ETV Bharat / state

কলিয়াবৰত ৫০কোটি টকাৰ উন্নয়নমূলক কামৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন

কলিয়াবৰত চৰকাৰী আইন মহাবিদ্যালয়-আয়ুবেৰ্দিক আয়ুস চিকিৎসালয়ৰ আধাৰশিলা কৰে মন্ত্ৰী কেশৱ মহন্তই ।

Foundation stone laid by Minister  Keshab Mahanta
আয়ুবেৰ্দিক আয়ুস চিকিৎসালয়ৰ ভূমি পূজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 20, 2026 at 7:29 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ : সন্মুখত অসম বিধানসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ আগতেই আৰম্ভ হৈছে উন্নয়নমূলক কামসমূহৰ আধাৰশিলা স্থাপন । ৰাজ্য়ৰ আন ঠাইৰ লগতে কলিয়াবৰৰ বিভিন্ন স্থানতো পূৰ্বে নিৰ্দ্ধাৰিত বহুকেইটা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী কেশৱ মহন্তই ।

কলিয়াবৰত চৰকাৰী আইন মহাবিদ্যালয় আৰু আয়ুবেৰ্দিক আয়ুস চিকিৎসালয়ৰ ভূমি পূজন কৰে মন্ত্ৰীগৰাকীয়ে । একেদিনাই প্ৰায় ৫০ কোটি টকাৰ উন্নয়নমূলক কামৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হয় । কলিয়াবৰৰ বিদ্যায়তনিক ক্ষেত্ৰৰ লগতে চিকিৎসা ক্ষেত্ৰত ৰাজ্য় চৰকাৰৰ আঁচনিৰ অধীনত সংযোজন হ'ব চৰকাৰী আইন মহাবিদ্যালয় আৰু ৫০খন বিচনাযুক্ত আয়ুস চিকিৎসালয় ।

কলিয়াবৰত ভূমি পূজন মন্ত্ৰী কেশৱ মহন্তৰ (ETV Bharat Assam)

শুকুৰবাৰে আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, "আইন মহাবিদ্যালয় আৰু আয়ুস চিকিৎসালয় তদানীন্তন বিত্ত, শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই কলিয়াবৰে লাভ কৰিলে । তাৰ বাবে তেখেতক ধন্যবাদ জনাব লাগিব ৷ তেখেতৰ বাজেট ভাষণত কলিয়াবৰত এখন আইন মহাবিদ্যালয়ৰ স্থাপনৰ কথা ঘোষণা কৰিছিল । আমি যদি চাওঁ, গুৱাহাটীৰ পৰা গোলাঘাটৰ ভিতৰত আমাৰ কোনো চৰকাৰী আইন মহাবিদ্যালয় নাই । অসমৰ মধ্যস্থলত এই আইন মহাবিদ্যালয়খন স্থাপন হৈছে । আমি আশা কৰিম এই মহাবিদ্যালয়খনৰ পৰা সমগ্ৰ অঞ্চলটোয়ে উপকৃত হ'ব ।"

Foundation stone laid by Minister  Keshab Mahanta
কলিয়াবৰত চৰকাৰী আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "এই মহাবিদ্যালয়ৰ গৃহ নিৰ্মাণ কৰোতে সময় লাগিব,সেয়ে আন স্থানত হ'লেও পাঠদান অহা বৰ্ষৰ পৰা আৰম্ভ কৰিব পাৰে তাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে ।" তদুপৰি কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমবাগানতো বিদ্যালয়ৰ ষ্টেডিয়ামকে ধৰি প্ৰায় ৬ টাকৈ স্থানত তিনি কোটি টকাৰ কেইবাটাও উন্নয়নমূলক আঁচনিৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

Foundation stone laid by Minister  Keshab Mahanta
কলিয়াবৰত ভূমি পূজন মন্ত্ৰী কেশৱ মহন্তৰ (ETV Bharat Assam)

লগতে পঢ়ক:১৪ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱে প্ৰকল্পৰ

হাফলং অসামৰিক চিকিৎসালয়ত উদ্বোধন কেন্সাৰ ৰিচাৰ্ছ চেণ্টাৰ