ETV Bharat / state

উত্তৰ-পূব বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থ আৰু নাই

ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শিলচৰ মেডিকেল কলেজ হাস্পতালত বুধবাৰে সন্ধিয়া মৃত্যু হয় ।

FB@HimantaBiswaSarma
উত্তৰ-পূব বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থ আৰু নাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 7:00 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: উত্তৰ-পূব বিজেপিৰ পিতামহ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান । বুধবাৰে সন্ধিয়া ৫.০৬ বজাত শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ ।

জানিব পৰা মতে, বিগত কেইবাদিনো ধৰি তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল । তেওঁ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভেণ্টিলেশ্যনত আছিল । হৃদযন্ত্ৰ, বৃক্ক, শ্বাস-প্ৰশ্বাস আৰু বাৰ্ধক্যজনিত কাৰণত তেওঁ কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল ৷

পৰিয়াল তথা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই তেওঁৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে । ইফালে তেওঁৰ মৃত্যুত বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে ।

Kabindra Purkayastha dies
কবীন্দ্ৰ পুৰকায়স্থৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (FB@HimantaBiswaSarma)

মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক তথা বিজেপিৰ পিতামহস্বৰূপ কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত বাংলা ভাষাত প্ৰকাশ কৰা এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘অসমৰ ভাৰতীয় জনতা পার্টীৰ ধ্বজাবাহক, দূৰদর্শী তথা জনদৰদী নেতা, প্রাক্তন কেন্দ্রীয় মন্ত্রী শ্রদ্ধেয় কবীন্দ্র পুৰকায়স্থ মহাশয়ৰ মহাপ্রয়াণৰ বার্তাত মই গভীৰভাৱে মর্মাহত । তেওঁৰ নেতৃত্বত অসমত ভাৰতীয় জনতা পার্টী তথা ৰাষ্ট্রীয়তাবাদী আদর্শৰ ভেটি স্থাপন হয়, যিয়ে আজি এক বিশাল বটবৃক্ষৰ ৰূপ ধাৰণ কৰিছে । বৰাক উপত্যকা আৰু অসমৰ লগতে দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্রতো শ্রদ্ধেয় পুৰকায়স্থদেৱৰ অৱদান অনবদ্য আৰু অনন্য । তেওঁৰ প্রয়াণ আমাৰ সামাজিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ।’’

মুখ্যমন্ত্ৰীয়ে লগতে লিখিছে, ‘‘শিলচৰৰ এগৰাকী সাধাৰণ কার্যকর্তাৰ পৰা কেন্দ্রীয় মন্ত্রী হোৱালৈকে তেওঁৰ সুদীর্ঘ জীৱন পৰিক্রমা আমাৰ বাবে জনসেৱা আৰু নিঃস্বার্থ সমর্পণৰ উৎকৃষ্ট দৃষ্টান্ত হৈ থাকিব । তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজিয়ে প্রতিগৰাকী কার্যকর্তাক অনুপ্রেৰণা যোগাব ।’’

Kabindra Purkayastha dies
কবীন্দ্ৰ পুৰকায়স্থৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (FB@HimantaBiswaSarma)

আনহাতে, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘এই শোকৰ মুহূর্তৰ পুৰকায়স্থদেৱৰ পৰিয়ালৰ লগতে অসমবাসী তথা ভাৰতীয় জনতা পার্টী পৰিয়াল গভীৰভাৱে শোকাহত । এই শোকৰ মুহূৰ্তত ভগৱানৰ ওচৰত তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ । তেওঁৰ পৰিয়াল, আত্মীয়-স্বজন আৰু গুণমুগ্ধৰ প্ৰতি গভীৰ সমবেদনা জনাইছোঁ । তেওঁৰ ব্যক্তিগত মার্গদর্শন, প্রতিটো সাক্ষাৎ আৰু আশীর্বাদ আমাৰ বাবে চিৰস্মৰণীয় হৈ থাকিব ।’’

উল্লেখ্য যে, বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ সৈতে সাক্ষাতৰ মুহূৰ্তৰ ফটোও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

কবীন্দ্ৰ পুৰকায়স্থৰ ৰাজনৈতিক জীৱন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণ কবীন্দ্ৰ পুৰকায়স্থৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ ডিচেম্বৰত অবিভক্ত ভাৰতৰ আৰু বৰ্তমান বাংলাদেশৰ অন্তৰ্গত চিলেট জিলাৰ কমাৰশালত ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈ অটল বিহাৰী বাজপেয়ী চৰকাৰত যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

১৯৯১ চনত শিলচৰ সমষ্টিৰ পৰা তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল । ইয়াৰ পিছত ১৯৯৮ চনত একেটা সমষ্টিৰ পৰা তেওঁ পুনৰ লোকসভালৈ নিৰ্বাচিত হয় । আনহাতে, ২০০৯ চনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা হেভীৱেট প্ৰাৰ্থী সন্তোষ মোহন দেৱ আৰু এ ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক পৰাস্ত কৰি শিলচৰৰ পৰা ১৫ সংখ্যক লোকসভালৈ নিৰ্বাচিত হৈছিল । কিন্তু মোদী ঢৌৱে সমগ্ৰ দেশ ঢৌৱাই থকাৰ সময়তো ২০১৪ চনত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱৰ হাতত তেওঁ পৰাস্ত হয় ।

লগতে পঢ়ক :তেজপুৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ
লগতে পঢ়ক :প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ মহাপ্ৰয়াণ