প্ৰচাৰৰ বাবে পদক্ষেপৰ পৰিকল্পনা কৰিছে, যাৰ লক্ষ্য স্বীকৃতিৰ পৰা বজাৰ নেতৃত্বাধীন জীৱিকাবৰ্ধনলৈ পৰিৱৰ্তন । "অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সৰ্বাংগীন গ্ৰাম্য উন্নয়নক সমান্তৰালভাৱে প্ৰসাৰিত কৰাৰ লগতে জিআই-প্ৰমাণিত সামগ্ৰীসমূহক বহনক্ষম, স্থায়ী আৰু পাৰিতোষিক জীৱিকাৰ সুযোগলৈ ৰূপান্তৰিত কৰাটোৱেই হৈছে সামগ্ৰিক দৃষ্টিভংগী ৷" দাসে লগতে উল্লেখ কৰে ।

অসমৰ চাৰিটাকৈ সম্পদে জিআই স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷ এটা পোষ্টত তেওঁ লিখিছে, ‘‘অসমৰ সমৃদ্ধিৰ আন এক গৌৰৱময় স্বীকৃতিৰে আমি সমৃদ্ধ হ’লোঁ। অসমৰ পৰিচয় স্বৰূপ বিহু পেঁপা, কাৰ্বি আংলং হস্তশিল্প, অসমৰ বাঁহ শিল্প আৰু দেউৰী হস্তশিল্প সামগ্ৰীয়ে ভৌগোলিক সূচকাংক (GI Tag) লাভ কৰাটো আমাৰ চহকী ঐতিহ্য, সৃষ্টিশীলতা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ এক সন্মানজনক স্বীকৃতি । এই সাফল্যৰ বাবে জড়িত সকলো শিল্পী আৰু অসমবাসীলৈ আন্তৰিক অভিনন্দন। আহক, এই সাফল্যৰ ধাৰাৰে আমাৰ অনন্য ঐতিহ্যক সুৰক্ষিত ৰাখি বিশ্বমঞ্চত অসমৰ সংস্কৃতিৰ জয়গান অধিক শক্তিশালী কৰি তোলোঁ ।’’

লগতে পঢ়ক: অসমত নতুনকৈ কি কি উন্নয়নমূলক কামৰ প্ৰকল্প আৰম্ভ হ’ব : ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা