ETV Bharat / state

কোৰবানীক লৈ মন্তব্য়ঃ বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক আটক

আলী আকবৰ মিঞাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য় কৰিছিল ।

Former MLA Ali Akbar Miah detained for his inflammatory remarks made about Eid sacrifices
বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক আটক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2026 at 8:04 AM IST

2 Min Read
Choose ETV Bharat

ধুবুৰী: বিতৰ্কিত মন্তব্য় কৰি এতিয়া আৰক্ষীৰ জিম্মাত বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য় কৰাৰ বাবে প্ৰাক্তন বিধায়কগৰাকীক শুকুৰবাবে নিশা তেওঁৰ বিলাসীপাৰাৰ বাসগৃহৰ পৰা ধুবুৰী আৰক্ষীয়ে আটক কৰি সদৰ থানালৈ লৈ যায় ।

প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাই সামাজিক মাধ্য়মত এই মন্তব্য় কৰিছিল। এইবাৰ ঈদত গৰু কোৰবানী দিয়াত বাধা দিবলৈ যোৱা আৰক্ষীক আটক কৰিবলৈ মুছলমান লোকসকলক সামাজিক মাধ্য়মযোগে কৰা মন্তব্যৰ পিছতেই আৰক্ষীয়ে তেওঁক আটক কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ঈদত গৰু কোৰবানী নিদিবলৈ মুছলমান সমাজক আহ্বান জনোৱাৰ পিছতেই বহুতেই এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । প্ৰাক্তন বিধায়কগৰাকীয়েও এই সন্দৰ্ভত বিতৰ্কিত মন্তব্য় আগবঢ়ায়।

বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক আটক (ETV Bharat Assam)

কি কৈছিল আলী আকবৰ মিঞাই ?

প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাই সামাজিক মাধ্য়মত আৰক্ষীক প্ৰত্য়াহ্বান জনাই কৈছিল, "কোৰবাণীৰ ক্ষেত্ৰত কোনো আৰক্ষীয়ে যদি দাদাগিৰি কৰিব যায় তেতিয়া ৰাইজে তেওঁলোকক কৰায়ত্ত কৰি ৰাখক । মই গৈ আৰক্ষীক তাতেই কোৰবানী দিম ।"

প্ৰাক্তন বিধায়কগৰাকীক নিশাৰ ভিতৰতে ধুবুৰী সদৰ থানালৈ আনি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে । ইতিমধ্য়ে তেওঁৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী থানাত ১৬৩/২০২৬ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে । শুকুৰবাৰে নিশা প্ৰাক্তন বিধায়কগৰাকীৰ বাসগৃহত চাৰিওফালে আৰক্ষী ঘেৰাও কৰি প্ৰায় ২ ঘন্টাৰ অন্তত তেওঁক আটক কৰি নিশাই ধুবুৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱায় । স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিচতে প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক ধুবুৰী আৰক্ষীয়ে সোধা-পোছা কৰাৰ লগতে এই বিষয়ে তদন্ত অব্যাহত ৰাখিব বুলি আৰক্ষীৰ এটি সূত্ৰই সদৰী কৰিছে ।

লগতে পঢ়ক:ওপৰত তামোলৰ বাকলিৰ বস্তা, তলত ২৬ টা গৰু: ঈদৰ আচিলাৰে গৰুৰ চোৰাং বেহা

জাগীৰোডত গৰুচোৰৰ সন্ত্ৰাস, একে নিশাতে কৰিলে গোহালি উদং