ETV Bharat / state

প্ৰাক্তন শিক্ষা মন্ত্ৰী যতীন মালীৰ দেহাৱসান

১৯৯১, ১৯৯৬ আৰু ২০১১ চনত পলাশবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল যতীন মালী ।

Jatin Mali dies
প্ৰাক্তন শিক্ষা মন্ত্ৰী যতীন মালীৰ দেহাৱসান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 5:23 PM IST

|

Updated : April 17, 2026 at 5:42 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যৰ প্রাক্তন শিক্ষামন্ত্রী যতীন মালী আৰু নাই । শুকুৰবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

উচ্চ ৰক্তচাপজনিত ৰোগত আক্রান্ত হৈ যতীন মালী গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎ‍সাধীন আছিল । কিন্তু শুকুৰবাৰে দুপৰীয়া চিকিৎসাধীন অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ ।

JATIN MALI DIES
প্ৰাক্তন শিক্ষা মন্ত্ৰী যতীন মালী (ETV Bharat Assam)

উল্লেখ্য যে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত তেওঁ পলাশবাৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্রাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল । প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত ৰাজ্যৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে ।

কামৰূপ জিলাৰ মিৰ্জাৰ বৰকুছি গাঁৱৰ বাসিন্দা যতীন মালীয়ে ১৯৮২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । অসম আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰা যতীন মালীয়ে আঞ্চলিকতাবাদী দল অগপৰ যোগেদি ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰি পলাশবাৰী সমষ্টিক তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰিছিল ।

যতীন মালীয়ে ১৯৯১ আৰু ১৯৯৬ চনত অগপ প্ৰাৰ্থী হিচাপে দুবাৰকৈ পলাশবাৰীৰ বিধায়ক নিৰ্বাচিত হৈছিল । আনহাতে, ২০১১ চনত নিৰ্দলীয় হিচাপে পলাশবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল । অগপৰ শাসনত তেওঁ শিক্ষা মন্ত্রীৰ দায়িত্ব লাভ কৰিছিল । ২০১৯ চনত যতীন মালীয়ে অগপ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল ।

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পলাশবাৰীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । এইবাৰৰ নিৰ্বাচনত পলাশবাৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছিল যতীন মালী ।

প্ৰবীণ ৰাজনীতিক যতীন মালীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অগপৰ সভাপতি অতুল বৰাই । তেওঁ কয়, "অসম গণ পৰিষদৰ প্ৰাক্তন নেতা তথা অসমৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী যতীন মালীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ । তেখেতৰ বিয়োগ ৰাজ্যখনৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি । ৰাইজৰ হিতৰ হকে তেখেতে আগবঢ়াই যোৱা সেৱা স্মৰণীয় হৈ থাকিব । এই শোকৰ মুহূৰ্তত তেখেতৰ পৰিয়াল, আত্মীয় আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ । লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।"

আনহাতে, অগপৰ কাৰ্যকৰী সভাপতি মন্ত্রী কেশৱ মহন্তই শোক প্ৰকাশ কৰি কয়, "অসম গণ পৰিষদৰ প্ৰাক্তন নেতা তথা অসমৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী যতীন মালীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ । তেখেত আছিল এজন আদৰ্শৱান জননেতা, যিয়ে নিঃস্বাৰ্থভাৱে ৰাইজৰ কল্যাণৰ বাবে নিজকে উৎসৰ্গা কৰিছিল । শিক্ষা আৰু সমাজ গঢ়াৰ ক্ষেত্ৰত তেখেতৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব । তেখেতৰ সৰলতা, সততা আৰু মানৱীয় মূল্যবোধে সকলোকে সদায় প্ৰেৰণা যোগাই থাকিব । এই শোকৰ মুহূৰ্তত তেখেতৰ পৰিয়াল, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । ঈশ্বৰে বিদেহ আত্মাক চিৰশান্তি প্ৰদান কৰক ।"

লগতে পঢ়ক :ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত উত্তেজনা : জ্বলিছে বাহন, চলিছে গুলী
Last Updated : April 17, 2026 at 5:42 PM IST