ETV Bharat / state

আমচাং বনাঞ্চলৰ ২,২০০ বিঘা ভূমি বেদখলৰ অভিযোগ প্ৰাক্তন বিধায়ক অতুল বৰাৰ

অতুল বৰাৰ বিস্ফোৰক মন্তব্য- ৰবৰ বাগানৰ নামত বনাঞ্চলৰ ভূমি বেদখল কৰিছে ৷

Former MLA  Atul Bora
আমচাং বনাঞ্চলৰ ২,২০০ বিঘা ভূমি বেদখলৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 7:41 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: খাদ্যৰ সন্ধানত আমচাং বনাঞ্চলৰ পৰা ওলাই আহি গুৱাহাটীৰ লগতে নগাঁৱৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে ৷ সেই সময়তে আমচাং বনাঞ্চলৰ ভূমি আৰু বনধ্বংস যজ্ঞ চলোৱাৰ তথ্য প্ৰকাশ কৰিলে বিজেপিৰ প্ৰাক্তন বিধায়ক অতুল বৰাই ৷

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত এই তথ্য দিয়ে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

আমচাং বনাঞ্চলৰ ২,২০০ বিঘা ভূমি বেদখলৰ অভিযোগ (ETV Bharat Assam)

প্ৰাক্তন বিধায়ক বৰাই কয়,"আমচাঙৰ মাটি বেদখল কৰি চন্দ্ৰপুৰ-ডিগাৰু পথৰ মাজভাগত পিআৰপি ভেলী নামেৰে এটা প্ৰতিষ্ঠানে প্ৰায় ২,২০০ বিঘা ভূমি বেদখল কৰিছে ৷ বনাঞ্চলৰ ভূমি বেদখল কৰি গছ-গছনি কাটি তহিলং কৰি এখন ৰিজ'ৰ্ট নিৰ্মাণ কৰিছে । ৰাবাৰ বাগানৰ কাৰণে ১০০ বিঘা মাটি আৱণ্টন দিয়া বুলি শুনিছো ৷ কিন্তু তাৰ সঠিক তথ্য নাই ৷ সেয়ে বন মন্ত্ৰীয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক ৷"

তেওঁ লগতে কয়,"হাতী, মেথোন, বন গাহৰি, পহুৰ লগতে অন্যান জীৱ-জন্তু, গছ-গছনি, চৰাই-চিৰিকটিৰে ভৰা বনাঞ্চল তহিলং কৰি ৰিজ'ৰ্ট নিৰ্মাণ কৰিছে । আমচাঙৰ ভূমি বেদখলকাৰীৰ হাতত পৰাৰ ফলত বিগত ২-৩ বছৰৰ ভিতৰত ৯ জনকৈ লোকৰ বন্যহস্তী আৰু মেথোনৰ আক্ৰমণত মৃত্যু হৈছে ৷ এই বৃহৎ চক্ৰই এজন ব্যক্তিক ২৫ লাখ টকা পৰ্যন্ত দি মুখ বন্ধ কৰিছে ৰাখিছে ৷"

তেওঁ কয়, "চক্ৰটোৱে চন্দ্ৰপুৰ-ডিগাৰু পথৰ পৰা পাহাৰৰ ভিতৰলৈ প্ৰায় ৯ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে । সেই পথটোৱে সাতগাঁৱকো সংযোগ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়োজনত ভূ-মাফিয়াসকলক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছিল । সেয়েহে যিয়ে এই কাণ্ডত জড়িত হৈ আছে সেই সকলক অনতি পলমে গ্ৰেপ্তাৰ কৰি পিআৰপি ভেলী বন্ধ কৰিব লাগে ৷ বন মন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷"

লগতে পঢ়ক: বঢ়মপুৰত বান নহয়, খৰাঙৰ কোপত কৃষি