প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ বাদল ঠাকুৰ আৰু নাই
অসম ৰঞ্জীৰ প্ৰাক্তন অধিনায়ক, জনপ্ৰিয়ভাৱে বাদল ঠাকুৰ নামেৰে পৰিচিত দিপেন ঠাকুৰ অসম ক্ৰিকেটৰ বাটকটীয়া আছিল ।

Published : April 20, 2026 at 12:09 AM IST
হায়দৰাবাদ : অবিভক্ত অসমৰ প্ৰবীণ ক্ৰিকেটাৰ, ফুটবল খেলুৱৈ তথা অসমৰ প্ৰাক্তন ৰঞ্জী ট্ৰফী অধিনায়ক বাদল ঠাকুৰ আৰু নাই । অসম ৰঞ্জীৰ প্ৰাক্তন অধিনায়ক, জনপ্ৰিয়ভাৱে বাদল ঠাকুৰ নামেৰে পৰিচিত দিপেন ঠাকুৰে ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । অসম ক্ৰিকেটৰ বাটকটীয়া আছিল বাদল ঠাকুৰ ।
গুৱাহাটীৰ বাৰোৱাৰীৰ বাসিন্দা বাদল ঠাকুৰে অসম ৰঞ্জী দলৰ হৈ দীৰ্ঘদিন ধৰি খেলিছিল আৰু নিজৰ প্ৰতিভাৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত বিশেষ স্থান অধিকাৰ কৰিছিল । নিজৰ সময়ৰ এক নিৰ্ভৰযোগ্য অল-ৰাউণ্ডাৰ বাদল ঠাকুৰে ৰঞ্জী ট্ৰফীৰ ১৭খন খেলত অসমক প্ৰতিনিধিত্ব কৰি ৫৬৬ ৰাণ সংগ্ৰহ কৰি ২৬টা উইকেট দখল কৰে ।
১৯৫২-৫৩ চনত ওড়িশাৰ বিৰুদ্ধে অভিষেক ঘটোৱা বাদল ঠাকুৰে পিছলৈ গৌৰৱ আৰু নিষ্ঠাৰে অসম দলটোক নেতৃত্ব দিয়াৰ গৌৰৱ লাভ কৰিছিল । ভাৰতীয় ক্ৰিকেটলৈ তেওঁৰ অৱদান কেৱল ইয়াতে সীমাবদ্ধ নাছিল; তেওঁ ১২ বছৰ ধৰি ৰে'লৱেকো প্ৰতিনিধিত্ব কৰিছিল ।
প্ৰবীণ ক্ৰিকেটাৰগৰাকীৰ মৃত্যুত অসম ক্ৰিকেট সন্থাইও শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক : নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ'ব শিল্পী সমৰ হাজৰিকাক

