অসমীয়া ভাষা ব্যৱহাৰ কৰক! লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ কৰ্তৃপক্ষলৈ পত্ৰ
গুৱাহাটীৰ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেলত উৰণ সম্পৰ্কীয় ঘোষণাৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ ব্যৱহাৰৰ বাবে পত্ৰ লিখিছে কুল শইকীয়াসহ প্ৰাক্তন তিনিগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই...


Published : June 30, 2026 at 12:35 PM IST
|Updated : June 30, 2026 at 12:45 PM IST
গুৱাহাটী: অসমত অসমীয়া ভাষা ব্যৱহাৰৰ বাবে পত্ৰ প্ৰেৰণ অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সভাপতিৰ ৷ অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান, প্ৰসিদ্ধ সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ কুলধৰ শইকীয়াই এই পত্ৰখন লিখিছে ৷
গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেলত উৰণ সম্পৰ্কীয় ঘোষণাৰ বাবে অসম সাহিত্য় সভাৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুল শইকীয়াৰ লগতে জ্য়োতিৰ্ময় চক্ৰবৰ্তী লগতে অসম প্ৰশাসনীয় সেৱাৰ মুকুল চন্দ্ৰ গগৈয়ে বন্দৰত অসমীয়া ভাষাৰ ব্যৱহাৰৰ বাবে পত্ৰ লিখিছে ৷
এই ক্ষেত্ৰত সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি ড৹ শইকীয়াই লিখিছে, ‘‘গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেলত উৰণ সম্পৰ্কীয় সকলো ঘোষণা অসামৰিক পৰিবহন বিভাগৰ নিয়ম অনুসৰি অনতিবিলম্বে অসমীয়াতো কৰাৰ হকে কৰ্তৃপক্ষক দাবী জনাই পত্ৰ প্ৰেৰণ কৰা হ’ল, কিয়নো এতিয়ালৈকে এনে ব্যৱস্থা কৰা হোৱা নাই । বিমান বন্দৰত আহিব পৰা যিকোনো আপাতকালীন পৰিস্থিতিতো স্থানীয় ভাষাৰ ব্যৱহাৰে যাত্ৰীক সতৰ্ক কৰি ৰাখিব পাৰে । পত্ৰখনত মোৰ লগতে স্বাক্ষৰ কৰিছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া জ্যোতিৰ্ময় চক্ৰবৰ্তী আৰু অসম অসামৰিক সেৱাৰ প্ৰাক্তন বিষয়া মুকুল চন্দ্ৰ গগৈয়ে । বিষয়টোত ৰাইজৰো দৃষ্টি আকৰ্ষণ কৰিলো, যাতে ভাষাটোৱে নায্য স্থান পায় ।’’
লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ মুখ্য বিষয়ালৈ লিখা পত্ৰখনত তেওঁলোকে উল্লেখ কৰিছে, ‘‘শেহতীয়াকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ (এল জি বি আই) আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ২ ভ্ৰমণৰ সময়ত আমি উদ্বেগেৰে লক্ষ্য কৰিলোঁ যে অসমৰ প্ৰধান আঞ্চলিক ভাষা অসমীয়াক বাদ দি ৰাজহুৱা ঘোষণা কেৱল ইংৰাজী আৰু হিন্দীত কৰা হৈছে । বৰ্তমানৰ এই প্ৰথা অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে জাৰি কৰা চৰকাৰী নিৰ্দেশনা আৰু পৰামৰ্শৰ সৈতে অসংগতিপূৰ্ণ যেন লাগে, যিয়ে হিন্দী আৰু ইংৰাজীৰ সমান্তৰালভাৱে বিমানবন্দৰৰ যোগাযোগত আঞ্চলিক ভাষাৰ ব্যৱহাৰক বাধ্যতামূলক বা উৎসাহিত কৰে ।
লগতে প্ৰত্ৰখনত উল্লেখ আছে, "আমি জোৰ দি ক’ব বিচাৰো যে অসমীয়াৰ অন্তৰ্ভুক্তি কেৱল ভাষিক স্বীকৃতি বা আঞ্চলিক যাত্ৰীৰ সুবিধাৰ বিষয় নহয় । টাৰ্মিনেল বিল্ডিঙৰ ভিতৰত বা বিমানত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হ’লে যাত্ৰীসকলে যাতে গুৰুত্বপূৰ্ণ সুৰক্ষা নিৰ্দেশনাসমূহ সম্পূৰ্ণৰূপে বুজি পায় আৰু তৎকালীনভাৱে মানি চলে, তাৰ বাবে আঞ্চলিক ভাষাত স্পষ্ট আৰু তাৎক্ষণিক যোগাযোগ কৰাটো অতি গুৰুত্বপূৰ্ণ । জটিল পৰিস্থিতিৰ সময়ত আঞ্চলিক ভাষাটো ব্যৱহাৰ নকৰাটোৱে জৰুৰীকালীন অৱস্থা আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে আৰু সম্ভাৱনাময়ভাৱে ভুল যোগাযোগৰ বাবে পৰিহাৰযোগ্য দুৰ্ঘটনা বা দুৰ্যোগৰ সৃষ্টি কৰিব পাৰে । গতিকে আমি আন্তৰিকতাৰে অনুৰোধ কৰিছো, আপোনালোকৰ সন্মানীয় কাৰ্যালয়ৰ জৰিয়তে, যে সংশ্লিষ্ট কৰ্তৃপক্ষই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ সৈতে সম্পূৰ্ণ মিল ৰাখি বিমানবন্দৰত কৰা সকলো ৰাজহুৱা ঘোষণাত অসমীয়া ভাষাৰ সামঞ্জস্যপূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰে ।’’
উল্লেখ্য যে দেশৰ বিভিন্ন বিমান বন্দৰত ইংৰাজী, হিন্দীৰ উপৰিও আঞ্চলিক ভাষা ব্যৱহাৰ কৰা হয় ঘোষণাৰ ক্ষেত্ৰত ৷ কলকাতাত বাংলা ভাষা, ভূৱনেশ্বৰত ওড়িয়া ভাষা, হায়দৰাবাদ আৰু বিশাখাপট্টনমত তেলুগু, চেন্নাইত তামিল, বেংগালুৰুত কানাড়া, তিৰুৱন্তপুৰমত মালায়ালম, মুম্বাইত মাৰাঠী, আহমেদাবাদত গুজৰাটী ভাষাত ঘোষণা কৰা হয় ৷ গুৱাহাটীতো পুৰণি টাৰ্মিনেলত অসমীয়া ভাষা ব্যৱহাৰ কৰা হৈছিল যদিও নতুন টাৰ্মিনেলত অসমীয়া ভাষা ব্যৱহাৰ নকৰাৰ অভিযোগ উঠিছে ৷ এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷
লগতে পঢ়ক: পশ্চিম কাৰ্বি আংলঙৰ কেকাইডং নদীত কম বয়সীয়া ঘঁৰিয়াল প্ৰত্য়ক্ষ, মুখ্য়মন্ত্ৰীৰ আনন্দ প্ৰকাশ

